ভাৰতৰ উদ্ধাৰ অভিযান

আকাশমার্গেৰে ৰাছিয়াৰ সেনাৰ বিৰামহীন আক্রমণ, নিজ ৰাষ্ট্রৰ সার্বভৌমত্ব ৰক্ষাৰ বাবে ইউক্রেইন সেনা তথা নাগৰিকৰ কঠোৰ সংগ্রামে কি ইতিহাস ৰচনা কৰে, তাৰ বাবে আৰু কিছুদিনলৈ অপেক্ষা কৰিব লাগিব৷ ৰাছিয়াৰ প্রবল সামৰিক শক্তিৰ ওচৰত ইউক্রেইনৰ সাধাৰণ সামৰিক বাহিনী যে অধিক দিন তিষ্ঠিব নোৱাৰে, এই কথাটোত মোটামুটিকৈ সমগ্র বিশ্ব একমত৷ কিন্তু যুদ্ধৰ আৰম্ভণিৰ পৰাই ইউক্রেইনৰ সেনা আৰু দেশখনৰ জনসাধাৰণে যি বীৰত্বৰে ৰাছিয়াৰ সন্মুখত থিয় দিলে বা এতিয়ালৈ প্রতিৰোধ গঢ়ি আছে, ইয়ে বিশ্বজুৰি জনসাধাৰণৰ সহানুভূতি ইউক্রেইনৰ পক্ষলৈ লৈ গৈছে৷ যুদ্ধখনৰ এইটো এটা লক্ষণীয় দিশ ৰূপে পৰিগণিত হৈছে৷ ৰাছিয়াই ক্রিমিয়া দখল কৰাৰ সময়ত ইউক্রেইনৰ প্রতিৰোধ আছিল তেনেই সামান্য৷ কিন্তু এইবাৰ সেইটো নঘটিল৷ সেইবাৰ ইউক্রেইনৰ সমর্থনত বিশ্ববাসী নাছিল৷ আমেৰিকা অথবা নাটোৰ আন সদস্য ৰাষ্ট্রও ইমান আগ্রাসী নাছিল৷ এইবাৰো কোনো এখন বহিঃৰাষ্ট্রৰ সেনা ইউক্রেইনৰ ৰণাংগনত নাই৷ কিন্তু বাহিৰৰ পৰা সমর্থন আৰু সাহস যোগোৱা শক্তি ইমানেই অধিক হৈছে যে ইউক্রেইনৰ ৰাষ্ট্রপতিয়ে ৰাছিয়াক মুকলিকৈ প্রত্যাহ্বান জনাবলৈ অলপো দ্বিধাবোধ কৰা নাই৷ তেওঁৰ দৃঢ়তাই ইউক্রেইনৰ সাধাৰণ জনতাক ৰাছিয়াৰ টেংকৰ সন্মুখত ভয়হীনভাৱে থিয় দিবলৈ সাহস যোগাইছে৷ লগতে এটা কথা নিশ্চিত হৈ পৰিছে যে যুদ্ধখন দীঘলীয়া হ’ব৷ বন্দুক–বাৰুদৰ ৰক্তাক্ত খেলখন অধিক ভয়াৱহ আৰু ধ্বংসাত্মক হ’ব৷ মানৱৰ এই সংকটকালত যুদ্ধবিধ্বস্ত ৰাষ্ট্রখনত আবদ্ধ হৈ থকা শিক্ষার্থীৰ জীৱনৰ নিৰাপত্তাক লৈ ভাৰতত থকা অভিভাৱকসকল চিন্তিত হৈ পৰাটো স্বাভাৱিক৷ ৰাছিয়াই ইউক্রেইন আক্রমণ কৰাৰ দিনৰে পৰা ৰাষ্ট্রখনত আবদ্ধ হৈ পৰা ভাৰতীয় শিক্ষার্থীক নিৰাপদে উদ্ধাৰ কৰিবলৈ কূটনৈতিক প্রয়াস তীব্র কৰি দিয়ে৷ চাৰিজন মন্ত্রীক ইউক্রেইনৰ সীমান্তৱর্তী ৰাষ্ট্রলৈ প্রেৰণ কৰা হৈছে৷ অভিযান গংগাৰ অধীনত ইতিমধ্যে বহু ভাৰতীয়ক স্বদেশলৈ ওভতাই অনা হৈছে৷ ভাৰতীয় দূতাবাসৰ উপদেশ মানি হাজাৰ হাজাৰ শিক্ষার্থী ইউক্রেইনৰ হাংগেৰী, ৰোমানিয়া, পোলেণ্ড আদি সীমান্তৱর্তী ৰাষ্ট্রলৈ নিৰাপদে আঁতৰি গৈছে৷ তাৰ পৰা শিক্ষার্থীসকলক ভাৰতলৈ অনা হৈছে৷ এইটো ভাৰতৰ অন্যতম কূটনৈতিক সাফল্য৷
