হেনৰী কিছিংগাৰৰ আশংকা

আমেৰিকাত ৰিপাব্লিকান ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পক পৰাভূত কৰি ডেম’ক্রেটিক নেতা জ’ বাইডেনে হোৱাইট হাউছৰ শীর্ষ পদবীত আৰোহণ কৰাটো নিশ্চিত হোৱাৰ পিছতে দেশখনৰ ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ সুদক্ষ প্রাক্তন বিদেশ সচিব ৯৭ বছৰীয়া হেনৰী কিছিংগাৰে সতর্কবাণী কৰিছে যে শীঘ্রে আমেৰিকা আৰু চীনৰ মাজৰ সম্পর্কৰ উন্নতি নঘটিলে অদূৰ ভৱিষ্যতে দুয়োখন দেশৰ মাজত সংঘটিত সামৰিক সংঘাতে প্রথম বিশ্বযুদ্ধৰ কৰে ভয়াৱহ পৰিস্থিতিৰ সূচনা কৰিব৷

কিছিংগাৰে এই গুৰুত্বপূর্ণ মন্তব্য কৰিছে বুলমবার্গ নিউজৰ এডিটৰ ইন চীফ জন মিটলেথাইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত৷ নেতাগৰাকীৰ মতে বিগত ৪ বছৰীয়া কার্যকালত ৰিপাব্লিকান ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে বিশ্বজুৰি আমেৰিকাৰ মর্যাদা হানি কৰাই নহয়, অন্যতম পৰাক্রমী শক্তি হিচাপে মূৰ দাঙি উঠা চীনৰ সৈতেও হোৱাইট হাউছৰ সম্পর্কৰ চৰম অৱনতি ঘটাইছে৷ চাৰিটা বছৰত পৃথিৱীৰ দুটা মেৰুত থকা দুই বৃহৎ শক্তি আমেৰিকা আৰু চীনৰ মতানৈক্যই এনে পর্যায়লৈ গতি কৰিছে যে বিশ্বৰ বিভিন্ন স্থানত বিবদমান অঞ্চলসমূহত দুয়োখন দেশৰ মাজত সামৰিক সংঘাতৰ পৰিস্থিতি সজীৱ হৈ পৰিছে৷

দুয়োখন দেশেই এতিয়া অত্যাধুনিক সামৰিক প্রযুক্তিৰ দ্বাৰা বলীয়ান৷ যদি দেশ দুখনৰ মাজত বিভিন্ন ক্ষেত্রত সহযোগিতাৰ মনোভাব সৃষ্টিৰ বিপৰীতে বৈৰিতা প্রকট হয়, তেন্তে ভয়াৱহ যুদ্ধৰ সূচনা হ’ব পাৰে৷ এয়া কিছিংগাৰৰ আশংকা৷ আমেৰিকাৰ ৰাজনৈতিক ইতিহাসত কিছিংগাৰ এনে এগৰাকী নেতা, যিয়ে বহু সংকটৰ মুহূর্তত পালন কৰিবলগীয়া হৈছে কূটনীতিকৰ দায়িত্ব৷ হেনৰী আলফ্রেড কিছিংগাৰৰ জন্ম হৈছিল ১৯২৩ চনৰ ২৭ মে’ত৷ আমেৰিকান ৰাজনীতিক, কূটনীতিক তথা ভূ–ৰাজনৈতিক পৰামর্শদাতা হিচাপে তেওঁ দীর্ঘদিন ধৰি দায়িত্ব পালন কৰি আহিছে অতি দক্ষতাৰে৷

