মুকলিৰ ৪৮ ঘণ্টা নৌহওঁতেই বিকল ৰোপ ৱে’

নিয়মীয়া বাৰ্তা, ২৬ আগষ্টঃ অসমৰ যাতায়াত ব্যৱস্থাত এক নতুন অধ্যায়ৰ সংযোজন ঘটাই মঙলবাৰে মুকলি কৰা হৈছিল ব্রহ্মপুত্রৰ ওপৰেৰে গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী ৰোপ ৱে’৷ নদীৰ ওপৰেৰে নির্মাণ কৰা এইটোৱে হ’ল দেশৰ ভিতৰত আটাইতকৈ বেছি দৈর্ঘ্যৰ ৰোপ ৱে’৷ যাৰ দৈর্ঘ্য ২ কিলোমিটাৰ৷

কিন্তু মুকলিৰ ৪৮ ঘণ্টা নৌহওঁতেই বিকল হৈ পৰিল ৰোপ ৱে’৷ যান্ত্ৰিক বিজুতিৰ বাবে বিকল হোৱা বুলি জানিব পৰা গৈছে ৰোপ ৱে’৷

উল্লেখ্য যে কেব্ল কাৰত একেলগে ৩০গৰাকী যাত্রী উঠাৰ সুবিধা আছে যদিও ক’ভিড প্রট’কলৰ বাবে বর্তমান এবাৰত ১৫গৰাকী যাত্রীকহে যাত্রা কৰিবলৈ দিয়া হ’ব৷

DR. HIMANTA BISWA SARMAFeatured