ৰাণীত মাটিৰ তলত শিৱলিংগ উদ্ধাৰ : ৰাইজৰ পূজা-অৰ্চনা

 

মহানগৰ বাৰ্তা, আজাৰা,৩ ডিচেম্বৰ :পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত ৰাণী বিক্রমপুৰ কেন্দৱৰী গাওত আজি মাটিৰ তলত এটি শিৱলিংগ উদ্ধাৰ হয় ।জানিব পৰামতে অঞ্চলটোত এজন লোকে পথাৰৰ পৰা ধান কাটি লৈ আনি থকা অৱস্থাত হঠাৎ উজুৱতী খোৱাত প্ৰত্যক্ষ কৰে শিৱলিংগটো । তাৰপিছতে উক্ত ঠাইলৈলানি নিছিঙা সোত লাগে ভক্তৰ । উল্লেখ্য যে অঞ্চলটোত ১৯৮৯ চনত স্থাপিত হোৱা শিৱ মন্দিৰৰ পিছফালে উদ্ধাৰ হৈছে এই শিৱলিংগটো । তাৰপিছত স্থানীয় মহিলা সকলে ধুপ ধুনা নৈবেদ্য আগবঢ়াই লগতে মহিলা সকলে নাম প্ৰসংগ কৰে ।