কাইলৈ কামৰূপ (মহানগৰ) জিলাত ড্ৰাই ডে ঘোষণা

নিয়মীয়া বাৰ্তা, ২৫ ছেপ্টেম্বৰঃ কাইলৈ কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে ঘোষণা কৰিছে প্ৰশাসনে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উপলেক্ষে এই ঘোষণা কৰে প্ৰশাসনে। কামৰূপ জিলা উপায়ুক্তই এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে। অৰ্থাত কাইলৈ সকলো সুৰাৰ বিপনী বন্ধ থাকিব জিলাখনত।