নাৰীশক্তি আগবাঢ়িলে সমাজ শক্তিশালী হ’ব

ৰাজগড়ৰ দুর্গা মন্দিৰ ভোগঘৰৰ আধাৰশিলা স্থাপন মৃণালিনী দেৱীৰ

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ ৰাজগড়বাসীৰ এটা দীর্ঘদিনীয়া সপোন অৱশেষত বাস্তৱ হোৱাৰ পথত৷ বুধবাৰে ৰাজগডস্থিত ৰাজহুৱা দুর্গা মন্দিৰৰ ভোগঘৰৰ আধাৰশিলা স্থাপন কৰি স্থানীয় ৰাইজৰ সপোন পূর্ণ কৰে অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীয়ে৷ এক মাংগলিক অনুষ্ঠানৰ মাজত এই আধাৰশিলা স্থাপন কৰে উপ–সভাপতি মৃণালিনী দেৱীয়ে৷ এই আধাৰশিলা স্থাপনৰ পিছতে নিজৰ ভাষণ প্রসংগত মৃণালিনী দেৱীয়ে কয় যে নাৰী অবিহনে দেশ, সমাজ আধৰুৱা৷ আজি নাৰীশক্তি আগবাঢ়িলে সমাজ শক্তিশালী হ’ব৷ একেদৰে ভাষণ প্রসংগত মৃণালিনী দেৱীয়ে নতুন প্রজন্মক আধ্যাত্মিকতাৰ ফালে অধিক আগ্রহী হ’বলৈ পৰামর্শ আগবঢ়ায়৷

উল্লেখ্য যে প্রায় ১২ লাখ টকা ব্যয়সাপেক্ষে নির্মাণ কৰা হ’ব এই ভোগঘৰটো৷ ৰাইজৰ দান–বৰঙণিৰে নির্মাণ কৰা হ’ব এই ভোগঘৰটো৷ অহা ৬ মাহৰ ভিতৰত এই ভোগঘৰটো নির্মাণৰ কাম সম্পূর্ণ হ’ব বুলি মন্তব্য কৰে মন্দিৰ পৰিচালনা সমিতিয়ে৷ এই আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ অভিজিৎ শর্মা৷ অনুষ্ঠানৰ আঁত ধৰে সৌন্দর্য বিশেষজ্ঞ মালা মহন্তই৷