শদিলাপুৰ ঘাটত প্রকাণ্ড মৃত শিহু উদ্ধাৰ

নিয়মীয়া বাৰ্তা ১০ এপ্ৰিলঃ ব্রহ্মপুত্রৰ শৰাইঘাট দলঙৰ পশ্চিম দিশত পাণ্ডু শদিলাপুৰ ঘাটত আজি পুৱা এটা মৃত শিহু উদ্ধাৰ হোৱা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ স্থানীয় লোকে পুৱা মৃত শিহুটো প্রত্যক্ষ কৰি পাণ্ডুৰ নদী আৰক্ষীক অৱগত কৰে৷ নদী আৰক্ষীয়ে বিষয়টো বন বিভাগত অৱগত কৰে৷ বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ প্রায় ৩ কুইণ্টল ওজনৰ শিহুটো উদ্ধাৰ কৰি লংকেশ্বৰস্থিত খণ্ড বিষয়াৰ কার্যালয়লৈ আনে৷ শিহুটোৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত সমাধিস্থ কৰা হয়৷ পশু চিকিৎসকে সন্দেহ কৰা মতে শিহুটোৰ তল পেট আৰু দেহৰ দুই এঠাইত আঘাতৰ চিন থকালৈ চাই ভুটভুটি বা ফেৰীত খুন্দা খাই আঘাত পোৱাৰ বাবে মৃত্যু হ’ব পাৰে৷