খাদ্য–সামগ্রীৰ দাম বৃদ্ধি

নিত্য–প্রয়োজনীয় খাদ্য–সামগ্রীৰ আকাশলংঘী দাম বৃদ্ধিয়ে সর্বশ্রেণীৰ ৰাইজৰ জীৱন দুর্বিসহ কৰি তুলিছে৷ কাল ক’ৰোনাই প্রায় দুবছৰ ধৰি বিধ্বস্ত কৰা অর্থনীতি, জীৱন জীৱিকাত দাম বৃদ্ধিৰ বোজাই সর্বাধিক ক্ষতি কৰিছে মধ্যবিত্ত আৰু দুখীয়া পৰিয়ালসমূহক৷ পেট্র’ল, ডিজেল আৰু ৰন্ধন গেছৰ দাম হোৰাহোৰে বাঢ়িছে৷ যোৱা ১৩ অক্টোবৰত প্রতিলিটাৰ পেট্র’লৰ দাম ১০০ টকা অতিক্রম কৰাৰ পিছত নিতৌ বাঢ়িয়ে আছে৷ সম্প্রতি পেট্র’লৰ মূল্য ১০৩.৪৬ টকা হৈছে৷ একেদৰে ১৪ অক্টোবৰত প্রতি লিটাৰ ডিজেলৰ মূল্য ৯৩.১৬ টকাৰ পৰা ৯৫.৯৭ টকালৈ বৃদ্ধি হৈছে৷ একেদৰে ঘৰুৱা ৰন্ধন গেছৰ দামো ৯৫৮ টকালৈ বৃদ্ধি হৈছে৷ মিঠাতেল প্রতি লিটাৰত ২০০ টকা হৈছে৷ পিঁয়াজৰ প্রতি কিলোগ্রামত ৫০–৬০ টকা হৈছে৷ বজাৰত এনে এবিধ খাদ্য–সামগ্রী নাই, যিবিধ সামগ্রীৰ দাম বৃদ্ধি হোৱা নাই৷ আকাশলংঘী দাম বৃদ্ধিৰ ফলত সর্বসাধাৰণ পৰিয়ালে ত্রাহিমধুসূদন দেখিছে৷ ২০১৪ৰ লোকসভা নির্বাচনত কংগ্রেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰখন উৎখাতৰ বাবে বিজেপি নেতৃত্বাধীন এন ডি এৰ মূল ইছ্যু আছিল দাম বৃদ্ধি৷ দাম বৃদ্ধিৰ দৈত্যটোক পৰাভূত কৰাৰ প্রতিশ্রুতিৰে ক্ষমতাত অধিষ্ঠিত এন ডি এ চৰকাৰখনে প্রথম পর্যায়ত দাইলকে ধৰি কেতবোৰ খাদ্য–সামগ্রীৰ দাম বহু পৰিমাণে নিয়ন্ত্রণ কৰিবলৈ সমর্থ হৈছিল৷ কিন্তু শেহতীয়াকৈ চাউল, দাইল, মিঠাতেলকে ধৰি নিত্য–প্রয়োজনীয় আটাইবোৰ খাদ্য–সামগ্রীৰ দাম ইমানেই বৃদ্ধি হৈছে যে সর্বসাধাৰণ ৰাইজে খাই বৈ জীয়াই থকাটোৱে গভীৰ সমস্যা হৈ উঠিছে৷ দাম বৃদ্ধিৰ ফলত প্রতিটো পৰিয়ালে নিতৌ অন্য এক সংগ্রাম কৰিব লগা হৈছে৷ কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে দুখীয়া লোকসকলক সহায় কৰাৰ লক্ষ্যৰে বিভিন্ন অভিলাষী আঁচনি গ্রহণ কৰিছে৷ কেন্দ্রীয় চৰকাৰৰ ধ্বজাবাহী আঁচনি ‘এক ৰাষ্ট্র এক ৰেচন কার্ড’ৰ অধীনত দুখীয়া লোকসকলক বিনামূলীয়া চাউল যোগান ধৰাৰ আঁচনিও গ্রহণ কৰা হৈছে৷ উক্ত আঁচনিৰ অধীনত ৰাজ্যখনৰ ৫৮ লাখ ৯০ হাজাৰ ৯৭২টা পৰিয়ালৰ দুই কোটি ৫০ লাখ ৫১ হাজাৰ ৮৭৯গৰাকী হিতাধিকাৰীক ৩৩ হাজাৰ ৯৭৮খন সুলভ মূল্যৰ দোকানৰ জৰিয়তে চাউল বিতৰণৰ আঁচনি ঘোষণা কৰিছে খাদ্য আৰু অসামৰিক যোগানমন্ত্রী ৰঞ্জিত কুমাৰ দাসে৷ দুখীয়া পৰিয়ালসমূহক বিনামূলীয়া চাউল যোগান ধৰিলেও নিত্য–প্রয়োজনীয় খাদ্য–সামগ্রীৰ দাম বৃদ্ধি নিয়ন্ত্রণ নহ’লে এনে পৰিয়ালসমূহ উপকৃত নহয়৷ কিয়নো পেট্র’ল, ডিজেলৰ দাম বৃদ্ধিৰ লগে লগে যান–বাহনৰ ভাৰাবৃদ্ধি হোৱাটো এক স্বাভাৱিক ঘটনা৷ ইয়াৰ লগে লগে নিত্য প্রয়োজনীয় খাদ্য–সামগ্রীৰ ভাৰা বৃদ্ধিৰ সুযোগ লৈ দাম বৃদ্ধিৰ বোজাই সাধাৰণ লোকক ক্ষতি কৰাটো নিশ্চিত৷
