আজিলৈ পকী নহল ৰাণীৰ এখন বাহৰ দলংৰ

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ   দক্ষিণ কামৰূপৰ পলাশবাৰী ৰাজহ চক্ৰৰ অধীনৰ কাশীগঙ্গা নামৰ ঐতিহাসিক নৈখনৰ ওপৰত আছে এখন বাহৰ দলং। মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাই বৰহেৰামদো সত্ৰ স্থাপন কৰিবলৈ এই নৈৰে নাৱেৰে ভটিয়াই আহিছিল। এই ঐতিহাসিক নৈখনৰ ওপৰত থকা দলংখন আজিলৈ নিৰ্মাণ নহল। নিৰ্বাচন আহে আৰু যায়।নিৰ্বাচন পাৰ হলে ঘুৰি চাবলৈ আহৰি নাপায় ৰাইজক। ৰাইজৰ সমস্যাক গুৰুত্ব দিবলৈ সময় নাই তেওঁলোকৰ। পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ এখন দলঙৰ বাবে হাহাকাৰ কৰিছে অঞ্চলটোৰ লোকে। দলং নহয় যেন মৰণফান্দ হে৷কেইটামান বাঁহৰ খুটা আৰু বাহ,তামোল আদি ফালি পাৰি দি কামিহাড়সদৃশ বাহৰ দলঙেৰে যাতায়ত কৰে উক্ত অঞ্চলৰ লোকে ৷

উল্লেখযোগ্য যে এই দলংখন আছে কামৰূপ গ্ৰাম্য জিলাৰ দুটাকৈ বিধানসভা সমষ্টিৰ সীমাত।দলংখনৰ এটা ফালে পশ্চিম গুৱাহাটী সমষ্টি আৰু আনফালে পলাশবাৰী সমষ্টি।ৰাণী উন্নয়ণ খণ্ডৰ দক্ষিণ ভোলাগাও পঞ্চায়তৰ অধীনৰ বৰপতিমাৰ ৰাজহ গাওৰ সৰুফুলগুৰিৰ এই দলংখন। স্বাধীনতাৰ পৰাই উন্নয়ন নহল এই অঞ্চলটোৰ দলংখন৷ যাতায়তৰ এই পয়ালগা অৱস্থাৰ বাবে অঞ্চলটোত প্ৰৱেশ নকৰে এম্বুলেন্স৷পথটোৰ অৱস্থাও বহুত বেয়া। বেমাৰ হলে ৰোগীক চিকিৎসালয়লৈ ঘুৰি ঘুৰি নিব লাগে ।এই ভঙা বাঁহৰ দলং খনৰ বাবে যমৰ যাতনা ভোগ কৰি আহিছে ৰাইজে।বহু বছৰ আগতে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বাহৰ দলংৰ পৰা কাঠৰ দলং কৰি দিছিল যদিও বাৰিষাৰ বানত উটুৱাই লৈ গৈছে।এনেক্ষেত্ৰত অঞ্চলটোৰ সচেতন ৰাইজে শীঘ্ৰে দলংখনৰ লগতে পথটোৰ উন্নয়ণ কৰিবলৈ অসম চৰকাৰক অনুৰোধ জনাইছে।