এই নির্বাচন আৰু সামাজিক মাধ্যম

নির্বাচনো একধৰণৰ যুদ্ধ আৰু ‘মার্কেটিং ৱাৰফেয়াৰ’ নামৰ গ্রন্থখনত শেহতীয়া অস্ত্র–শস্ত্রৰ ব্যৱহাৰ যুদ্ধ জয়ৰ এটা ডাঙৰ কাৰণ হ’ব পাৰে বুলি কোৱা কথাটো বিশ্বাস কৰি নির্বাচনী যুদ্ধত বহুতে শেহতীয়া আহিলাবোৰ ব্যৱহাৰ কৰাৰ কথা ভাবে৷ বিগত কেইটামান বছৰৰ আগলৈকে নির্বাচনী যুদ্ধ হৈ আছিল পৰম্পৰাগত শৈলীৰ যুদ্ধ, বৃদ্ধ ৰাজনৈতিক নেতাৰ পৰামর্শই আছিল যুদ্ধ জয়ৰ প্রধান কৌশল৷ কিন্তু যেতিয়াৰ পৰা ৰাজনীতি এটা কেৰিয়াৰলৈ ৰূপান্তৰিত হ’ল, তেতিয়াৰ পৰাই ৰাজনীতিৰ অন্যতম প্রধান উৎসৱ ‘নির্বাচন’ৰ দেহলৈ আহিবলৈ আৰম্ভ কৰিলে কর্প’ৰেট কায়দাৰে চলা বিভিন্ন পেছাদাৰী সংগঠনৰ শক্তি৷ মুখ্যতঃ গৱেষণা আৰু তথ্য বিশ্লেষণ কৰা এই সংগঠনবোৰে ৰাজনৈতিক দলবোৰক এতিয়া নানা ধৰণে সহায় কৰে, টিকটৰ বাবে যোগ্য প্রার্থী নির্বাচন কৰাৰ পৰা আৰম্ভ কৰি ভাষণত ক’ব লগা কথাপর্যন্ত৷ অসম বিধানসভাৰ বিগত নির্বাচনৰ প্রচাৰৰ মূল কৌশল আছিল অসমৰ ছেটেলাইট টেলিভিছনৰ বিভিন্ন অনুষ্ঠান আৰু নাচ–গান, ৰাস্তাৰ সমদল৷ এইবাৰৰ নির্বাচনৰ অন্যতম অস্ত্র হ’ল সামাজিক মাধ্যম৷ পাঁচ বছৰ পূর্বৰ টেলিভিছনৰ অনুষ্ঠানৰ আর্হিৰ অনুষ্ঠান চাই এতিয়া দর্শকে কোনো আমোদ নাপায়, সেইবোৰ অনুষ্ঠানে দর্শকক ভোটাৰলৈ ৰূপান্তৰিত কৰাটো বহু দূৰৰ কথা৷ এই দায়িত্ব এতিয়া সামাজিক মাধ্যমৰ৷ তুলনামূলকভাৱে সামাজিক মাধ্যম নতুন প্রজন্মৰ মাধ্যম৷ কেইদিনমান আগলৈকে সামাজিক মাধ্যমবোৰক তুচ্ছ জ্ঞান কৰাসকলেও এতিয়া এই মাধ্যমত যোগ দিবলৈ বাধ্য হৈছে৷ ৰাজনৈতিক দলবোৰৰ ভিতৰত বিজেপি এই দিশত আগবঢ়া৷ গৃহমন্ত্রীয়ে নিজে আহি সামাজিক মাধ্যমৰ কর্মীসকলক সম্বোধন কৰা আৰু ভাব বিনিময় কৰা কামটোৱে প্রমাণ কৰে যে কথাটোক বিজেপিয়ে কিমান গুৰুত্বসহকাৰে গ্রহণ কৰিছে৷ একেবাৰে সহজ আৰু সৰল কথাটো হ’ল– সাধাৰণ মানুহে বাতৰিকাকতখন নাচালেও, ৰেডি’–টিভিৰ বাতৰি নুশুনিলেও হাততে থকা ম’বাইল ফোনটো চাই থাকে, প্রয়োজনীয় খবৰ পায়েই থাকে৷ বিগত নির্বাচনত ষ্টাৰ কেম্পেইনাৰসকলৰ ভাষণ শুনিবলৈ আগ্রহী ভোটাৰ শৰণাপন্ন হ’ব লাগিছিল টেলিভিছন চেনেলৰ৷ টেলিভিছন চেনেলৰ মালিকৰ লগত ভাল সম্বন্ধ ৰখা ৰাজনৈতিক দলৰ বাবে কামটো সহজ আছিল, কিন্তু আনৰ বাবে নাছিল৷ এইবাৰ কিন্তু সেই সমস্যাৰ সমাধান কৰি দিছে ছ’চিয়েল মিডিয়াই৷ এইটো সাধাৰণ উদাহৰণহে, ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ, তাকো উদ্দেশ্য আগত ৰাখি কৰা ব্যৱহাৰ, এই কামটো তেনেই সহজ নহয়৷
