নতুন মুখ্যমন্ত্রীঃ নতুন আশা

ক’ভিডে সৃষ্টি কৰা আতংকৰ মাজতেই নতুন মুখ্যমন্ত্রীয়ে আসন গ্রহণ কৰিছে আৰু ৰাইজে অলপ হ’লেও সকাহ সপোন দেখিছে এই বাবেই যে এই নতুন মুখ্যমন্ত্রীগৰাকীয়ে স্বাস্থ্যমন্ত্রী হিচাপে ক’ভিডৰ স’তে ভালদৰে যুঁজ দিছিল আৰু এতিয়া পূর্বৰ অভিজ্ঞতাক কামত লগাই ক’ভিড নিয়ন্ত্রণত সর্বশক্তি প্রয়োগ কৰিব আৰু ৰাইজৰ আশা পূৰণ কৰিব৷ এইটো কথাও ঠিক এই মহামাৰীক নিয়ন্ত্রণ কৰাৰ ক্ষেত্রত ৰাইজৰ সহযোগৰো প্রয়োজন আছে৷ অকল ক’ভিড বুলিয়েই নহয়, ৰাজ্যৰ বহু সমস্যাৰ সমাধানৰ বাবে ৰাইজে নতুন মুখ্যমন্ত্রীৰ মুখলৈ আশাৰে বাট চাই আছে৷ ৰাজ্যখনক বানমুক্ত কৰাৰ যি প্রতিশ্রুতি দিছিল সেয়া কার্যকৰী কৰোঁতে নিশ্চয় সময়ৰ প্রয়োজন হ’ব আৰু ৰাইজে সেই কথা বুজি পায় আৰু অপেক্ষাও কৰিব৷ এইটো ঠিক যে কাম আৰম্ভ কৰাৰ সময়তে সম্পূর্ণ কৰাৰ সময় নির্ধাৰণ কৰি দিয়াৰ যি কথা মুখ্যমন্ত্রীগৰাকীয়ে ঘোষণা কৰিছে সেয়া এক আশাৰ প্রতিশ্রুতি৷ নতুন মুখ্যমন্ত্রী এই ঘোষণা সার্থক হ’লেই অসমে কামৰ ক্ষেত্রত আগবাঢ়ি যোৱাৰ পথত এটি সবল খোজ দিছে সেই কথা প্রমাণ হ’ব৷ এইটো ঠিক যে নতুন মুখ্যমন্ত্রীগৰাকীক অসমৰ ৰাইজে বহুবছৰ ধৰি বিভিন্ন দায়িত্ব পালনত দেখি আহিছে আৰু সেই অভিজ্ঞতাৰ পৰা কিছু পৰিমাণে পতিয়ন যাব পাৰিছে যে অসমৰ কামৰ সংস্কৃতিত কিছু পৰিৱর্তন আহিব৷ কিন্তু কথা হ’ল মুখ্যমন্ত্রীয়ে একেধৰণৰ কর্মস্পৃহা আৰু নিষ্ঠাৱান কর্মীকো লগত পাব লাগিব আৰু একে সময়তে কর্মীসকলকো কাম কৰাৰ বাবে বাধ্য কৰাব পাৰিব লাগিব৷ বিগত পাঁচ বছৰৰ চৰকাৰখনত কেলেংকাৰিৰ ডাঠ দাগ নাই ঠিকেই, কিন্তু একাধিক বিভাগত ৰাইজক অসন্তুষ্ট কৰা কাম দেখা পোৱা গৈছিল৷ একোটা বিভাগৰ পৰীক্ষা পুনৰ পাতিবলগীয়া হোৱাটো চৰকাৰ এখনৰ বাবে কোনো সন্মানৰ কথা নহয়৷ আৰক্ষীৰ পৰীক্ষা সংক্রান্তীয় কেলেংকাৰিৰ শেষ কেনেধৰণে হ’ল সেই কথাৰ উত্তৰ চৰকাৰে দিব নোৱাৰাটোও চৰকাৰ এখনৰ বাবে কোনো সফলতাৰ চিন নাছিল৷ ৰাইজে নতুন মুখ্যমন্ত্রী পৰা এনে প্রশ্ণবোৰৰ সমাধান প্রাপ্তিও আশা কৰিব৷
