উন্নয়নমুখী বাজেট

ক’ভিডসৃষ্ট জটিল পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে শুকুৰবাৰে বিধানসভাৰ মজিয়াত দাখিল কৰিছে ২০২১–২২ বিত্তীয় বর্ষৰ পূর্ণাংগ বাজেট৷ মুখ্যমন্ত্রী ৰূপে ড০ শর্মা চৰকাৰৰ এইখনেই প্রথম বাজেট৷ একেদৰে বিধানসভাত বাজেট দাখিল কৰা অজন্তা নেওগো হৈছে ৰাজ্যৰ প্রথম মহিলা বিত্তমন্ত্রী৷ ৫৬৬.২০ কোটি টকাৰ ঘাটিৰে বিত্তমন্ত্রী অজন্তা নেওগে দাখিল কৰা ১,০৭,৫৫৬.২৯ কোটি টকাৰ চলিত বর্ষৰ বাজেটত ঘাইকৈ ৰাজ্যৰ উন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে৷ ২০১৬ৰ বিধানসভা নির্বাচনত অভূতপূর্ব জনাদেশৰ জৰিয়তে দিছপুৰত প্রথমবাৰৰ বাবে ক্ষমতাধিষ্ঠিত হৈছিল বিজেপি নেতৃত্বাধীন চৰকাৰ৷ ২০২১ৰ নির্বাচনতো একক সংখ্যাগৰিষ্ঠতাৰে বিজেপি নেতৃত্বাধীন মিত্রজোঁটে শাসনভাৰ লোৱাৰ পাছত মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হৈছে দিকদর্শী নেতা ড০ হিমন্ত বিশ্ব শর্মা৷ বিগত দুটা মাহতে মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যৰ শাসন ব্যৱস্থাত আমূল পৰিৱর্তন আনিবলৈ অহর্নিশে চেষ্টা চলাইছে৷ বিগত বিধানসভা নির্বাচনত ড০ শর্মাই প্রতিশ্রুতি দিছিল যে বিজেপি নেতৃত্বাধীন চৰকাৰে পুনৰ ক্ষমতাত আহিলে চৰকাৰৰ প্রথম বছৰতে ৰাজ্যৰ ১ লাখ নিবনুৱাক চৰকাৰী চাকৰি, মহিলাসকলৰ মাইক্র’ফাইনেঞ্চৰ ঋণ ৰেহাইকে ধৰি অসমখনক দেশৰ এখন অগ্রণী ৰাজ্যত পৰিণত কৰা হ’ব৷ ১৬ জুলাইত বিত্তমন্ত্রী নেওগে দাখিল কৰা বাজেটখনত চৰকাৰে নির্বাচনী প্রতিশ্রুতি পূৰণৰ লক্ষ্য স্পষ্ট হৈছে৷ ৰাজ্যখনৰ ১ লাখ নিবনুৱাক চলিত বিত্তীয় বর্ষৰ ভিতৰতে নিযুক্তি দিয়াৰ বাবে পদক্ষেপ লোৱাৰ কথা বাজেটত উল্লেখ কৰা হৈছে৷ একেদৰে মহিলাসকলৰ মাইক্র’ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়াৰ বাবে বাজেটত ৭,৫০০ কোটি টকা ধার্য কৰা হৈছে৷ ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে অসমেই নহয়, সমগ্র দেশেই সম্প্রতি গভীৰ অর্থসংকটৰ সন্মুখীন হৈছে৷ এনে পৰিস্থিতিত মাইক্র’ফাইনেঞ্চৰ ঋণ ৰেহাইৰ বাবে ধার্য কৰা বুজন পৰিমাণৰ পুঁজিয়ে ঋণগ্রস্ত মহিলাসকলৰ লগতে মাইক্র’ফাইনেঞ্চ কোম্পানীসমূহক সহায় কৰিলেও ইয়াৰ প্রভাৱ পৰিব ৰাজ্যৰ উন্নয়নত৷ বিশেষকৈ অসমক দেশৰ পাঁচখন উন্নত ৰাজ্যত পৰিণত কৰিবলৈ মুখ্যমন্ত্রী ড০ শর্মাই যি সপোন আৰু পৰিকল্পনা লৈছে, তাত মাইক্র’ফাইনেঞ্চৰ ঋণৰ বোজাই এক প্রত্যাহ্বান হৈ উঠাৰ আশংকা আছে৷ এইক্ষেত্রত যিসমূহ মাইক্র’ফাইনেঞ্চ কোম্পানীয়ে নীতিবহির্ভূতভাৱে ঋণ প্রদান কৰিছে, সেয়া পুনৰীক্ষণ কৰাৰ প্রয়োজন আছে৷ বাজেটত পলাশবাৰী আৰু শুৱালকুছিৰ মাজত ব্রহ্মপুত্রৰ ওপৰেৰে এখন নতুন দলং নির্মাণৰো প্রস্তাৱ লোৱা হৈছে৷ ইয়াৰ উপৰি গোলাঘাট, ধেমাজি, মৰিগাঁও, বঙাইগাঁও আৰু তামুলপুৰত নতুন মেডিকেল কলেজ স্থাপনৰ যি পৰিকল্পনা লোৱা হৈছে, সেয়া নিশ্চিতভাৱে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বাবে এক আশাপ্রদ বার্তা৷ মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যৰ স্বাস্থ্য আৰু শিক্ষা বিভাগৰ দায়িত্বত থকাৰ সময়তে অসমত নতুনকৈ কেইবাখনো চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্রিক মহাবিদ্যালয়কে ধৰি কাৰিকৰী শিক্ষানুষ্ঠান গঢ়ি উঠিছে৷ দুই দশক পূর্বে অসমবাসীয়ে কল্পনাও কৰা নাছিল যে অসমত ৰাজ্য চৰকাৰৰ উদ্যোগত নতুনকৈ চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্রিক মহাবিদ্যালয় স্থাপন হ’ব৷ কিন্তু চলিত বাজেটত ৫খন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ যি অভিলাষী পৰিকল্পনা গ্রহণ কৰা হৈছে, তাৰ দ্বাৰা ৰাজ্যবাসীয়ে স্বাস্থ্য সেৱাৰ উন্নত সুবিধা লাভ কৰাই নহয়, চিকিৎসক আৰু চিকিৎসা কর্মীৰ অভাৱ পূৰণৰ ক্ষেত্রতো এক যুগান্তকাৰী পদক্ষেপ ৰূপে পৰিণত হৈছে৷ ইয়াৰ লগে লগে কর্মসংস্থাপন সৃষ্টি কৰি নিশ্চিতভাৱে সহায়ক হ’ব৷
চলিত বর্ষৰ বাজেটত গুৱাহাটীৰ পাহাৰসমূহৰ সুৰক্ষা আৰু ইয়াত বসবাস কৰা লোকসকলক ভূমিপট্টা প্রদানৰ বাবে বিশেষ পদক্ষেপ লোৱা হৈছে৷ গুৱাহাটীৰ চৌদিশে থকা পাহাৰসমূহে মহানগৰীখনক প্রকৃতিৰ অনন্য ৰূপ দিছে৷ বছৰ বছৰ ধৰি পাহাৰসমূহৰ সুৰক্ষাৰ ক্ষেত্রত চৰকাৰসমূহৰ ভূমিকা আশাব্যঞ্জক বুলি ক’ব নোৱাৰি৷ ফলত পাহাৰসমূহত জধেমধে বেদখল হোৱাৰ ফলত প্রাকৃতিক ভাৰসাম্যহীনতাৰ বাবে গভীৰ দুর্যোগ নামি আহিছে উত্তৰ–পূর্বাঞ্চলৰ দুৱাৰমুখ মহানগৰীখনলৈ৷ পাহাৰ অঞ্চলত বসবাস কৰা লোকসকলৰ সিংহভাগ লোকেই ৰাজ্যখনৰ খিলঞ্জীয়া