দিছপুৰ দখলৰ ৰাজনীতি

দেশৰ মুখ্য নির্বাচনী আয়ুক্ত সুনীল অৰোৰাই শুকুৰবাৰে অসমকে ধৰি দেশৰ পাঁচখন ৰাজ্যৰ বিধানসভা নির্বাচন ঘোষণা কৰাৰ লগে লগে ৰাজ্যখনৰ নির্বাচনী বতাহ ক্রমে উত্তপ্ত হ’বলৈ ধৰিছে৷ অহা ২৭ মার্চ, ১ এপ্রিল আৰু ৬ এপ্রিলত ৰাজ্যখনত অনুষ্ঠিত হ’ব লগা তিনিটা পর্যায়ৰ নির্বাচনক লৈ শাসক–বিৰোধী ৰাজনৈতিক দলৰ মাজত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে৷ প্রথম পর্যায়ত অনুষ্ঠিত হ’ব লগা ৪৭টা বিধানসভা সমষ্টিৰ মনোনয়ন দাখিলৰ অন্তিম সময়সীমা ৯ মার্চ৷ সেয়ে ৰাজনৈতিক দলসমূহৰ হাতত এতিয়া বেছি সময় নাই৷ এসপ্তাহৰ ভিতৰতে ৰাজ্যখনৰ প্রধান ৰাজনৈতিক দলসমূহে তেওঁলোকৰ প্রার্থীসমূহ বাছনি কৰিব লাগিব৷ দিছপুৰত এক দলীয় চৰকাৰ গঠন যে সম্ভৱ হৈ থকা নাই সেয়া ৰাজ্যখনৰ সচেতন ৰাইজৰ লগতে ৰাজনৈতিক দলসমূহৰ শীর্ষ নেতায়ো উপলব্ধি কৰিছে৷ ২০১৬ৰ বিধানসভা নির্বাচনত চমকপ্রদ সাফল্যৰ জৰিয়তে দিছপুৰৰ ক্ষমতা লাভ কৰা বিজেপিক সংগ দিছিল অসম গণ পৰিষদ (অগপ) আৰু হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফে৷ বিজেপিয়ে উক্ত নির্বাচনত পাঁচখন আসনৰ পৰা ৬০খন আসন লাভ কৰাৰ বিপৰীতে সহযোগী অগপই ১৪খন আৰু বিপিএফে লাভ কৰিছিল ১২খন আসন৷ এইবাৰ বিজেপি নেতৃত্বাধীন মিত্রজোঁটত অগপ থাকিলেও বিপিএফৰ বিপৰীতে নতুন সংগী হৈছে প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল৷ তিনিওটা ৰাজনৈতিক দলৰ মাজত মিত্রতা হ’লেও নির্বাচনত কোনটো দলে কিমান আসন লাভ কৰিব, সেয়া এতিয়াও নিশ্চিত হৈ উঠা নাই৷ আসনৰ ভাগ–বাটোৱাৰা মিত্রজোঁটৰ মাজত সহজসাধ্য হৈ থকা নাই৷ অগপৰ দখলত থকা একাংশ আসনত এইবাৰ বিজেপিয়ে প্রার্থী থিয় কৰাবলৈ তৎপৰ হৈছে৷ একেদৰে বিজেপিৰ দখলত থকা একাংশ আসনত দলীয় প্রার্থী যুঁজত নমাব বিচাৰিছে অগপ নেতৃত্বই৷ বিটিআৰৰ অন্তর্গত ১২টা বিধানসভা সমষ্টিত ইউপিপিএলে প্রার্থিত্ব বিচাৰিছে৷ বিজেপিয়েও বিটিআৰত দলীয় প্রার্থী থিয় কৰাবলৈ মন মেলিছে৷ এনে পৰিস্থিতিত তিনিওটা দলৰ তৃণমূল পর্যায়ৰ নেতা–কর্মীসকলক সন্তুষ্ট কৰিব পৰাকৈ আসনৰ ভাগ–বাটোৱাৰাৰ সমস্যা সমাধান কৰাটো দলীয় নেতাসকলৰ এক প্রত্যাহ্বান৷ এনে প্রত্যাহ্বান সফলতাৰে অতিক্রম কৰিব নোৱাৰিলে ক্ষুণ্ণ একাংশ প্রার্থিত্বপ্রত্যাশীয়ে অন্য দল অথবা নির্দলীয় প্রার্থীৰূপে নির্বাচনী যুঁজত নামিলে ভোট বিভাজনৰ জৰিয়তে শাসকীয় দলৰ প্রার্থী বিপদৰ সন্মুখীন হোৱাৰ আশংকা আছে৷