চৰকাৰ এখনৰ কৰিবলগীয়া কাম বহু থাকে আৰু তাৰে ভালেখিনি নিয়মমাফিক কাম৷ নতুন মুখ্যমন্ত্রীজনে সেই কামবোৰ নিয়াৰিকৈ চলোৱাটো চোৱাৰ লগে লগে নতুন চিন্তা আৰু দর্শনৰ পৰিচয় দিব পাৰিব লাগিব যিবোৰে নতুন কামৰ পৰিৱেশো সৃষ্টি কৰিব আৰু পূর্বৰ কামবোৰকো নতুন ধৰণে চোৱাৰ আৰু উজ্জীৱিত কৰাৰ পৰিৱেশ ৰচনা কৰিব৷ এতিয়াৰ মুখ্যমন্ত্রীগৰাকীয়ে শিক্ষামন্ত্রী হৈ থাকোঁতে টেট পৰীক্ষাৰ আৰম্ভণি কৰি বিধ্বস্ত হৈ পৰা শিক্ষা ব্যৱস্থাক প্রাণ দিছিল আৰু নিযুক্তিকো সন্মানজনক কৰি তুলিছিল৷ স্বাভাৱিকতে প্রশ্ণ হয়, নিয়াৰিকৈ কাম কৰা সেই পদ্ধতিয়ে অইন বিভাগবোৰকো কিয় উজ্জীৱিত কৰিব নোৱাৰিলে৷ সেই একেই নিষ্ঠা আৰু দায়িত্ব থকা হ’লে অইন কেইটামান বিভাগে দক্ষতাহীনতাৰ প্রদর্শনী পাতিব নালাগিলহেঁতেন৷ কিন্তু এতিয়া নতুন মুখ্যমন্ত্রী পৰা সকলোৱে বিচাৰিব যে ৰাজ্যখনৰ মূল ব্যক্তিহিচাপে তেখেতে সকলো বিভাগৰ নিযুক্তিকে একেই স্বচ্ছ কৰি তুলিব পাৰিব৷ এই কামত সফল হ’লেই মুখ্যমন্ত্রী হিচাপে তেখেতে ৰাইজৰ উপকাৰ কৰিব খোজা কথাটিয়ে পূর্ণতা আৰু স্থায়িত্ব লাভ কৰিব৷ শিক্ষকৰ প্রসংগতে আৰু এটা কথা ক’ব পাৰি যে টেট পৰীক্ষাযোগে চাকৰি লাভ কৰা ডেকা শিক্ষকসকল কর্মী আৰু আদর্শৱান৷ সেই শিক্ষকসকল মন আৰু চিন্তাৰে যিমান আধুনিক, তেওঁলোকক চাকৰিত নিযুক্তি দিয়েই উপযুক্ত আৰু ভৱিষ্যমুখী প্রশিক্ষণেৰে দক্ষতাৰ আৰু এঢ়াপ ওপৰলৈ নিয়াৰ কথা চিন্তা কৰিব লাগিছিল৷ সঠিকভাৱে প্রশিক্ষিত দায়িত্বৱান শিক্ষক এজনে বহু ছাত্রৰ জীৱন দান কৰা কথাটোলৈ চাই ক’ব পাৰি যে ৰাজ্যখনৰ মানৱ সম্পদ গঢ়াত এই প্রশিক্ষণে কমেও তিনিটা দশকৰ বাবে গুৰুত্বপূর্ণ দায়িত্ব পালন কৰিলেহেঁতেন৷ ভাৰতৰ এচুকত থকা এই ৰাজ্যখনত যিবোৰ বৃহৎ প্রতিষ্ঠান গঢ় দিয়া হৈছে আৰু ভৱিষ্যতেও হ’ব সেইবোৰক অকল ৰাজ্যখনৰ প্রতিষ্ঠান হিচাপে নাভাবি দেশখনৰ এটা প্রতিষ্ঠান বুলি ভবাৰ মানসিকতাৰে কাম কৰিলে ৰাজ্যখনে ভাৰতৰ এখন অগ্রণী ৰাজ্যবোৰৰ মাজত স্থান ল’ব পাৰিব৷ অসমৰ ল’ৰা পঢ়িবলৈ দিল্লী–বাংগালুৰু–কোটা আদিলৈ যায়, এই ব্যৱস্থাটো সলনি কৰি দিল্লী–বাংগালুৰুৰ ছাত্র ইয়ালৈ অহাৰ ব্যৱস্থা কৰিব নোৱাৰিনে? অসমত মানৱ সম্পদ আছে, সেই সম্পদক সঠিকভাৱে ৰাজ্যখনৰ কামত ব্যৱহাৰ কৰাত মুখ্যমন্ত্রীয়েই নেতৃত্ব দিব লাগিব৷ এই শতিকাটি জ্ঞানৰ শতিকা৷ অকল তেল–চাহ আৰু গডে দিয়া চিনাকিতে সন্তুষ্ট হৈ নাথাকি অসমক বৌদ্ধিক সম্পদৰ বাবে চিনাকি কৰাই দিয়াৰ নৱজাগৰণ আৰম্ভ হ’লে সমগ্র অসমৰ চেহেৰাই সলনি হৈ যাব৷