নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ ঝিনজিয়াঙত চীনে সংখ্যালঘু উইঘোৰ মুছলমান সম্প্রদায়ৰ লোকৰ বিৰুদ্ধে চলাই থকা আতিশয্যৰ ঘটনাক ‘গণহত্যা’ আখ্যা দি কানাডাৰ সংসদে এক প্রস্তাৱত ভোটদান কৰাৰ পিছতে বিশ্বজুৰি সৃষ্টি হৈছে চাঞ্চল্য৷ দেশখনৰ সংসদত এই প্রস্তাৱৰ সপক্ষে ২৬৬গৰাকী সাংসদে ভোটদান কৰিছে যদিও বিপক্ষে এগৰাকীও সাংসদে ভোটদান কৰা নাই৷ অৱশ্যে প্রধানমন্ত্রী জাষ্টিন ট্রুডিউৰ কেবিনেটৰ সকলো সদস্য এই প্রক্রিয়াত ভোটদানৰ পৰা বিৰত থাকে৷ কিন্তু টুরডিউৰ শাসকীয় লিবাৰেল পার্টীৰ কেইবাগৰাকীও সাংসদে প্রস্তাৱৰ সপক্ষে ভোটদান কৰাৰ লগে লগে দেশখনৰ ৰাজনীতিত সৃষ্টি হৈছে তীব্র মতানৈক্য৷ দীর্ঘদিন ধৰি কানাডা আৰু চীনৰ মাজত বিভিন্ন বিষয় লৈ মতানৈক্য চলি আছে৷
আনকি কিছুদিন পূর্বে বিৰোধী পক্ষই আগন্তুক ২০২২ৰ শীতকালীন অলিম্পিক ক্রীড়া সমাৰোহ চীনত হ’ব নালাগে বুলি সংসদত এক প্রস্তাৱ গৃহীত কৰাইছে৷ টুরডিউ প্রশাসনে আনুষ্ঠানিকভাৱে চীন চৰকাৰৰ বিৰুদ্ধে গণহত্যাৰ অভিযোগ আনিবলৈ ইচ্ছা প্রকাশ কৰা নাই৷ কিন্তু বিৰোধী দলসমূহে উইঘোৰ সম্প্রদায়ৰ ওপৰত চলা নির্যাতনৰ বাবে চীন গণহত্যাত অভিযুক্ত বুলি ঘোষণা কৰি আহিছে৷ কানাডাৰ বিদেশ মন্ত্রালয়ে শেহতীয়া এই প্রস্তাৱক লৈ প্রতিক্রিয়া প্রকাশ কৰি কৈছে যে ঝিনজিয়াং সন্দর্ভত সংসদত গৃহীত কৰা প্রস্তাৱত চৰকাৰৰ সমর্থন নাই৷ গ্ল’বেল এফেয়ার্ছ কানাডাই এই সন্দর্ভত এক বিবৃতিও মুকলি কৰিছে৷ বিবৃতিটোত স্পষ্ট কৰি দিয়া হৈছে যে গণহত্যাৰ অভিযোগ অতি ভয়াৱহ৷ ইয়াক সমূহীয়া হত্যাৰ ঘটনাতহে আনিব পৰা যায়৷