আজি গণতন্ত্রৰ মহোৎসৱ

১৬ মার্চৰ পৰা আহি আহি অৱশেষত আজি এটা গুৰুত্বপূর্ণ বিন্দুত উপস্থিত হ’ল গণতন্ত্রৰ মহোৎসৱটো৷ প্রায় এমাহজোৰা প্রচাৰ অভিযানৰ অন্তত দেশখনৰ কোটি কোটি নাগৰিকে আজি ভোটাধিকাৰ সাব্যস্ত কৰিব৷ দিনটোত দেশৰ ২১খন ৰাজ্যৰ ১০২টা লোকসভা সমষ্টিত ভোটগ্রহণ হ’ব৷ এয়া প্রথম পর্যায়ৰ নির্বাচন৷ ইয়াৰ পিছত আৰু ছটা পর্যায়ত ভোটগ্রহণ হ’ব৷ ভোটগ্রহণ প্রক্রিয়াটো পহিলা জুনত সমাপ্ত হ’ব৷ তাৰ পিছত ৪ জুনত ভোটগণনা আৰু নতুন চৰকাৰ এখন গঠন৷ এয়াই গণতন্ত্রৰ মধুৰ প্রাপ্তি৷ শাসক দল অথবা মর্চা কোন হ’ব, কোনে শাসনৰ নেতৃত্ব দিব সকলো জনসাধাৰণে নির্ণয় কৰে৷ ভাৰতবর্ষৰ বাবে প্রাপ্তিৰ বিষয়টো অধিক ব্যাপক৷ দেশখন বিশ্বৰ সর্ববৃহৎ গণতান্ত্রিক ৰাষ্ট্র৷ দক্ষিণ–পূব এছিয়াৰ ভূ–খণ্ডটোত এইখন ধৰাৰ সর্বাধিক লোক বসবাস কৰে৷ আজিৰ তাৰিখত ভাৰতবর্ষ সর্বাধিক জনসংখ্যাৰ দেশ৷ অকল সেয়াই নহয়, ভাৰতবর্ষৰ সমান ভাষিক, সাংস্কৃতিক, সামাজিক তথা অর্থনৈতিকভাৱে বৈচিত্র্যৰে ভৰা দেশ দ্বিতীয়খন পাবলৈ নাই৷ দেশখনৰ ৰাজ্যই ৰাজ্যই জনসাধাৰণৰ আশা–আকাংক্ষা, সমস্যা–সম্ভাৱনাৰ ছবিখনো ভিন্ন ভিন্ন৷ মহাৰাষ্ট্র আৰু পশ্চিমবংগৰ জনসাধাৰণ ভাষিক–সাংস্কৃতিক–অৰ্থনৈতিক-সামাজিকভাৱে ভিন্ন প্রেক্ষাপটৰ৷ ৰাজ্য দুখনৰ সমস্যা, জনসাধাৰণৰ আশা–আকাংক্ষা তথা আৱেগ–অনুভূতিৰ আবেদনো সুকীয়া সুকীয়া৷ সেইদৰে আঞ্চলিক ভিত্তিত ৰাজ্যখনৰ জনসাধাৰণৰ ৰাজনৈতিক আনুগত্য, আশা–প্রত্যাশাৰো প্রকাশ ভিন্ন৷ মহাৰাষ্ট্রত শিৱসেনাৰ দৰে হিন্দুত্ববাদী দলৰ প্রতি মানুহৰ আস্থা অধিক প্রকাশ পোৱাৰ বিপৰীতে পশ্চিমবংগত শিৱসেনাৰ ওলোটা নীতিত চলা তৃণমূল কংগ্রেছৰ আধিপত্যহে অধিক৷ তদুপৰি বংগৰ পাহাৰীয়া অঞ্চলৰ জনসাধাৰণৰ জীৱন আৰু ৰাজনৈতিক আনুগত্য অথবা আশা–আকাংক্ষাৰ ছবিখনো একে নহয়৷ মহাৰাষ্ট্রতো বিদর্ভকে ধৰি আঞ্চলিক পর্যায়ত জনসাধাৰণৰ মাজত ভিন্নতা স্পষ্ট৷ অসমতো বৈচিত্র্যৰ ছবিখন একে৷ জনজাতীয় লোকৰ সমস্যা, দাবী, বাঙালী হিন্দু, ধর্মীয় সংখ্যালঘু, বৰাক উপত্যকা, পাহাৰীয়া জিলা, ব্রহ্মপুত্র উপত্যকা আদি সকলোতে বিকাশৰ প্রশ্ণটো একে হ’লেও অভাৱ–অভিযোগ, সমস্যা–সম্ভাৱনাক লৈ সকলোৰে আছে নিজা নিজা বিশ্লেষণ, নিজা চিন্তাধাৰা৷ বৈচিত্র্যৰ এনে বিৰল পৃষ্ঠভূমি এটাৰ বর্তমানতো দেশখনৰ জনসাধাৰণে মিলি শাসক নির্বাচন কৰে৷ সেয়ে বিশ্বৰ যিকোনো ৰাষ্ট্রৰ বাবে ভাৰতবর্ষৰ সাধাৰণ নির্বাচন এটা বিস্ময়তকৈ কম নহয়৷
