সতর্কতাৰ বিকল্প নাই

প্রায় বাধাহীন পৰিৱেশত একেৰাহে দুখন স্বায়ত্তশাসিত পৰিষদ আৰু বিধানসভা নির্বাচন অনুষ্ঠিত হৈ যোৱা ৰাজ্য এখনৰ জনসাধাৰণৰ মাজত ক’ভিডৰ সতর্কতাক লৈ শিথিলতা নামি অহাটো অস্বাভাৱিক কথা নহয়৷ ৰাজ্যখনৰ জনসাধাৰণে নির্বাচনী প্রচাৰত বিভিন্ন কার্যসূচীত হিলদল ভাঙি মানুহ সমৱেত হোৱা দেখিছে৷ সভা, সমদলত জনসমুদ্রৰ সন্মুখত নেতাক দ্বিধাহীন ৰূপত ভাগ লোৱা দেখিছে৷

ইয়ে জনমানসত ক’ভিডৰ ভয়াৱহতালৈ দীর্ঘদিন ধৰি থকা ছবিখনকো ধূসৰ কৰি পেলাইছে৷ এনে অৱস্থাত যদি জনসাধাৰণে কোনো ধৰণৰ শংকা, ভয় আদি মনত নাৰাখি স্বাভাৱিকভাৱে সামাজিক জীৱন যাপন কৰে, সেইটো দোষণীয় নহয়৷ কিন্তু যদি ক’ভিডসৃষ্ট পৰিস্থিতি সলনি হয়? তেতিয়া দায়িত্বশীল আচৰণৰ বিকল্প নাথাকে৷ অসমতো শেহতীয়াকৈ ক’ভিডজনিত পৰিস্থিতিৰ দ্রুত অৱনতি ঘটিছে৷ স্বায়ত্তশাসিত পৰিষদ দুখন নতুবা বিধানসভা নির্বাচনত কোনে কি কৰিলে, সেইটোক এতিয়া ধৰি থাকিলে বিপদ কিন্তু নিজৰেই৷

অকল নিজৰেই নহয়, সেই বিপদে আমাৰ সমাজখনৰ লগতে ৰাজ্যখন আৰু দেশখনৰো সংকট মাতি আনিব৷ গতিকে, এই মুহূর্তত সকলোৰে এটাই দায়িত্ব আৰু কর্তব্য হোৱা উচিত যে অতিমাৰী ক’ৰোনাৰ বিৰুদ্ধে প্রত্যেকেই নিজ নিজ পর্যায়ত যুদ্ধখনৰ অংশীদাৰ হ’ব লাগিব৷ ভাইৰাছটোৰ সংক্রমণ ৰোধত নিজৰ নিজৰ দায়িত্ব পালন কৰিব লাগিব৷ মাস্ক পিন্ধিব লাগিব৷ সামাজিক দূৰত্ব বজাই ৰাখি ক’ভিডৰ সংক্রমণ ৰোধত অৰিহণা যোগাব লাগিব৷

তদুপৰি, ভাইৰাছটোৰ সংক্রমণ ৰোধ তথা প্রতিহত কৰাৰ অর্থে চৰকাৰে যিবোৰ প্রট’কল বান্ধি দিছে, তাক আখৰে আখৰে পালন কৰিব লাগিব৷ কিয়নো, সময় এতিয়া বৰ জটিল৷ দেশৰ কেইবাখনো ৰাজ্যত অতিমাৰীটোৱে ইতিমধ্যে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ অসমৰ জনসাধাৰণে নিজৰ প্রদেশখনক ইয়াৰ পৰা সুৰক্ষিত ৰাখি সামগ্রিকভাৱে দেশখনৰ আৰু নিজৰ সুৰক্ষা নিশ্চিত কৰিব লাগিব৷

ক’ভিডৰ গ্রাসত পৰি অসমত বিগত কেইটামান দিনত কেইবাজনো লোকৰ মৃত্যু হৈছে৷ তাৰে মাজত জনপ্রিয় কণ্ঠশিল্পী ভিতালী দাস অন্যতম৷ অসমত নৱপ্রজন্মৰ মাজত বিহুগীতক জনপ্রিয়কৰণত এইগৰাকী গায়িকাৰ অৰিহণা প্রাতঃস্মৰণীয়৷ তেওঁ কেইবাটাও জনপ্রিয় বিহুগীতত কণ্ঠদান কৰি অসমত বিহুগীতৰ জনপ্রিয়তাক নতুন স্তৰলৈ লৈ গৈছিল৷ তেনে এগৰাকী কণ্ঠশিল্পীক অকালতে হেৰুওৱাটো যিকোনো অঞ্চল বা সমাজ এখনৰ বাবে অকল্পনীয় বেদনাৰ কথা৷

অকল ভিতালী দাসেই নহয়, যিকোনো ব্যক্তি এজনৰ মৃত্যু সমাজৰ বাবে অপূৰণীয় ক্ষতি৷ ইয়াক প্রতিহত কৰিবলৈ হ’লে প্রথমে প্রতিজন ব্যক্তি ভাইৰাছটোৰ পৰা সুৰক্ষিত হৈ থাকিব লাগিব৷ এইবাৰ ভাইৰাছটোৱে ৰূপ সলনি কৰি ত্রাসৰ সৃষ্টি কৰিছে৷ প্রায় ডেৰ বছৰ পূর্বে যেতিয়া অসম তথা ভাৰতবর্ষত ক’ভিডৰ সংক্রমণ আৰম্ভ হৈছিল, তেতিয়া ভাইৰাছটোৰ সংক্রমণ ক্ষমতা সিমান তীব্র নাছিল৷ কিন্তু এইবাৰ ই দ্রুতগতিত চৌদিশে সিঁচৰতি হৈ পৰা দেখা গৈছে৷

আনকি, পৰিয়ালৰ এজন লোক ভাইৰাছটোত আক্রান্ত হ’লে সমগ্র পৰিয়ালটো সংক্রমিত হোৱাৰ তথ্যও ওলাইছে৷ তদুপৰি, এইবাৰ যুৱপ্রজন্মৰ অধিক লোক ভাইৰাছটোৰ সংক্রমণৰ চিকাৰ হৈছে৷ এই পৰিস্থিতি অতিকৈ ভয়ংকৰ৷ কঠোৰ সংযম অবিহনে ভাইৰাছটোৰ সংক্রমণৰ পৰা সহজে নিস্তাৰ পোৱা কঠিন হ’ব৷ সেয়ে ক’ভিড প্রট’কল মানি চলাৰ কোনো বিকল্প নাই৷ কিন্তু এইবেলিৰ ক্ষেত্রত অসম তথা দেশখন যথেষ্ট সুবিধাজনক অৱস্থাত আছে৷ ক’ৰোনাৰ প্রতিষেধক আছে৷

বিগত বর্ষত ক’ৰোনাৰে যুঁজত দেশখনৰ স্বাস্থ্য সেৱা ব্যৱস্থাক যথেষ্ট উন্নত কৰি থোৱা হৈছিল৷ সেই সুবিধা জনসাধাৰণে লাভ কৰিব৷ কিন্তু সবাৰে ওপৰত এটাই কথা, কোনেও যেন ঘৰৰ দুৱাৰমুখত ক’ৰোনাক টোকৰ মাৰিবলৈ সুবিধা কৰি নিদিয়ে৷ এয়াই সময়ৰ আহ্বান৷