পৰম্পৰাগত মাধ্যম, যেনে– ছপা, ৰেডি’, টেলিভিছন আদিৰ তুলনাত ছ’চিয়েল মিডিয়াই অধিক গুৰুত্ব লাভ কৰাৰ কাৰণ হ’ল– নূ্যনতম সময়ত প্রচাৰযোগ্য সামগ্রী সাজু কৰিব পৰা সুবিধা, লগে লগে মতামত পোৱাৰ সুবিধা আৰু সংবাদটো লগে লগেই বিয়পাই দিব পৰাৰ ক্ষমতা৷ বাতৰিকাকত বা ৰেডি’ৰ খবৰ এটা এজন নাগৰিকে পুনৰ প্রচাৰ কৰিব পৰা ক্ষমতা নাথাকে৷ কিন্তু ছ’চিয়েল মিডিয়াত সেয়া এটা স্পর্শৰ কাম৷ বাতৰিকাকত পঢ়া যিকোনো মানুহ এজনে কাকত এখন সম্পাদনা কৰিব নোৱাৰাটো স্বাভাৱিক কথা, কাৰণ এই কামটোৰ বাবে বিশেষ অর্হতাৰ প্রয়োজন আছে৷ ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাটোও, বিশেষকৈ এক বহল প্রেক্ষাপটত এক বিশেষ উদ্দেশ্য আগত ৰাখি কামটো কৰিব লাগিলে সেই বিষয়ে ভালদৰে জনা মানুহৰ খুবেই প্রয়োজন৷ বিজেপিৰ ছ’চিয়েল মিডিয়াৰ প্রচাৰ আৰু ব্যৱহাৰ আদিৰ পিনে চাই ক’ব পাৰি যে তেওঁলোকৰ এই প্রচাৰ আৰু ব্যৱহাৰত দক্ষ মানুহ নিযুক্ত কৰা হৈছে৷ আনকি বহুদিন আগৰ পৰাই তেওঁলোকক প্রশিক্ষণো দি থকা হৈছিল৷ তাৰ তুলনাত কংগ্রেছৰ উপস্থিতি দুর্বল, তেওঁলোকে গ্রাফিক্স–ভিডি’ আদি দক্ষ লোকৰ হাতেৰে কৰাইছে যদিও বক্তব্য উপস্থাপনৰ দুর্বলতা চকুত পৰা হৈছে৷ আনকি বহু ক্ষেত্রত ফটো আপলোড কৰা কামটোও তেনেই অযোগ্য মানুহৰ দ্বাৰা কৰা হৈছে৷ বিধানসভাত বহুদিন ধৰি কোনো প্রতিনিধি নথকা বামপন্থী দলৰ লোকসকলৰো ছ’চিয়েল মিডিয়াত উপস্থিতি বক্তব্যৰ দিশৰ পৰা চকুত পৰা যদিও তাৰ ব্যৱহাৰ শূন্য৷ টেলিভিছন চেনেলবোৰে যেনেদৰে পাঁচ বছৰ আগৰ মানসিকতাৰেই আজি অনুষ্ঠান কৰি থকা বাবে সেই অনুষ্ঠানসমূহ আকর্ষণীয় হৈ থকা নাই, তেনেদৰে ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ বাবেও যদি শিক্ষিত লোকক ব্যৱহাৰ কৰা নহয়, তেনেহ’লে তাৰ পৰা কোনোধৰণৰ সুফল ৰাজনৈতিক দলসমূহে পাব নোৱাৰিব৷