উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত “প্ৰাক ভোগালী উৎসৱ” সম্পন্ন

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ উত্তৰ গুৱাহাটীৰ শংকৰদেৱ শিশু নিকেতন প্ৰাংগণত প্ৰাক ভোগালী উৎসৱৰ আয়োজন কৰা হয়। উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰী, আচাৰ্য আচাৰ্যা তথা অভিভাৱকসকলৰ মাজত পিঠাপনা বনোৱাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। লগতে ছাত্ৰ-ছাত্ৰী সকলক ভোগালী বিহুত পালন কৰা বিভিন্ন পৰম্পৰাগত খেল, ৰীতি-নীতি আচাৰ-ব্যৱহাৰ ইত্যাদিৰ পৰিচয় কৰাই দিয়া হয়।

প্ৰধান আচাৰ্য উৎপল তালুকদাৰ আৰু পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে উন্মোচন কৰা বাৰেৰহণীয়া অনুষ্ঠানত মহিমা তালুকদাৰে আকস্মিক বক্তৃতা প্ৰতিযোগিতাত চুড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে। ইয়াৰ পিছতে নিকেতনৰ প্ৰচাৰ আৰু প্ৰসাৰত বিশেষ ভূমিকা গ্ৰহণ কৰাৰ আচাৰ্যা কমলা বৰ্মনক সম্বৰ্ধনা জনোৱা হয়।

আজি থলুৱা পিঠা পনা প্ৰদৰ্শনীৰ বিচাৰক হিচাপে উপস্থিত  আছিল উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যাপিকা প্ৰতিমা বৰুৱা, ৰাগশ্ৰী সংগীত মহাবিদ্যালয় অধ্যক্ষা পিংকুমনি চৌধুৰী আৰু সমাজসেৱিকা ভানুমতি দাস ।

প্ৰতিযোগিতাখনিত ১০ গৰাকী প্ৰতিযোগীক পুৰস্কৃত কৰা হয়। থলুৱা পিঠা পনা প্ৰতিযোগিতাৰ চুঢ়ান্ত বিজয়ী সকল ক্ৰমে প্ৰথম পুৰস্কাৰ কৃশাঙ্গী বৰুৱা, দ্বিতীয় পুৰস্কাৰ গীতালী পাঠক, তৃতীয় পুৰস্কাৰ তাপসী গোস্বামী, চতুৰ্থ পুৰস্কাৰ দীক্ষিতা তামুলী, পঞ্চম পুৰস্কাৰ কঙ্কনা কলিতা, ষষ্ঠ পুৰস্কাৰ আকাঙ্ক্ষা দিহিঙ্গীয়া, সপ্তম পুৰস্কাৰ মেঘনা দাস, অষ্টম পুৰস্কাৰ মঞ্জিতা হাজৰিকা, নৱম পুৰস্কাৰ লক্ষ্মী বুঢ়াগোহাঁই, দশম পুৰস্কাৰ মধুস্মিতা দাসে লাভ কৰে।

আজি অনুষ্ঠিত আন এক আকৰ্ষণীয় প্ৰতিযোগিতা অনুষ্ঠিত হয় বিহুৱতী প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত দুগৰাকী প্ৰতিযোগীক শ্ৰেষ্ঠ হিচাপে পুৰস্কৃত কৰা হয়। শ্ৰেষ্ঠ বিহুৱতী দুগৰাকী হ’ল আকাংশা দিহিঙ্গীয়া আৰু ধৃতিস্মিতা বৈশ্য।

শেষত প্ৰতিযোগিতাখনৰ সঞ্চালক উপপ্ৰধান আচাৰ্য জগদীশ শৰ্মাই কয় যে এনে প্ৰতিযোগিতাৰ সফলতাই নৱপ্ৰজন্মক অসমীয়া সংস্কৃতিৰ লগত নিজকে খাপ খুওৱাৰ উপৰি সমাজৰ অন্য শ্ৰেণীৰ লোককো উৎসাহিত কৰিব বুলি দোহাৰে।