বিপন্ন বন্যপ্রাণী

গোলকীয়উষ্ণতাৰ ভয়াৱহতাৰ পৰা পৃথিৱী গ্রহক ৰক্ষা কৰিবলৈ গ্রীন হাউছ গেছৰ নির্গমন হ্রাসৰ সমান্তৰালভাৱে বনভূমি সংৰক্ষণ তথা গছপুলি ৰোপণ কৰাৰ ওপৰত ব্যাপক সজাগতা অভিযান গঢ়ি তোলা হৈছে৷ বিশ্ব সম্প্রদায়ৰ ঐক্যবদ্ধ এনে সজাগতা অভিযানৰ বিপৰীতে কিন্তু দেশে দেশে অব্যাহত আছে বন ধ্বংস কার্য৷ জীৱশ্রেষ্ঠ মানুহে প্রকৃতি আৰু পৰিৱেশৰ অবাধ ধ্বংসযজ্ঞত লিপ্ত হৈছে৷ বন মাফিয়াই সেউজ বনাঞ্চলৰ মূল্যৱান গছ–গছনি কাটি খাস্তাং কৰাৰ উপৰি জনসংখ্যা বৃদ্ধিৰ লগে লগে বনভূমিত স্থাপন হৈছে মানুহৰ নতুন বসতিস্থল৷ তদুপৰি নতুন নতুন উদ্যোগ, কল–কাৰখানা স্থাপনৰ নামতো অৰণ্য ধ্বংস কৰা হৈছে৷ প্রকৃতি আৰু পৰিৱেশৰ ওপৰত এনে নির্বিচাৰ অত্যাচাৰৰ ফল কিমান ভয়াৱহ হৈছে, সেই কথা হয়তো মানৱ জাতিয়ে গভীৰভাৱে উপলব্ধি কৰা নাই৷ পিছে ইয়াৰ বাস্তৱ চিত্রখন পোহৰলৈ আহিছে ‘ৱ’ল্ড ৱাইল্ডলাইফ ফাণ্ড’ৰ (ডব্লিউ ডব্লিউ এফ) শেহতীয়া প্রতিবেদনত৷ ইতিমধ্যে ডব্লিউ ডব্লিউ এফে ৰাষ্ট্রসংঘক দাখিল কৰা এই প্রতিবেদনত প্রকৃতি আৰু পৰিৱেশ ধ্বংসৰ ফলত বন্যপ্রাণীৰ অস্তিত্ব বিপন্ন হোৱাৰ কেতবোৰ অতি উদ্বেগজনক তথ্য সন্নিৱিষ্ট হৈছে৷ তথ্য অনুসৰি ১৯৭০ চনৰ পৰা ২০১৬ চনলৈ, এই প্রায় ৫ দশকৰ ভিতৰত স্তন্যপায়ী প্রাণী, পক্ষীকুল, মাছ আৰু সৰীসৃপৰ ২০ হাজাৰ প্রজাতিৰ ৬৮ শতাংশৰেই বিলুপ্তি ঘটিছে৷ বন্যপ্রাণীৰ অস্তিত্ব চিৰদিনৰ কাৰণে হেৰাই যোৱাৰ ঘটনা সর্বাধিক সংঘটিত হৈছে ১৯৭০ চনৰ পৰা ১৯৯০ চনৰ ভিতৰত৷ ৯০ৰ দশকৰ পৰা ইয়াৰ গতি কিছু স্তিমিত হ’লেও একেবাৰে বন্ধ হৈ যোৱা নাই৷
একমাত্র মানুহৰ ধ্বংসলীলাৰ বাবে অকল যে বন্যপ্রাণীৰ অস্তিত্বই বিপন্ন হৈছে সেয়া নহয়, বিগত ২০০০ চনৰ পৰা সমগ্র বিশ্বতে ১৯ লাখ মাইল বনভূমিৰ বিলুপ্তি ঘটিছে৷ বৃহৎসংখ্যক প্রজাতিৰ বন্যপ্রাণী আৰু বনভূমি এনেদৰে হেৰাই যোৱাৰ ফলত ক্ষতিগ্রস্ত হোৱা অর্থনীতিৰ পৰিমাণ ১ লাখ কোটি ডলাৰ হ’ব বুলিও উল্লেখ কৰা হৈছে ডব্লিউ ডব্লিউ এফৰ প্রতিবেদনখনত৷ বৃহৎ পৰিমাণৰ মাটিকালিৰ বনভূমি নিশ্চিহ্ণ হৈ যোৱাৰ লগে লগে পৰিৱেশৰ ওপৰত যে বিৰূপ প্রভাৱ পৰিছে, সেয়া নিশ্চিত৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– এই ধ্বংসযজ্ঞ যে শীঘ্রে বন্ধ হ’ব, তাৰ কোনো ইংগিত ডব্লিউ ডব্লিউ এফে দিয়া নাই৷ অর্থাৎ বিশ্বত প্রকৃতি আৰু পৰিৱেশৰ ওপৰত মানুহৰ অত্যাচাৰ যেন এক নিৰন্তৰ প্রক্রিয়ালৈ পর্যবসিত হৈছে৷ যদিহে এই কার্য বন্ধ নহয়, তেন্তে হয়তো সমগ্র জীৱকুলৰ প্রতিয়েই অস্তিত্বৰ সংকট নামি আহিব৷ এই প্রসংগতে মার্কিন মহাকাশ গৱেষণা সংস্থা ‘নাছা’ৰ নেতৃত্বত চলা এক আন্তর্জাতিক গৱেষণাৰ সতর্ক বার্তা উনুকিয়াব পাৰি৷ ‘নাছা’ৰ গডার্ড স্পেচ ফ্লাইট চেণ্টাৰৰ নেতৃত্বত চলা গৱেষণাটোত উল্লেখ কৰা অনুসৰি গ্রীন হাউছ গেছ নির্গমনৰ ফলত সৃষ্টি হোৱা উষ্ণায়নৰ পৰিণতিত গ্রীনলেণ্ড আৰু এণ্টার্কটিকাৰ বৃহৎ বৃহৎ হিমবাহসমূহ অতি দ্রুতগতিত গলিব ধৰিছে৷ এনে পৰিস্থিতি অব্যাহত থাকিলে অহা ৮০ বছৰ পাছত অর্থাৎ ২১০০ চনত পৃথিৱীৰ সমুদ্রৰ জলপৃষ্ঠ ১৫ ইঞ্চি পর্যন্ত বৃদ্ধি পাব পাৰে৷ ফলত সৃষ্টি হ’ব ভয়ংকৰ পৰিস্থিতি৷ এনেধৰণৰ সতর্ক বার্তাৰ প্রতি লক্ষ্য ৰাখিয়েই প্রকৃতি আৰু পৰিৱেশৰ ভাৰসাম্যতা বজাই ৰখাৰ ক্ষেত্রত সংশ্লিষ্ট সকলো পক্ষই গুৰুত্ব প্রদান কৰা উচিত৷