নুনমাটিৰ ঘাইপথত পুখুৰীসদৃশ গাঁতঃ দুর্ঘটনাৰ আশংকা

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰঃ স্মার্টচিটীৰ লেভেল লগাই উত্তৰ–পূবৰ দুৱাৰমুখ হিচাপে খ্যাত গুৱাহাটী মহানগৰীক সর্বাংগসুন্দৰ কৰাৰ বাবে বছৰি কোটি কোটি টকা ব্যয় কৰি আহিছে চৰকাৰে৷

ৰাইজৰ ধন শৰাধ কৰি এখনৰ পিছত এখন চৰকাৰে কেৱল ৰংচঙীয়া কৰাত গুৰুত্ব দি আহিছে মাথোঁ৷ কিন্তু মহানগৰীৰ পথসমূহৰ জৰাজীর্ণ অৱস্থাৰ প্রতি গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই৷ ফলত মহানগৰীৰ বহুকেইটা ঘাইপথ আজিও মেৰামতিৰ অভাৱত জৰাজীর্ণ হৈ পৰিছে৷ এনে এটা পথ হ’ল ফৰেষ্টগেটৰ পৰা নুনমাটি–চানমাৰি হৈ যোৱা মণিৰাম দেৱান পথটো৷

বিশেষকৈ কার্বনগেটৰ সমীপত থকা উৰণীয়া সেতুৰ পৰা নুনমাটি পেট্র’ল পাম্পলৈ প্রায় আঢ়ৈ কিঃমিঃ পথছোৱা বছৰৰ অধিক সময়েই অনুপযোগী হৈ থকা পৰিলক্ষিত হৈছে৷ শেহতীয়াকৈ এই পথছোৱাত অসংখ্য পুখুৰীসদৃশ গাঁতৰ সৃষ্টি হৈছে৷ ফলত যাতায়াতৰ ক্ষেত্রত জীয়াতু ভুগিবলগীয়া হৈছে পথছোৱাৰে অহা–যোৱা কৰা লোকসকলে৷

এইক্ষেত্রত নুনমাটি ছাত্র সন্থাৰ সভাপতি প্রাঞ্জল ডেকাই ক্ষোভ উজাৰি কয় যে বহু বছৰ ধৰি এই পথছোৱা জৰাজীর্ণ হৈয়ে আছে৷ গড়কাপ্ঢানী বিভাগৰ চৰম ব্যর্থতাৰ বাবে বছৰি মেৰামতি কৰে যদিও পুনৰ একে ৰূপ লয় পথটোৱে৷ পথছোৱা মেৰামতিৰ বাবে আছুৰ লগতে স্থানীয় বিভিন্ন দল–সংগঠনে একাধিকবাৰ পথ অৱৰোধ কার্যসূচী ৰূপায়ণ কৰিবলগীয়া হৈছে৷

এইক্ষেত্রত অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ মহানগৰ জিলা সভাপতি প্রদীপ কলিতাই ক্ষোভ প্রকাশ কৰি কয় যে নুনমাটিৰ এই পথছোৱা বিভাগৰ একাংশ বিষয়া–কর্মচাৰী আৰু ঠিকাদাৰৰ খীৰতীগাই হৈ পৰিছে৷

নিম্ন মানৰ কামৰ জৰিয়তে সঘনাই মেৰামতি দেখুৱাই ঠিকাদাৰ–বিষয়াই পকেট গৰম কৰাৰ সুবিধা কৰি লোৱা বুলি অভিযোগ কৰিছে সভাপতিগৰাকীয়ে৷ এই পথছোৱা শীঘ্রে মেৰামতি কৰাৰ দাবী জনাইছে আছু আৰু যুৱ–ছাত্র পৰিষদে৷