ৰিছার্ড নিকছনৰ শাসনকালত কিছিংগাৰে দেশখনৰ বিদেশ সচিবৰ দায়িত্ব পালন কৰিছিল৷ ইয়াৰ উপৰি গেৰাল্ড ফ’ডৰ দিনত তেওঁ আছিল আমেৰিকাৰ ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা৷ ১৯৩৮ চনত এগৰাকী ইহুদী শৰণার্থী হিচাপে পৰিয়ালসহ নাজী জার্মানীৰ পৰা পলায়ন কৰা কিছিংগাৰে ১৯৭৩ চনত ভিয়েটনামৰ সৈতে যুদ্ধবিৰতি চুক্তি কৰি আমেৰিকাৰ অহংকাৰক বিশ্ববাসীৰ ওচৰত মূল্যহীন বুলি প্রমাণিত কৰিছিল৷ একেটা বর্ষতে কিছিংগাৰে লাভ কৰিছিল ন’বেল শান্তি বঁটা৷

এনে এগৰাকী সুদক্ষ নেতাই চীনৰ সৈতে আমেৰিকাৰ সংঘাত প্রথম বিশ্বযুদ্ধসদৃশ বিপর্যয়ৰ ঘটনাৰ কাৰণ হ’ব পাৰে বুলি কৰা মন্তব্য গুৰুত্বপূর্ণ৷ লক্ষণীয়ভাৱে যোৱা চাৰিটা বছৰত ট্রাম্পৰ অবিবেচকী মন্তব্যৰ বাবে আমেৰিকাৰ সৈতে চীনৰ সংঘাত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ দুয়োখন দেশৰ মাজত বর্তমানেও চলি থকা বাণিজ্যিক যুদ্ধই দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱর্তী কালৰ শীতল যুদ্ধৰ পৰিৱেশ জীপাল কৰি তুলিছে৷ দক্ষিণ চীন সাগৰীয় অঞ্চলত বেইজিঙৰ আধিপত্যৰ দাবীক কূটনৈতিক কৌশলেৰে প্রশমিত কৰাৰ বিপৰীতে ট্রাম্পে সামৰিকভাৱে প্রত্যাহ্বান জনাবলৈ প্রচেষ্টা চলোৱা কার্যয়ো এক যুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে৷

চীনৰ ৰাজনীতিৰ আটাইতকৈ স্পর্শকাতৰ বিষয় হিচাপে চিহ্ণিত টাইৱান আৰু হংকঙক লৈ ট্রাম্প প্রশাসনৰ নেতিবাচক ভূমিকাই পৰিস্থিতি অধিক জটিল কৰি তোলা বুলি ধাৰণা কৰিছে হেনৰী কিছিংগাৰে৷ গতিকে আগন্তুক ২০ জানুৱাৰীত হোৱাইট হাউছৰ ক্ষমতাত আৰোহণ কৰিব লগা বাইডেন প্রশাসনক ৯৭ বছৰীয়া নেতাগৰাকীয়ে চীনৰ সৈতে সহযোগিতামূলক সম্পর্ক গঢ়ি তুলিবলৈ আহ্বান জনাইছে৷ ১৯৬৯ৰ পৰা ১৯৭৭ চনলৈ আমেৰিকাৰ বৈদেশিক নীতিত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰা কিছিংগাৰে ধাৰণা কৰে যে হোৱাইট হাউছৰ বাবে আগন্তুক দিনসমূহত বিপদ সৃষ্টি কৰিব পাৰে চীনে৷

স্মর্তব্য যে উক্ত সময়ছোৱাতে চীন আৰু ছোভিয়েট ইউনিয়নৰ সৈতে আমেৰিকাৰ দ্বিপাক্ষিক সম্পর্ক গঢ়ি তুলিছিল কিছিংগাৰে৷ অকল সেয়াই নহয়, মধ্যপ্রাচ্যৰ পৰিস্থিতি সন্দর্ভতো কিছিংগাৰে গ্রহণ কৰিছিল গুৰুত্বপূর্ণ ভূমিকা৷ গতিকে নেতাগৰাকীৰ আশংকা আজিৰ মুহূর্তত আমেৰিকাৰ বাবে চর্চাৰ বিষয় হৈ পৰিছে৷