যুদ্ধবিধ্বস্ত দেশখনত পৃথিৱীৰ বহু ৰাষ্ট্রৰ শিক্ষার্থী আৰু নাগৰিক আবদ্ধ হৈ আছে৷ তাৰে বহু দেশে নিজ দেশৰ নাগৰিকক নিজৰ অৱস্থাতে এৰি দিছে৷ আনকি ইউক্রেইনৰ এক নম্বৰ বাণিজ্যিক মিত্র চীনেও নিজ দেশৰ নাগৰিকক উদ্ধাৰ কৰাত কার্যকৰী ব্যৱস্থা লোৱাত বহু পলম কৰিবলগীয়া হয়৷ পাকিস্তান আৰু তুৰস্কৰ নাগৰিকে ভাৰতীয় জাতীয় পতাকাৰ আঁৰ লৈ ইউক্রেইনৰ সীমান্তৱর্তী ৰাষ্ট্রলৈ যাবলগীয়া হোৱা বুলি খবৰ ওলাইছে৷ অর্থাৎ যুদ্ধবিধ্বস্ত ৰাষ্ট্রখনত ভাৰতীয় জাতীয় পতাকাৰ ক্ষমতা কিমান, সেইটো প্রতিপন্ন হৈছে৷ ভাৰতৰ বৈদেশিক মন্ত্রালয় আৰু ইউক্রেইনত থকা দূতাবাসৰ বিৰামহীন প্রচেষ্টাৰ বাবে এইটো সম্ভৱ হৈছে৷ লগতে এটা কথা স্বীকাৰ কৰিবই লাগিব, ৰণক্ষেত্রত পৰিণত দেশ এখনৰ পৰা উদ্ধাৰ অভিযান কেতিয়াও সহজসাধ্য নহয়৷ ইউক্রেইনৰ আকাশমার্গ অসামৰিক বিমানৰ বাবে নিষিদ্ধ৷ দেশখনৰ চহৰে চহৰে সান্ধ্য আইন বলৱৎ হৈ আছে৷ গাড়ী–মটৰৰ চলাচল তেনেই সীমিত৷ যুদ্ধ চলি থকা সময়ত বিমানেৰে ইউক্রেইনৰ সীমাৰ ভিতৰত প্রৱেশ কৰাটো অসম্ভৱ৷ এনে অৱস্থাত তাত আবদ্ধ হৈ থকা শিক্ষার্থী বা নাগৰিকক নিৰাপদে স্বদেশলৈ আনিবলৈ সুযোগ আৰু সুবিধাৰ অপেক্ষা কৰাৰ বাহিৰে আন বিকল্প নাই৷ শেহতীয়াকৈ খার্কিভত আবদ্ধ লোকক গাতে লাগি থকা ৰাছিয়াৰ সীমান্তৰে ভাৰতলৈ অনাৰ প্রয়াস চলিছে৷ ইয়াত ৰাছিয়াৰ ফালৰ পৰা সহযোগিতাৰ আশ্বাসো দিয়া হৈছে৷ ৰাছিয়াৰ সীমান্তৰে ইউক্রেইনত আবদ্ধ লোকক উদ্ধাৰ কৰিব পাৰিলে, ভৌগোলিক দৃষ্টিকোণৰ পৰা ই লাভদায়ক হ’ব৷ বোমা–বাৰুদৰ মাজেৰে শ শ কিলোমিটাৰ অতিক্রম কৰি পোলেণ্ড, হাংগেৰী, ৰোমানিয়া আদি ৰাষ্ট্রলৈ যাবলগীয়া নহ’ব৷ আৰু কিছুদিনৰ ভিতৰত ৰাষ্ট্রখনৰ পৰা সকলো শিক্ষার্থীক সুকলমে উদ্ধাৰ কৰিব পৰা যাব নিশ্চয়৷ ইয়াৰ মাজতে ৰাষ্ট্রখনত এজন ছাত্রৰ মৃত্যু ঘটিছে৷ এইটো মর্মান্তিক৷ কিন্তু এই মুহূর্তত ধৈর্যৰ প্রয়োজন৷ বিশ্বৰ যিকোনো দেশৰ তুলনাত নতুন দিল্লীয়ে উদ্ধাৰ অভিযানৰ বাবে চলোৱা কূটনৈতিক প্রয়াস আজিৰ তাৰিখলৈকে উত্তম হৈ আছে৷ যুদ্ধৰ বিভীষিকাৰ মাজতে ভাৰতে সকলো শিক্ষার্থীক সুকলমে উদ্ধাৰ কৰি স্বদেশলৈ আনিবলৈ সক্ষম হ’ব নিশ্চয়৷