আদাবাৰী–ফাঁচীবজাৰ– অত্যাধুনিক ডাম্পিং গ্রাউণ্ডৰ অভিলাষী প্রকল্প

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰ: ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণৰ নির্দেশনা অনুসৰি দীপৰ বিলৰ পাৰৰ বৰাগাঁৱৰ ডাম্পিং গ্রাউণ্ড বন্ধ কৰিছিল গুৱাহাটী পৌৰ নিগমে৷ ইয়াৰ পিছতে চন্দ্রপুৰকে ধৰি কেইবাটাও স্থানত ডাম্পিং গ্রাউণ্ড স্থাপনৰ বাবে পৌৰ নিগম কর্তৃপক্ষই যো–জা চলাইছিল৷ কিন্তু ৰাইজৰ প্রতিবাদত চন্দ্রপুৰ তাপবিদ্যুৎ প্রকল্পৰ ভূমিত ডাম্পিং গ্রাউণ্ড স্থাপনৰ সিদ্ধান্ত বাতিল কৰিছিল৷ চৰকাৰৰ হস্তক্ষেপত পৌৰ নিগম কর্তৃপক্ষই বৰাগাঁৱৰ বেলৰতলৰ ১০ বিঘা ভূমিত ডাম্পিং গ্রাউণ্ড স্থাপন কৰিছিল৷ কিন্তু এই কম পৰিসৰৰ ভূমিত মহানগৰীত প্রতিদিনে ওলোৱা ৫০০ টন আৱর্জনা পেলোৱাটো সম্ভৱপৰ নহয়৷ সেয়েহে পৌৰ নিগম কর্তৃপক্ষই বেলৰতলত ৩৫ কোটি টকীয়া অত্যাধুনিক আৱর্জনা নিষ্কাশন প্রকল্প স্থাপনৰ বাবে আঁচনি গ্রহণ কৰিছে৷ প্রতিদিনে ওলোৱা ৫০০ টন আৱর্জনা বিজ্ঞানসন্মতভাৱে নিষ্কাশন কৰাৰ বাবে অত্যাধুনিক সৰু সৰু ডাম্পিং গ্রাউণ্ড স্থাপনৰ বাবে আঁচনি গ্রহণ কৰিছে পৌৰ নিগমে৷

মহানগৰীৰ আদাবাৰী, ফঁচীবজাৰ, পুৰণি জে’ল চৌহদ আৰু মঠঘৰীয়াত পৌৰ নিগমে বিজ্ঞানসন্মতভাৱে ষ্টেটিক ৰিফিউজ ট্রেন্সফাৰ ষ্টেচন নির্মাণৰ আঁচনি গ্রহণ কৰিছে৷ এই তিনিটা স্থানত নির্মাণ হ’বলগীয়া অত্যাধুনিক ষ্টেটিক ৰিফিউজ ট্রেন্সফাৰ ষ্টেচনৰ বাবে ইতিমধ্যে পৌৰ নিগম কর্তৃপক্ষই নিবিদা আহ্বান কৰিছিল৷ কিন্তু কাৰিকৰী আৰু বিভিন্ন কাৰণত এই নিবিদা বাতিল কৰা হৈছে যদিও পুনৰ এই নিবিদা শীঘ্রে পৌৰ নিগম কর্তৃপক্ষই আহ্বান কৰিব বুলি নিগমৰ এক শীর্ষ সূত্রই জানিবলৈ দিছে৷ আদাবাৰীৰ ৩ বিঘা ভূমিত প্রায় ১৮ কোটি, ফাঁচীবজাৰৰ পুৰণি জে’লৰ ২ বিঘা ভূমিত প্রায় ১৯ কোটি আৰু মঠঘৰীয়াত ১ বিঘা ভূমিত প্রায় ১২ কোটি টকা ব্যয়েৰে অত্যাধুনিক ষ্টেটিক ৰিফিউজ ট্রেন্সফাৰ ষ্টেচন নির্মাণ হ’ব৷ পূর্বৰ নিবিদা বাতিল কৰাত ষ্টেটিক ৰিফিউজ ট্রেন্সফাৰ ষ্টেচন নির্মাণৰ বাবে ধার্য কৰা পুঁজিৰ পৰিমাণ এইবাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি নিগমৰ শীর্ষ সূত্রটোৱে জানিবলৈ দিছে৷

উল্লেখ্য যে বেলৰতলৰ ডাম্পিং গ্রাউণ্ড স্থাপনৰ পিছতে স্থানীয় ৰাইজে ইয়াৰ বিৰোধিতা কৰি এতিয়াও প্রতিবাদ অব্যাহত ৰাখিছে৷ তেনেস্থলত জনবসতিপূর্ণ এলেকা আদাবাৰী, ফাঁচীবজাৰৰ পুৰণি জে’ল আৰু মঠঘৰীয়াত আৱর্জনা নিষ্কাশনৰ বাবে অত্যাধুনিক ষ্টেটিক ৰিফিউজ ট্রেন্সফাৰ ষ্টেচন নির্মাণৰ পৰিকল্পনা কিমান গ্রহণযোগ্য হ’ব সেয়াও চিন্তনীয় বিষয়৷ লক্ষণীয় যে বেলৰতলৰ ডাম্পিং গ্রাউণ্ড স্থাপনৰ নামত ১০ বিঘা ভূমি পোতাৰ নামত বেংক বিষয়াক হত্যাত অভিযুক্ত ছাদ্দাম হুছেইনৰ দৰে ব্যক্তিক ঠিকা প্রদান কৰি লুণ্ঠন চলোৱা নিগমৰ দুর্নীতিগ্রস্ত অভিযন্তাৰ তত্ত্বাৱধানত সৰু সৰুকৈ অত্যাধুনিক পদ্ধতিৰে মহানগৰীত প্রতিদিনে ওলোৱা ৫০০ টন আৱর্জনা নিষ্কাশনৰ বাবে পৌৰ নিগমে লোৱা আঁচনিখন কিমান ফলপ্রসূ হয়, সেয়া সময়তহে লক্ষণীয় হ’ব৷