জুবিনক আক্রমণকাৰীৰ সন্ধানত অভিযান অব্যাহত

নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ বুধবাৰে মাজনিশা জনপ্রিয় কণ্ঠশিল্পী জুবিন গার্গক আক্রমণ কৰা ঘটনাত জড়িত দুর্বৃত্তক এতিয়াও কৰায়ত্ত কৰিব পৰা নাই মহানগৰ আৰক্ষীয়ে৷ ঘটনাৰ মূল অভিযুক্ত এন এছ ইউ নেতা হীৰক ৰাজবংশীসহ তেওঁৰ সহযোগীসকলে এতিয়াও পলাতক হৈয়ে আছে৷ দিছপুৰ থানাৰ আৰক্ষীয়ে কালিৰে পৰা অভিযুক্তৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও কোনো শুংসূত্র লাভ কৰিবলৈ সক্ষম হোৱা নাই৷

ইপিনে, বুধবাৰৰ নিশাৰ অনাকাংক্ষিত ঘটনা সন্দর্ভত আন এক তথ্য পোহৰলৈ আহিছে৷ জানিব পৰা মতে, বুধবাৰে মাজনিশা কার্ফিউ বলৱৎ হৈ থকাৰ মাজতো এন এছ ইউ আই নেতা হীৰকজ্যোতি ৰাজবংশীয়ে নিজৰ গাড়ী লৈ আন কেইবাজনো সহযোগীসহ মহানগৰীৰ ৰাজপথত টহল দি ফুৰিছিল৷ গণেশ মন্দিৰৰ সমীপত বালি কঢ়িওৱা ডাম্পাৰ এখনৰ লগত তেওঁলোকৰ সংঘাতৰ সূত্রপাত হয়৷ পথৰ মাজতে গাড়ী ৰাখি ট্রাক ড্রাইভাৰ আৰু হেণ্ডিমেনৰ লগত এন এছ ইউ আই নেতাকেইজনে দীঘলীয়া সময় ধৰি কাজিয়াত লিপ্ত হয়৷ তেনে সময়তে জু–ৰোড তিনিআলিত থকা ষ্টুডি’ৰ পৰা আহি উপস্থিত হয় জুবিন গার্গ৷ পথৰ মাজতে এইদৰে নিশা অপ্রীতিকৰ পৰিস্থিতি উদ্ভৱ হোৱাত জনপ্রিয় শিল্পীগৰাকীয়ে বিষয়টোত হস্তক্ষেপ কৰে৷ তাক লৈয়ে সুৰাপায়ী যুৱককেইজনে জুবিনৰ ওপৰত খর্গহস্ত হৈ পৰে আৰু অশ্রাব্য গালি–গালাজ কৰিবলৈ আৰম্ভ কৰে৷ ঘটনাৰ সিমানতে সামৰণি নপৰিল৷ জুবিন গার্গে সান্ধ্য আইনৰ মাজত কোনে তেওঁলোকক নিশা ঘূৰি ফুৰিবলৈ অনুমতি দিছে বুলি যুৱককেইজনক প্রশ্ণ কৰে৷

তেতিয়া সুৰাপায়ী যুৱককেইজনে অধিক আগ্রাসী হৈ জুবিন গার্গক কোনে অনুমতি দিছে বুলি ওলোটাই প্রশ্ণ কৰে আৰু প্রহাৰ কৰিবলৈ উদ্যত হয়৷ ইয়াৰ পাছতে পৰিস্থিতিৰ অধিক অৱনতি ঘটাত জুবিন গার্গে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিবলগীয়া হয়৷ আৰক্ষীয়ে এতিয়াও জুবিনৰ ওপৰত আক্রমণ নমাই অনা দুর্বৃত্তকেইজনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই৷