নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ গুৱাহাটী মহানগৰীৰ সুচল যাতায়াত ব্যৱস্থা আৰু যান–জঁটৰ সমস্যা সমাধানৰ বাবে ন্যায়ালয়ৰ নির্দেশ অনুসৰি গুৱাহাটী স্মার্ট চিটী লিমিটেডে যাৱতীয় কাম–কাজ আৰম্ভ কৰা বুলি ন্যায়ালয়ত শপতনামা দাখিল কৰিছিল৷ লগতে ৪৫ দিনৰ ভিতৰত গুৱাহাটী মহানগৰীত চিচি টিভি সংস্থাপনৰ কাম–কাজ সম্পূর্ণ কৰা হ’ব বুলিও উল্লেখ কৰিছিল৷
গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা ৭২/২০১৬ নম্বৰৰ এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানিত গুৱাহাটী স্মার্ট চিটী লিমিটেডৰ পৰিচালন সঞ্চালকে চলিত বর্ষৰ মার্চ মাহতে ন্যায়ালয়ত শপতনামা দাখিল কৰিছিল৷ যোৱা ১৭ নৱেম্বৰত উক্ত ৰাজহুৱা স্বার্থজড়িত আবেদনখনৰ শুনানি গ্রহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে গুৱাহাটী মহানগৰ উন্নয়ন বিভাগক শীঘ্রে স্মার্ট চিটীৰ নিবিদা প্রক্রিয়া সম্পূর্ণ কৰাৰ নির্দেশ জাৰি কৰে৷
লগতে অহা ১৭ ডিচেম্বৰৰ ভিতৰত নিবিদাৰ স্থিতি সন্দর্ভত ন্যায়ালয়ত শপতনামা দাখিল কৰাৰ নির্দেশ দিয়ে৷ গুৱাহাটী মহানগৰ উন্নয়ন বিভাগৰ হেমাহিৰ বাবেই স্মার্ট চিটীৰ নিবিদা প্রক্রিয়া সম্পূর্ণ নোহোৱাৰ তথ্য ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হৈছে৷
আনহাতে, গুৱাহাটী মহানগৰীৰ মাজমজিয়াত থকা ফাঁচীবজাৰ আৰু মাছখোৱাৰ পাইকাৰী বজাৰসমূহে সৃষ্টি কৰা যান–জঁটৰ প্রসংগ ন্যায়ালয়ে চালি–জাৰি চাইছে৷ সেই অনুসৰি শেহতীয়াকৈ পাইকাৰী বজাৰ, ব্যৱসায়ী, হকাৰ, দোকানীয়ে বেদখল কৰি থোৱা ৰাজহুৱা পথসমূহ মুকলি কৰিবলৈও গুৱাহাটী উচ্চ ন্যায়ালয়ে মুখ্য সচিবক কঠোৰ নির্দেশনা জাৰি কৰিছে৷
শেহতীয়াকৈ উচ্চ ন্যায়ালয়ত দাখিল কৰা শপতনামাত পাইকাৰী বজাৰসমূহ মহানগৰীৰ ভিতৰৰ পৰা ছয়গাঁও, সোণাপুৰ আৰু চাংসাৰিলৈ নিয়াৰ বাবে ইতিমধ্যে প্রশাসনে অনুমতি দিয়া বুলিও উল্লেখ কৰিছে৷