ভয়ংকৰ বিপদৰ আগজাননী

খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ পূর্ণ সমর্থনত দিছপুৰত এখন কর্মদক্ষ চৰকাৰ চলি থকাৰ সময়তে ২১ মে’ত বাংলাদেশী মূলৰ উন্মত্ত লোকে জ্বলাই দিলে বটদ্রৱা থানা৷ আৰক্ষীৰ জিম্মাত এজন লোকৰ মৃত্যুৰ প্রতিবাদৰ নামত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্রৱাত বাংলাদেশী মূলৰ লোকসকলে সৃষ্টি কৰা বিভীষিকা নিশ্চিতভাৱে ৰাজ্যখনৰ বাবে ভয়ংকৰ বিপদৰ আগজাননী৷ দেশে স্বাধীনতা লাভ কৰাৰ পূর্বৰে পৰা চুবুৰীয়া বাংলাদেশৰ পৰা চলি থকা অনুপ্রৱেশকাৰীৰ সমস্যা দিনকদিনে ভয়াৱহ হৈ উঠিছে৷ ৰাজ্যখনৰ পৰা অবৈধ বিদেশী লোকসকলক খেদি পঠিওৱাৰ বাবে তিনি দশক পূর্বে অসমবাসীয়ে ৬ বছৰ ধৰি আন্দোলন কৰিছিল৷ এই আন্দোলনত ৮৫৫গৰাকী শ্বহীদ হোৱাৰ লগতে চিৰজীৱনৰ বাবে ঘুণীয়া হৈছিল কেইবাসহস্র লোক৷ ছাত্র–ছাত্রীসকলে হেৰুৱাইছিল এটা মূল্যৱান শিক্ষাবর্ষ৷ ছবছৰীয়া অসম আন্দোলনৰ পৰিসমাপ্তিত ১৯৮৫ৰ ১৪ আগষ্টত অসম চুক্তি স্বাক্ষৰ হৈছিল যদিও ৰাজ্যখনৰ অবৈধ বিদেশী সমস্যাৰ সমাধান নহ’ল৷ ইয়াৰ বিপৰীতে চুবুৰীয়া বাংলাদেশৰ পৰা পূর্ণগতিত চলি আছে অনুপ্রৱেশ৷ বাংলাদেশী মূলৰ লোকসকলৰ এনে আগ্রাসনে বিগত পাঁচ দশকৰ ভিতৰত অসমৰ জনগাঁথনিকে সলনি কৰি দিলে৷ সম্প্রতি ৰাজ্যখনৰ ১২খন জিলাত বাংলাদেশী মূলৰ লোকৰ সংখ্যা ইমানেই বাঢ়িছে যে এই জিলাকেইখনত খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ লোকসকল দ্বিতীয় শ্রেণীৰ নাগৰিক হিচাপে জীৱন নির্বাহ কৰিবলগীয়া হৈছে৷ বাংলাদেশী মূলৰ লোকসকলৰ আগ্রাসনৰ বাবে ৰাজ্যখনৰ জনজাতীয় বেল্ট, ব্লক, সংৰক্ষিত বনাঞ্চল, চৰণীয়া পথাৰকে ধৰি সত্র তথা ধর্মানুষ্ঠানৰ ভূমিতো বেদখল চলিছে৷ নগাঁও আৰু মৰিগাঁও জিলাত বিগত তিনিটা দশকৰ ভিতৰত বাংলাদেশী মূলৰ লোকৰ আগ্রাসন ইমানেই বাঢ়িছে যে খিলঞ্জীয়া লোকসকলৰ নিৰাপত্তা নোহোৱা হৈছে৷ আনকি বাংলাদেশী মূলৰ সন্দেহযুক্ত লোকসকলে বেদখলৰ পৰা ৰেহাই দিয়া নাই মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্রৱাক৷ বটদ্রৱাৰ বেদখলী ভূমি উচ্ছেদৰ বাবে ৰাজ্য চৰকাৰ তথা প্রশাসনে ব্যৱস্থা লৈছিল যদিও সন্দেহযুক্ত লোকসকলে তেওঁলোকৰ ভয়ংকৰ চক্রান্ত অব্যাহত ৰাখিছে৷ বটদ্রৱা থানাত শনিবাৰে দিন–দুপৰতে বাংলাদেশী মূলৰ লোকসকলে চলোৱা আক্রমণৰ অন্তৰালত গভীৰ চক্রান্ত নিহিত থকাৰ আশংকা নুই কৰিব নোৱাৰি৷ কিয়নো থানাখনৰ আৰক্ষীৰ ওপৰত দলবদ্ধ আক্রমণ কৰাত ক্ষান্ত নাথাকি বাংলাদেশী মূলৰ লোকসকলে থানাখনৰ নথি–পত্রত অগ্ণিসংযোগ কৰিছিল৷ বটদ্রৱা থানাত অগ্ণিসংযোগৰ ঘটনাৰ সৈতে জড়িত কুৰিজনৰো অধিক লোকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ ইয়াৰে একাংশ লোক ড্রাগ্ছৰ বেহাকে ধৰি বিভিন্ন অপৰাধত জড়িত৷ এনে জঘন্য কাণ্ড সংঘটিত কৰা চক্রটো যিমানেই শক্তিশালী নহওক কিয়, ইয়াক কঠোৰ হাতেৰে দমন কৰিবই লাগিব ৰাজ্য চৰকাৰ তথা আৰক্ষী বিভাগে৷
আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই এই ঘটনাৰ অন্তৰালত আনছাৰুল্লাহ বাংলা নামৰ এটা মৌলবাদী সংগঠন জড়িত থকা বুলি ঘোষণা কৰিছে৷ আনছাৰুল্লাহ বাংলা দল (এ বি টি)–এ আল–কায়দাৰ সহযোগী সংগঠন ৰূপে কাম কৰি আহিছে৷ ১৯১৩ চনৰ পৰা বাংলাদেশত বিভিন্ন কূটাঘাতমূলক কাম–কাজত জড়িত কুখ্যাত সংগঠনটো পৰিচালিত হৈ আহিছে পাকিস্তানৰ পৰা৷ ২০১৫ চনৰ ২৫ মে’ত বাংলাদেশৰ এক দিন ডকাইতিত জড়িত সংগঠনটোৱে বাংলাদেশত ২০০৭ৰ পৰা বিভিন্ন এন জি অ’ৰ জৰিয়তে মৌলবাদী কাম–কাজৰ সম্প্রসাৰণ ঘটাইছিল৷ বিগত ৩–৪ বছৰৰ ভিতৰত আনছাৰুল্লাহ বাংলা দলে অসমৰ বাংলাদেশী মূলৰ অধ্যুষিত লোকৰ অঞ্চলত মৌলবাদী কাম–কাজ অব্যাহত ৰাখিছে৷ কেন্দ্র আৰু ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠনৰ পাছতে বাংলাদেশৰ আনছাৰুল্লাহ বাংলা দলে অসমতো এক ভয়ংকৰ জাল পেলোৱাৰ লক্ষ্যৰে চক্রান্ত চলাইছিল৷ অসমত বাংলাদেশ আৰু পাকিস্তানৰ মদতপুষ্ট জেহাদী সংগঠনৰ কাম–কাজ নতুন নহয়৷ ১৯৯৭তে অসমত মৌলবাদী জেহাদীৰ বৃহৎ চক্র এটা উৎখাত কৰিবলৈ সক্ষম হৈছিল ৰাজ্য চৰকাৰ৷ সেই সময়ত হৰকত–উল–মুজাহিদ্ আৰু হৰকত–উল–জেহাদৰ্ সৈতে জড়িত ৭৮জন লোকক গ্রেপ্তাৰ কৰাৰ উপৰি বুজন পৰিমাণৰ নথি–পত্র উদ্ধাৰ কৰা হৈছিল৷ ইয়াৰ ভিতৰত তিনিজন পাকিস্তান আৰু বাংলাদেশৰ নাগৰিকো আছিল৷ পৰৱর্তী সময়ছোৱাত ৰাজ্যখনৰ বাংলাদেশী মূলৰ লোক বসবাস কৰা একাংশ অঞ্চলত বিভিন্ন সংগঠনৰ নামত চলি আছে মৌলবাদী কার্যকলাপ৷ বিগত দুটা দশকত মৌলবাদী কাম–কাজত জড়িত ১১২জন লোকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ ৰাজ্যখনৰ পৰা মৌলবাদীৰ ঘাটি উৎখাতৰ বাবে অসম আৰক্ষীয়ে যিমানেই সজাগ হৈছে, সিমানেই ন ন পন্থা গ্রহণ কৰিছে বাংলাদেশী মূলৰ জেহাদীসকলে৷ বটদ্রৱা কাণ্ডক লৈ এছ আই টি গঠনৰ সিদ্ধান্ত লৈছে আৰু ৪৫ দিনৰ ভিতৰত তদন্ত সম্পূর্ণ কৰি ৬০ দিনত আদালতত অভিযোগনামা দাখিলৰ নির্দেশ দিছে ৰাজ্য চৰকাৰে৷ বটদ্রৱা কাণ্ডত জড়িত চক্রটোক দৃষ্টান্তমূলক শাস্তি প্রদান কৰিবই লাগিব৷ ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ মাজত জন্ম হোৱা নিৰাপত্তাহীনতা দূৰ কৰিবলৈ আৰু অসমৰ সুৰক্ষা নিশ্চিত কৰাৰ স্বার্থতে এইক্ষেত্রত কঠোৰতম পদক্ষেপ গ্রহণ কৰিব লাগিব ৰাজ্য চৰকাৰে৷