ক’ৰোনাই ম্লান কৰিলে বিশ্বকর্মা পূজা–দুর্গোৎসৱৰ আনন্দ

জীৱন–জীৱিকাৰ সংগ্রামত অন্ধকাৰ দেখিছে মৃণ্ময় মূর্তিৰ শিল্পীয়ে

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ  মহামাৰীৰ ৰূপ লোৱা ক’ভিড–১৯ৰ ভয়াৱহতাই ম্লান কৰিলে বিশ্বকর্মা পূজা আৰু দুর্গোৎসৱৰ আনন্দ৷ বিশ্বকর্মা পূজালৈ মাজত মাত্র এটা দিন৷ এইবাৰ আড়ম্বৰপূর্ণভাৱে জাকজমকতাৰে উদ্যাপন নকৰে বিশ্বকর্মা পূজা৷ ক’ভিড–১৯ৰ চৰকাৰী নীতি–নির্দেশনা মানি সকলোৱে অনুষ্টুপীয়াকৈ বিশ্বকর্মা পূজা উদ্যাপনৰ যো–জা চলাইছে৷ ক’ভিড–১৯ৰ বাবে সৃষ্টি হোৱা পৰিৱেশৰ বাবেই জীৱন–জীৱিকাৰ বাবে সংগ্রাম কৰিবলগীয়া হৈছে মৃৎশিল্পীসকলে৷ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰ মৃৎশিল্পীসকলে এইবাৰ বিশ্বকর্মা পূজা আৰু দুর্গাপূজাৰ মূর্তি নির্মাণৰ অর্ডাৰ লাভ কৰা নাই৷ ফলত পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্রত মৃৎশিল্পীসকলে বিভিন্ন অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ মালিগাঁৱৰ পাণ্ডুৰ দীপিকা পাল নামৰ মৃৎশিল্পীগৰাকীয়ে ‘নিয়মীয়া বার্তা’ক জানিবলৈ দিয়া মতে ক’ভিড–১৯ৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰ বাবেই বিশ্বকর্মাৰ মূর্তি আৰু দুর্গাপূজাৰ প্রতিমা নির্মাণৰ এটাও অর্ডাৰ লাভ কৰা নাই৷ বিগত ২০ বছৰ ধৰি প্রতিমা নির্মাণ কৰি পৰিয়াল পোহপাল দি অহা এইগৰাকী মৃৎশিল্পীয়ে বিশ্বকর্মা পূজা উপলক্ষে ৪০টা মূর্তি নির্মাণ কৰিছে৷ কিন্তু এতিয়ালৈকে এটাও বিক্রী হোৱা নাই৷ ২–৩ ফুট উচ্চতাৰ সৰু সৰু বিশ্বকর্মাৰ মূর্তি নির্মাণ কৰিছে৷ দুইৰ পৰা ৩ হাজাৰ টকা মূল্যৰ এই মূর্তি নির্মাণ কৰি গ্রাহকৰ অপেক্ষাত থকা মৃৎশিল্পীগৰাকীয়ে এটাও মূর্তি বিক্রী কৰিব নোৱাৰি হতাশাত ভুগিছে৷ ভাৰাঘৰত থাকি মূর্তি নির্মাণ কৰি পৰিয়াল পোহপাল দিয়া মৃৎশিল্পীগৰাকীৰ দৰেই অৱস্থা আন আন মৃৎ শিল্পীসকলৰো৷ ক’ভিড–১৯ৰ বাবেই মৃৎ শিল্পীসকলৰ জীৱনলৈ অন্ধকাৰ নামি আহিছে৷ ৰাজ্য চৰকাৰে এই মৃৎশিল্পীসকলৰ সমস্যাসমূহ সমাধানৰ বাবে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