খাদ্য–সামগ্রীকে ধৰি নিত্য–ব্যৱহার্য সামগ্রীৰ দাম বৃদ্ধি নিয়ন্ত্রণাধীন হৈ থাকিলে সর্বসাধাৰণ ৰাইজে ইয়াৰ আপত্তি নকৰে৷ যিহেতু উৎপাদন আৰু চাহিদাৰ ওপৰতে সামগ্রীৰ দাম বহু পৰিমাণে নির্ভৰ কৰে৷ কিন্তু বিগত সময়ছোৱাত দেখা গৈছে যে দাইল, মিঠাতেলকে ধৰি বিভিন্ন খাদ্য–সামগ্রীৰ যি হাৰত দাম বৃদ্ধি হৈছে, সেয়া কোনো কাৰণতে স্বাভাৱিক নহয়৷ একেদৰে পেট্র’ল, ডিজেল আৰু ৰন্ধন গেছৰ দাম বৃদ্ধিও স্বাভাৱিক ঘটনা বুলি মানি ল’ব নোৱাৰি৷ আকাশলংঘী দাম বৃদ্ধি নিয়ন্ত্রণ কৰাটো এখন কল্যাণকামী চৰকাৰৰ দায়িত্ব৷ কি কাৰণত নিত্য–ব্যৱহার্য সামগ্রীৰ অত্যধিক দাম বৃদ্ধি হৈছে, সেয়া কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহে ৰাইজক জনাব লাগে৷ কিন্তু খাদ্য–সামগ্রীকে ধৰি বিভিন্ন সামগ্রীৰ দাম বৃদ্ধি সন্দর্ভত ৰাজ্য চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগ, কৃষি বিভাগ, জিলা প্রশাসন আদিয়ে কোনোধৰণৰ গ্রহণযোগ্য উত্তৰ দিয়াৰ পৰা বিৰত আছে৷ সর্বসাধাৰণ ৰাইজৰ মাজত এনে ধাৰণা সৃষ্টি হৈছে যে দাম বৃদ্ধিৰ দৈত্যটোৰ আগ্রাসন বৃদ্ধি সত্ত্বেও নির্বিকাৰ হৈ আছে চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহ৷ সর্বসাধাৰণ ৰাইজৰ মাজত দাম বৃদ্ধিক লৈ সৃষ্টি হোৱা ক্ষোভ–সন্তুষ্টি দূৰ কৰিবলৈ হ’লে ৰাজ্য চৰকাৰৰ দায়িত্ববাহী বিভাগসমূহেও তৎপৰতা দেখুৱাব লাগিব৷ কৃত্রিম নাটনি দেখুৱাই বণিক গোষ্ঠীয়ে যাতে বয়–বস্তুৰ দাম খুচিমতে বৃদ্ধি কৰিব নোৱাৰে তাৰ বাবে খাদ্য আৰু অসামৰিক যোগান বিভাগে জিলা প্রশাসনৰ জৰিয়তে কঠোৰ পৰীক্ষণ ব্যৱস্থা কৰিব লাগিব৷ দুর্ভাগ্যজনকভাৱে এনে কঠোৰ ব্যৱস্থা গ্রহণ কৰা এতিয়ালৈ পৰিলক্ষিত হোৱা নাই৷ শেহতীয়াকৈ ৰাজ্যখনত পাচলিৰ মূল্যও অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে৷ ফুলকবি ৮০ টকা, বেঙেনা ৫০ টকা, বিলাহী ৮০ টকা, গাজৰ ১০০ টকা, বীন ১২০ টকা, জিকা ৫০ টকা, তিয়ঁহ ৫০ টকা, মূলা ৪০ টকা, বীট ১৬০ টকা, ভেণ্ডি ৬০ টকা, লেচেৰা ৮০ টকা, জলকীয়া ১০০ টকা হৈছে৷ পাচলিৰ এনে অস্বাভাৱিক দাম বৃদ্ধিৰ কাৰক সাধাৰণ ৰাইজে বিচাৰি পোৱা নাই৷ এনে সময়ত পাচলিৰ দাম সাধাৰণতে নিম্নগামী হয় যদিও ৰাজ্যখনত এইবাৰ কিয় এনে অস্বাভাৱিক মূল্যবৃদ্ধি হৈছে সেয়া কৃষি বিভাগে এতিয়ালৈ স্পষ্ট কৰা নাই৷ অৱশ্যে পাচলিৰ দামবৃদ্ধিৰ বিষয়টো পৰীক্ষা কৰিবলৈ জিলাই জিলাই টাস্ক ফ’চ গঠন কৰিবলৈ কৃষিমন্ত্রী অতুল বৰাই নির্দেশ দিছে৷ মন্ত্রীগৰাকীৰ নির্দেশৰ ভিত্তিত কৃষি বিভাগৰ সচিব অনন্তলাল জ্ঞানীয়ে ৰাজ্যৰ বজাৰসমূহ নিৰীক্ষণ কৰিবলৈ এক নির্দেশনা জাৰি কৰিছে৷ পাচলিৰ উপযুক্ত মূল্য লাভ কৰাটো ৰাজ্যৰ কৃষকসকলৰ বাবে সুখবৰ৷ কিন্তু পাচলিৰ উৎপাদন হ্রাস দেখুৱাই যাতে বণিক গোষ্ঠীয়ে দাম বৃদ্ধিৰ বোজা জাপি দিব নোৱাৰে, সেয়া নিশ্চিত কৰাটো কৃষি বিভাগৰ দায়িত্ব৷ এইক্ষেত্রত জিলাই জিলাই গঠন কৰা টাস্ক ফ’র্চে অনাগত দিনত গ্রহণ কৰা পদক্ষেপৰ ওপৰত কৃষিমন্ত্রীগৰাকীয়ে কঠোৰ দৃষ্টি ৰাখিব লাগিব৷