এবছৰীয়া হ’ল বিৰাট-অনুষ্কাৰ কন্যা

আজি এবছৰ সম্পূৰ্ণ হ’ল ভমিকাৰ। অভিনেত্ৰী অনুষ্কা শৰ্মা আৰু ক্ৰিকেটাৰ বিৰাট কোহলীৰ সন্তান ভমিকাৰ আজি প্ৰথম জন্মদিন। জন্মদিনৰ আগদিনা নিশাই অনুষ্কাই ছ’চিয়েল মিডিয়াত পোষ্ট কৰে এখন নতুন ফটো।

আৰু আজি জন্মদিনৰ দিনা অনুৰাগীৰ বাবে তিনিওজনৰে বিভিন্ন মুহূৰ্তৰ ফটোকেইখনমান পোষ্ট কৰিছে। তাত অৱশ্যে আজিও ভমিকাৰ মুখখন দেখুওৱা হোৱা নাই। এই তাৰকা দম্পত্তিয়ে আজিলৈ তেওঁলোকৰ কন্যাৰ মুখখন ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা নাই। আনকি, সংবাদ মাধ্যমকো এই কামৰ পৰা আঁতৰি থাকিবলৈ বাধা কৰি থৈছে।

জীয়ৰীৰ গোপনীয়তাৰ অধিকাৰ ৰক্ষা কৰিব বিচাৰে তেওঁলোকে। তাই সাবালক নোহোৱা পৰ্যন্ত ভমিকাৰ মুখখন শ্বেয়াৰ কৰিব নিবিচাৰে তেওঁলোকে। ভাৰতৰ ক্ৰিকেট টীমটোৱে দক্ষিণ আফ্ৰিকাত থকা হেতু বৰ্তমানে বিৰাট কোহলীৰ সৈতে অনুষ্কাও তাতে আছে। গতিকে. ভমিকাও প্ৰথম জন্মদিনত দক্ষিণ আফ্ৰিকাতে আছে।