বিজেপি নেতৃত্বাধীন মিত্রজোঁটক ওফৰাই দিছপুৰত এখন বিকল্প চৰকাৰ গঠন কৰাটো যে সম্ভৱ নহয় সেয়া কংগ্রেছকে ধৰি বিৰোধী দলসমূহৰ নেতাই ভালদৰে বুজিছে৷ ২০০১ৰ পৰা একেৰাহে তিনিটাকৈ কার্যকাল দিছপুৰৰ ক্ষমতাত থকা কংগ্রেছৰ সাংগঠনিক ভেটি পূর্বৰ লেখীয়া শক্তিশালী হৈ থকা নাই৷ ২০১১ৰ বিধানসভা নির্বাচনত কংগ্রেছে ৭৮খন আসন লাভ কৰাৰ উপৰি সহযোগী বিপিএফে ১২খন আসনত জয়ী হৈছিল৷ কিন্তু কংগ্রেছৰ পূর্বৰ চৰকাৰৰ শেষ কার্যকালত অসমৰ ৰাইজ ইমানেই বিতশ্রদ্ধ হৈছিল যে ২০১৬ৰ নির্বাচনত কংগ্রেছে মাথোঁ ২৬খন আসনতহে জয়ী হ’বলৈ সক্ষম হৈছিল৷ বিগত সময়ছোৱাত কংগ্রেছৰ কেইবাজনো বিধায়ক তথা নেতাই বিজেপিত যোগদান কৰাৰ ফলত প্রধান বিৰোধী দলটোৰ নিষ্ঠাৱান নেতা–কর্মীসকলৰ মনোবল বহু পৰিমাণে ভাগি পৰিছে৷ এনে পৰিস্থিতিত কংগ্রেছে দীর্ঘদিন ধৰি মহাজোঁট গঠনৰ জৰিয়তে দিছপুৰৰ ক্ষমতা দখলৰ সপোন দেখিছে৷ মহাজোঁট গঠনৰ ক্ষেত্রত কংগ্রেছে আংশিকভাৱে লাভৱান হ’লেও ক্ষমতা দখলৰ জোখাৰে আগন্তুক নির্বাচনত যে শক্তি আহৰণ কৰাৰ কোনো লক্ষণ এতিয়ালৈ স্পষ্ট হোৱা নাই৷ কংগ্রেছৰ মহাজোঁটত বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফৰ অন্তর্ভুক্তিক কেন্দ্র কৰি দলটোৰ ভিতৰে–বাহিৰে তীব্র প্রতিক্রিয়া হৈছে৷ মহাজোঁটৰ অংশীদাৰ হ’লেও বাঁওপন্থী দলসমূহে ৰাজ্যখনত পূর্বৰ খোপনি হেৰুৱাইছে৷ শেহতীয়াকৈ হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফে মহাজোঁটত চামিল হৈছে যদিও দলটোৰ পূর্বৰ ভেটিত যথেষ্ট খহনীয়াৰ সৃষ্টি হৈছে৷ মহাজোঁটৰ পৃষ্ঠপোষক কংগ্রেছৰ শীর্ষ নেতাসকলৰ ব্যর্থতা এয়ে যে নৱগঠিত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ সমর্থন এতিয়াও আদায় কৰিব পৰা নাই৷ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে শেহতীয়াকৈ ৰাজ্যখনৰ বাংলাদেশী মূলৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত সাংগঠনিক ভেটি স্থাপন কৰিবলৈ সক্ষম হৈছে৷ ফলত এআইইউডিএফৰ স’তে মিত্রতা হ’লেও কংগ্রেছে মহাজোঁটৰ নামত ক্ষমতা দখলৰ ৰাজনীতিত এক নতুন প্রত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব৷