জেহাদীলৈ গৰুৰ চোৰাং বেহাৰ ধন

আন্তঃৰাষ্ট্রীয় সীমান্তৰে বাংলাদেশলৈ প্রতিনিয়ত হৈ থকা গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে প্রতিখন চৰকাৰে তর্জন–গর্জন ঠিকেই কৰে, কিন্তু বাস্তৱত সেয়া ফুটুকাৰ ফেন হৈ থাকে৷ লোকক দেখুৱাবলৈ দুদিনমান অভিযান চলে৷ অভিযানত ৰৌ–বৰালি ধৰা নপৰে৷ কেইজনমান সৰবৰাহকাৰীক আটক কৰা হয়৷ কাৰাগাৰলৈ প্রেৰণ কৰা হয়৷ তাৰ পিছত সকলো নীৰৱ৷ এই নীৰৱতা অথবা নির্লিপ্ততাৰ আঁৰ লৈ গৰুৰ চোৰাং ব্যৱসায়ীসকল দেশখনৰ বিৰুদ্ধে এটা ভয়ংকৰ অপৰাধত লিপ্ত হৈ পৰিছে৷ চোৰাং বেহাৰ জৰিয়তে অর্জিত ধন গৈছে দেশবিৰোধী শক্তিৰ ভঁৰাললৈ৷ সেই ধন ব্যৱহাৰ হৈছে ভাৰতত জেহাদত উদগনি দিয়াত৷ বিশেষকৈ পশ্চিমবংগ, অসমত জেহাদী কার্যকলাপ চলাই থকা অপশক্তিসমূহক অস্ত্রকে ধৰি বিভিন্ন ক্ষেত্রত সহায়ক হোৱাকৈ গৰুৰ চোৰাং ব্যৱসায়ৰ পৰা যোগান ধৰা হৈছে বুজন পৰিমাণৰ ধন৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে বাংলাদেশলৈ মূলতঃ পশ্চিমবংগ, অসম, মেঘালয় সীমান্তৰে চোৰাংভাৱে গৰু চালান দিয়া হয়৷ চোৰাং গৰুবোৰ প্রধানতঃ অনা হয় মধ্য, পূব ভাৰতৰ ৰাজ্যকেইখনৰ পৰা৷ তাৰে এটা অংশ পশ্চিমবংগৰ সীমান্তৰে প্রতিৱেশী ৰাষ্ট্রখনলৈ অবৈধভাৱে সৰবৰাহ কৰা হয়৷ আন এটা অংশ শ্রীৰামপুৰ–ছাগলীয়া সীমান্তৰে অসমলৈ আনি বাংলাদেশলৈ চালান কৰা হয়৷ অবৈধ ব্যৱসায়টো মেঘালয়, অসমৰ বাংলাদেশ সীমান্তৱর্তী জিলাকেইখনৰ বিভিন্ন পথেৰে চলি থাকে৷ গো–ধনৰ এই ব্যৱসায়টোক ইচ্ছা কৰিলেই সম্পূর্ণ ৰূপে বন্ধ কৰিব পাৰে৷ বিশালকায় জীৱন্ত প্রাণীবিধ পকেটত সুমুৱাই চালান কৰিব নোৱাৰি৷ চকু মুদি নাথাকিলে যিকোনো সতর্ক–সচেতন লোকৰ চকুত সেইটো ধৰা পৰিবই৷ তদুপৰি, সীমান্তৰ সকলো অংশৰে গৰুৰ অবৈধ সৰবৰাহ নহয়৷ নির্দিষ্ট অংশ কিছুমানেৰে সৰবৰাহ কৰা হয়৷ সমগ্র অবৈধ ব্যৱসায়টোত সীমান্তৱর্তী অঞ্চলৰ একাংশ লোকৰ সহযোগিতা থাকে৷ তেনে লোকৰ ঠিকনা–পৰিচয় উলিওৱাটো আৰক্ষী বিভাগৰ বাবে বিশেষ টান কাম নহয়৷ সিমানখিনি ‘নেটৱর্ক শক্তি’ আৰক্ষী বিভাগৰ হাতত থাকে৷ লগতে বহিঃৰাজ্যৰ পৰা অসম নতুবা পশ্চিমবংগত প্রৱেশ পথতে তেনে গৰুৰ সৰবৰাহ বন্ধ কৰিব পাৰি৷ সীমান্তলৈ গৰু লৈ যাবই নোৱাৰে৷ কিন্তু অবৈধ ব্যৱসায়টো চলি থাকে৷

শেহতীয়াকৈ যোৱা ২৩ ছেপ্ঢেম্বৰত পশ্চিমবংগত চি বি আয়ে চলোৱা অভিযানত অবৈধ ব্যৱসায়টোৱে দেশখনলৈ কিদৰে ভয়াৱহ সংকটৰ সৃষ্টি কৰিবলৈ লৈছে, সেয়া পোহৰলৈ আহে৷ চি বি আয়ে কলকাতা, মুর্শিদাবাদ, শিলিগুৰিসহ ৰাজ্যখনৰ কেইবাস্থানতো অভিযান চলাই অবৈধ বেহাটোৰ পৰা জেহাদী অপশক্তিৰ হাতলৈ ধন যোৱাৰ তথ্য লাভ কৰিছে৷ এইটো ভাৰতৰ বাবে চিন্তাৰ বিষয়৷ দেশখনত আইছিছ, অল কায়দাকে ধৰি বিভিন্ন জেহাদী–সন্ত্রাসবাদী সংগঠনে খোপনি পুতিবলৈ চেষ্টা চলাই আছে৷ মাথোঁ কেইদিনমান পূর্বে পশ্চিমবংগত অল কায়দাৰ ছজন সন্ত্রাসবাদী ধৰা পৰিছে৷ তদুপৰি, বাংলাদেশৰ ভূমিৰ পৰা পশ্চিমবংগ আৰু অসমত জেহাদৰ সম্প্রসাৰণ ঘটাবলৈ কেইবাটাও অপশক্তি সক্রিয় হৈ আছে৷ তেনে অপশক্তিৰ সৈতে যোগাযোগ থকা নতুবা সক্রিয় সদস্য হৈ থকা অসমৰ কেইবাজনো লোক ইতিমধ্যে গ্রেপ্তাৰো হৈছে৷ এই অৱস্থাত জেহাদীক আর্থিকভাৱে শক্তিশালী কৰা অবৈধ ব্যৱসায় এটাৰ বিৰুদ্ধে যদি চৰকাৰে এতিয়াই ফলপ্রসূ ব্যৱস্থা নলয়, অনাগত দিনত ইয়াৰ কুফল অসমৰ জনসাধাৰণে ভোগ কৰিব লাগিব৷ কিয়নো, পশ্চিমবংগৰ চোৰাং ব্যৱসায়ী চক্র আৰু অসমৰ ভূমিৰে অবৈধ ব্যৱসায়টো চলাই থকাসকল কোনোবাখিনিত অভিন্ন৷