নিয়মীয়া বার্তা, ২৩ ছেপ্টেম্বৰঃ গড়চুক থানাৰ অন্তর্গত গুপ্তা মার্বলছৰ সন্মুখত সংঘটিত চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড ঋষিৰাজ ৰাভাক মহানগৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
এচিপি নন্দিনী কাকতিৰ নেতৃত্বত যোৱা এটা দলে চানডুবিৰ থাংগাৰ গাঁৱৰ পৰা ঋষিৰাজক গ্রেপ্তাৰ কৰাৰ লগতে ডকাইতি কাণ্ডত ব্যৱহূত এ এছ–০১–ডিআৰ–১১২০ নম্বৰৰ আই টেন বাহনখনো জব্দ কৰে৷
উল্লেখ্য যে যোৱা ২৮ আগষ্টত শূন্যলৈ গুলীচালনা কৰি ডকাইতৰ দলটোৱে গুপ্তা মার্বলছৰ স্বত্বাধিকাৰী পৰা এটা ছুটকেছ কাঢ়ি নিছিল৷ আৰক্ষীৰ জেৰাত ধৃত ঋষিৰাজে এই ডকাইতি কেনেদৰে পৰিকল্পনা কৰিছিল সেই কথা স্বীকাৰ কৰিছে৷
ইফালে এই ডকাইতিৰ লগত জড়িত আন এক সহযোগী নীতিশ বসুমতাৰীক কেইদিনমান পূর্বে আন এক গোচৰৰ ভিত্তিত ৰঙিয়া আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ লগতে দুটা পিষ্টল জব্দ কৰিছিল৷