পুনৰ ক’ৰোনা আতংক

সংক্রমণৰ হাৰ কমাৰ সমান্তৰালভাবে গণ টিকাকৰণ আৰম্ভ হোৱাৰ লগে লগে ভাৰত ক’ভিডমুক্ত হ’ব বুলি ধাৰণা কৰা হৈছিল যদিও মাৰাত্মক ভাইৰাছবিধ পুনৰ আতংকৰ কাৰক হৈ পৰিছে৷ অতি শেহতীয়াকৈ দেশৰ পাঁচ ৰাজ্য ক্রমে– মহাৰাষ্ট্র, পঞ্জাব, কেৰালা, ছত্তিশগড় আৰু মধ্যপ্রদেশত ক’ৰোনা আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাব ধৰিছে৷ পৰিস্থিতিৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি ইতিমধ্যে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে সকীয়াই দিছে সকলো ৰাজ্যকে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল যে ভাৰতত ক’ৰোনা ভাইৰাছৰ নতুন প্রজাতি বা ষ্ট্রেন ধৰা পৰিছে৷ দিল্লী সর্বভাৰতীয় আর্য়ুবিজ্ঞান প্রতিষ্ঠান (এইমছ)ৰ সঞ্চালক ৰণদ্বীপ গুলেৰিয়াই দাবী কৰা মতে ভাৰতত ধৰা পৰা ক’ৰোনা ভাইৰাছৰ প্রজাতিটো অতি ভয়ংকৰ৷ ক’ৰোনা ভাইৰাছৰ এই প্রজাতিৰ দ্রুত সংক্রমণ হোৱাৰ লগতে ই মানৱ শৰীৰৰ বাবে অতি বিপজ্জনক৷ আনকি পূর্বে ক’ৰোনা সংক্রমিত হৈ সুস্থ হৈ উঠা লোকো মাৰাত্মক ভাইৰাছবিধৰ নতুন প্রজাতি আক্রান্ত হ’ব পাৰে৷ সেয়েহে দেশত শেহতীয়াকৈ ক’ৰোনা আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱা আৰু নতুন প্রজাতি চিনাক্ত হোৱা বিষয়টো যথেষ্ট উদ্বেগজনক ৰূপে বিবেচিত হৈছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে দেওবাৰে পুৱা সদৰী কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে ১৪,২৬৪জন লোক৷ ইয়াৰ লগে লগে ভাৰতত ক’ৰোনাত আক্রান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে ১,০৯,৯১,৮৫১জনলৈ৷ বিগত ২৪ ঘণ্টাত ৯০জনসহ দেশত এতিয়ালৈকে ক’ৰোনা ১,৫৬,৩০২জন লোকৰ মৃত্যু হৈছে৷ ক’ৰোনাৰ সংক্রমণ প্রতিৰোধকল্পে বিগত বর্ষটোৰ এক দীঘলীয়া সময় লকডাউন বলৱৎ কৰা হৈছিল৷ প্রধানতঃ ইয়াৰ উদ্দেশ্য আছিল সামাজিক ব্যৱধান ৰক্ষা কৰা৷ ইয়াৰ বাবে চৰকাৰৰ তৰফৰ পৰা জনসাধাৰণৰ মাজত ব্যাপক সজাগতা অভিযানো গঢ়ি তোলা হৈছিল৷ পর্যায়ক্রমে লকডাউন শিথিল কৰি দিয়াৰ লগে লগে এতিয়া স্বাভাৱিক জীৱনযাত্রা ঘূৰি আহিছে যদিও সামাজিক ব্যৱধান ৰক্ষা, ফেচমাস্ক ব্যৱহাৰ কৰা আদি সন্দর্ভত চৰকাৰৰ তৰফৰ পৰা বাৰম্বাৰ আহ্বান জনাই আহিছে৷ কিন্তু মাৰাত্মক ভাইৰাছৰ সংহাৰী ৰূপ প্রত্যক্ষ কৰাৰ পাছতো একাংশ লোক সজাগ নহয়৷ এইসকল লোকৰ বাবে সামাজিক ব্যৱধান ৰক্ষা, ফেচমাস্ক পৰিধান কৰাৰ দৰে বিষয়বোৰ যেন গুৰুত্বহীন৷ এনে ধৰণৰ কথাবোৰেই পৰিস্থিতি আকৌ জটিল কৰি তুলিব পাৰে৷
ক’ৰোনাৰ বিৰুদ্ধে বর্তমান ভাৰতত ক’ভিশিল্ড আৰু ক’ভাক্সিন– ই দুবিধ প্রতিষেধক প্রদান অব্যাহত আছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে সদৰী কৰা অনুসৰি বিগত ৩৪ দিনৰ ভিতৰত দেশত ১,১০,৮৫,১৭৩জন লোকক প্রতিষেধকৰ প্রথমটো ড’জ প্রদান কৰা হৈছে৷ সেইদৰে প্রতিষেধকৰ দ্বিতীয়টো ড’জ প্রদানৰ প্রক্রিয়াও আৰম্ভ হৈছে৷ অতি কম সময়ৰ ভিতৰত দেশজুৰি এক কোটিতকৈ অধিক লোকক প্রতিষেধকৰ প্রথমটো ড’জ প্রদান কৰাটো নিশ্চিতভাবে গুৰুত্বপূর্ণ কথা৷ কিন্তু ভাৰতত ক’ৰোনাৰ নতুন প্রজাতি ধৰা পৰা আৰু অতি শেহতীয়াকৈ সংক্রমিত লোকৰ সংখ্যা বৃদ্ধি পোৱাটো দেশবাসীৰ বাবে অশনি সংকেট হ’ব পাৰে৷ সেয়েহে ইয়াক প্রত্যেকে গুৰুত্ব সহকাৰে লৈ সামাজিক ব্যৱধান ৰক্ষা কৰাকে ধৰি আনুসংগিক বিষয়বোৰ মানি চলা উচিত৷ এইক্ষেত্রত শিথিলতা প্রদর্শন কৰিলে মাৰাত্মক ভাইৰাছৰ সংক্রমণে পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে৷ অৱশ্যে ইয়াৰ মাজতে ভাৰতৰ বাবে ইতিবাচক খবৰতো হ’ল দেশৰ মুঠ ক’ৰোনা আক্রান্তৰ ভিতৰত এতিয়ালৈকে ১,০৬,৮৯,৭১৫জন ৰোগী সুস্থ হৈ উঠিছে৷ দেশত সুস্থতাৰ হাৰ হৈছে ৯৭.২৫ শতাংশ৷ পিছে নতুনকৈ সংক্রমিত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাৰ বিষয়টোৱেহে অতি উদ্বেগজনক ৰূপে চিহ্ণিত হৈছে৷ যাৰ বাবে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে সতর্ক কৰি দিবলগীয়া হৈছে সকলো ৰাজ্য চৰকাৰকে৷