প্রথম পর্যায়ৰ নির্বাচনত ১,৬২৫গৰাকী প্রার্থীৰ ভাগ্য নির্ণয় হ’ব৷ তাৰ মাজত অসমৰ ৫টা লোকসভা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা প্রার্থীকেইগৰাকীও আছে৷ তেওঁলোকে সমষ্টিকেইটাৰ ভোটাৰৰ মন জয় কৰিবলৈ বিগত প্রায় এমাহে দিন–ৰাতি একাকাৰ কৰিলে৷ নির্বাচনী প্রচাৰ সভা, ৰোড শ্ব’, মটৰচাইকেল সমদল, সৰু সৰু পকেট সভা কৰিলে৷ তাৰে মাজতে তাৰকা প্রচাৰকৰ জৰিয়তেও জনসাধাৰণৰ হূদয়ত ঠাই উলিয়াই ল’বলৈ যিয়ে যিমানখিনি পাৰিলে, কৰিলে৷ বিজেপি মিত্রজোঁটৰ সমর্থনত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে সভা পাতিলে৷ কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধীয়ে তিতাবৰত এখন্তেক দেখা দি ৰোড শ্ব’ত ভাগ ল’লে৷ আপৰ নেত্রী আতিশী মার্লেনাও আহিল৷ প্রথম পর্যায়ৰ নির্বাচনী প্রচাৰৰ অন্তিম দিনা প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু তৃণমূল কংগ্রেছৰ সভানেত্রী মমতা বেনার্জীও ৰাজ্যখনলৈ আহে৷ অৱশ্যে দুয়োগৰাকীৰ নির্বাচনী সমাৱেশ দুখন অনুষ্ঠিত স্থানত প্রথম পর্যায়ত ভোটগ্রহণ নহয়৷ ৰাষ্ট্রীয় নেতাৰ উপৰি ৰাজ্যখনৰো কেইবাগৰাকী নেতাই প্রথম পর্যায়ৰ নির্বাচনত ভোটাৰৰ মন পাবলৈ অহোপুৰুষার্থ কৰা দেখা গৈছে৷ এইক্ষেত্রত সবাৰ শীর্ষত আছে বিজেপিৰ তাৰকা প্রচাৰক তথা ৰাজ্যখনৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ তেওঁ অসমৰে নহয়, দেশৰে এগৰাকী জয়প্রিয় নেতা তথা তাৰকা প্রচাৰক৷ ড০ শর্মাই প্রথম পর্যায়ৰ নির্বাচন অনুষ্ঠিত সমষ্টিকেইটাত ৫০খন সভাত অংশগ্রহণ কৰে৷ তদুপৰি ৰোড শ্ব’, চাইকেল সমদল আদিতো আছে৷ ইয়াৰ উপৰি ডিব্রুগড সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা সর্বানন্দ সোণোৱালেও নির্বাচনী প্রচাৰত অকণো শিথিলতা প্রদর্শন কৰা নাই৷ প্রথম পর্যায়ৰ নির্বাচনৰ অন্তত তেওঁ আন আন সমষ্টিত অধিক সক্রিয়তাৰে নির্বাচনী প্রচাৰত নামিব নিশ্চয়৷ শাসকীয় মিত্রজোঁটৰ প্রচাৰৰ ধুমুহাৰ সন্মুখত নিস্তেজপ্রায় বিৰোধীৰ প্রচাৰত এতিয়ালৈকে চমক পৰিলক্ষিত হোৱা নাই৷ মানুহৰ অংশগ্রহণো উছাহজনক পৰিলক্ষিত হোৱা নাই৷ প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা, এআইইউডিএফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে নিজ নিজ দলৰ প্রার্থীৰ সমর্থনত প্রচাৰ চলাই আছে৷ এআইইউডিএফৰ সভাপতিগৰাকী নিজেই এগৰাকী প্রার্থী৷ লক্ষণীয় কথাটো হৈছে– প্রথম পর্যায়ৰ নির্বাচনত ভাগ্য অন্বেষণত নমা প্রার্থীসকলৰ ১৮ শতাংশৰ বিৰুদ্ধে আছে গুৰুতৰ অপৰাধমূলক গোচৰ৷ ফৌজদাৰী গোচৰত অভিযুক্ত তেওঁলোক৷ প্রার্থীসকলৰ অর্থাৎ ১, ৬২৫গৰাকীৰ মাজৰ ৪৫০গৰাকীয়েই কোটিপতি৷ তাৰে সর্বাধিক বিজেপিৰ৷ প্রথম পর্যায়ৰ নির্বাচনী যুঁজত নমা গেৰুৱা দলটোৰ ৭৭গৰাকীৰ ৬৯গৰাকীয়েই কোটিপতি৷ কংগ্রেছো এইক্ষেত্রত পিছপৰি ৰোৱা নাই৷ দলটোৰ কোটিপতি প্রার্থীৰ সংখ্যা ৪৯৷ যিয়েই নহওক, প্রথম পর্যায়ৰ নির্বাচন শান্তিপূর্ণ আৰু অধিকৰ পৰা অধিকতৰ ভোটাৰৰ অংশগ্রহণেৰে সমাপ্ত হওক, দেশবাসীয়ে তাকেই কামনা কৰিছে৷ ২০১৯ চনৰ লোকসভা নির্বাচনৰ প্রথম পর্যায়ত সম্পন্ন ভোটগ্রহণত ৬৯.৯৬ শতাংশৰ ভোট পৰিছিল৷ এইবেলি সংখ্যাটো অধিক হওক, বহু অধিক হওক, তাকেই বিচাৰে গণতন্ত্রৰ পূজাৰী সমাজে৷

Featured