প্লাজমা দান কেন্দ্রত নিউজ লাইভ, ভগ্নী চেনেলৰ ১৫জন কর্মচাৰীৰ নাম পঞ্জীয়ন

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ প্লাজমা দান কৰিবলৈ এইবাৰ আগবাঢ়ি আহিল ক’ৰোনামুক্ত হোৱা ‘নিউজ লাইভ’ আৰু ভগ্নী চেনেলৰ ১৫গৰাকীকৈ কর্মচাৰী৷

সোমবাৰে জিএমচিএইচ প্রেক্ষাগৃহত ১০৮, ১০৪ৰ কর্মচাৰীসকলৰ লগতে বিভিন্ন চিকিৎসালয়ৰ স্বাস্থ্যকর্মীসকলৰ লগতে এই ১৫গৰাকী কর্মচাৰীৰ স্ক্রীনিং টেষ্ট সম্পন্ন কৰা হয়৷

পৰীক্ষাত যোগ্য বিবেচিত হ’লে এওঁলোকৰ প্লাজমা সংগ্রহ কৰা হ’ব৷ উল্লেখ্য যে আক্রান্ত হোৱাৰ ২৮ দিন পাছত এজন লোকে প্লাজমা দান কৰিব পাৰে৷