ভূমিহীন লোক৷ ভূমি অধিকাৰ সংগ্রাম সমিতিৰ তথ্য অনুসৰি গুৱাহাটীৰ পাহাৰসমূহত প্রায় ৮৫ হাজাৰ ভূমিপট্টাহীন পৰিয়ালে বসবাস কৰি আছে৷ কেইবাটাও প্রজন্ম ধৰি বসবাস কৰি থকা এই লোকসকলে ভূমিৰ অধিকাৰ লাভ নকৰাৰ ফলত সীমাহীন সমস্যাৰ সন্মুখীন হৈ আহিছে৷ পাহাৰ অঞ্চলত বসবাস কৰা ভূমিহীন লোকসকলক মানৱীয়তাৰ খাতিৰতে ভূমিপট্টা প্রদান কৰা হ’ব বুলি শুকুৰবাৰে মুখ্যমন্ত্রী ড০ শর্মাই বিধানসভাত ঘোষণা কৰিছে৷ মুখ্যমন্ত্রী শর্মাৰ এই ঘোষণাই নিশ্চিতভাৱে গুৱাহাটীৰ পাহাৰ অঞ্চলত দশক দশক ধৰি বসবাস কৰা লোকসকলৰ মুখলৈ হাঁহি বিৰিঙাইছে৷ কিন্তু পাহাৰ অঞ্চলত ভূমিপট্টা প্রদানৰ পূর্বে ৰাজ্য চৰকাৰখনে কেইটামান বিষয়ত অধিক গুৰুত্ব প্রদান কৰিব লাগিব৷ চৰকাৰৰ এনে ইতিবাচক সিদ্ধান্তই পাহাৰ অঞ্চলত আকৌ বেদখল যাতে বৃদ্ধি নহয়, তাৰ প্রতি চৰকাৰ তথা সংশ্লিষ্ট বিভাগসমূহে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্রহণ কৰিব লাগিব৷ পাহাৰসমূহত অবাধ খনন বন্ধ হ’ব লাগিব৷ গৃহ নির্মাণৰ নামত যাতে গছ–গছনিসমূহ কাটি শেষ নকৰে, তাৰ বাবে কঠোৰ নীতি–নির্দেশনা আৰোপ কৰিব লাগিব৷ বিশেষকৈ জিলা প্রশাসন, গুৱাহাটী পৌৰসভা, গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণৰ সহযোগত বন আৰু পাৰিপার্শ্বিক বিভাগে এইক্ষেত্রত অগ্রণী ভূমিকা গ্রহণ কৰিবই লাগিব৷ ইতিমধ্যে বেদখলকাৰীৰ কবলত তহিলং হোৱা পাহাৰসমূহত সেউজ আৱৰণ ঘূৰাই অনাৰ বাবে বন বিভাগে ব্যাপক হাৰত গছপুলি ৰোপণ কৰিব লাগিব৷ এই গছপুলিসমূহৰ জৰিয়তে পাহাৰসমূহে পূর্বৰ সেউজ ৰূপ যাতে ধাৰণ কৰে, তাৰ দায়িত্বও বন বিভাগ তথা ৰাজ্য চৰকাৰে ভূমিপট্টা লাভ কৰা আৱাসীসকলৰ ওপৰতে ন্যস্ত কৰাৰ ব্যৱস্থা কৰিব পাৰে৷ এইক্ষেত্রত বন বিভাগৰ উপৰি মহানগৰৰ উন্নয়নৰ দায়িত্বত থকা সংস্থাসমূহৰ উপৰি প্রকৃতিপ্রেমী সংগঠন, স্বেচ্ছাসেৱী সংগঠন আদিক নিয়োজিত কৰিব পাৰে৷ এনে ব্যৱস্থাৰ জৰিয়তে মহানগৰীৰ খিলঞ্জীয়া ভূমিহীন লোকসকলে ভূমিৰ অধিকাৰ লাভ কৰাই নহয়, ৰাজকোষলৈ ৰাজহ আহৰণ বৃদ্ধি হ’ব৷ ইয়াৰ লগে লগে পাহাৰসমূহৰ সেউজকৰণৰ দায়িত্বও সংশ্লিষ্ট আৱাসীসকলৰ ওপৰতে নিয়োজিত কৰাৰ ফলত পাহাৰসমূহৰ সেউজকৰণ প্রকল্পৰ ফলপ্রসূ সফলতা লাভ কৰিব বুলি আশা কৰিব পাৰি৷