মহিলা সাংবাদিকক ভাবুকি ইমৰান খানৰ

নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ পাকিস্তানৰ ইমৰান খান চৰকাৰে মহিলা সাংবাদিকৰ বিৰুদ্ধে অনলাইনযোগে বিভিন্ন ধৰণৰ আতিশয্য চলোৱা ঘটনাত উৎসাহ যোগাই আহিছে৷ শেহতীয়াকৈ কেইবাগৰাকীও চৰকাৰী বিষয়াৰ বিৰুদ্ধে এই অভিযোগ আনিছে মহিলা সাংবাদিকসকলে৷ ইমৰান খান নেতৃত্বাধীন পাকিস্তান তেহৰিক–ই–ইনছাফ (পিটিআই) চৰকাৰৰ ব্যর্থতা উদঙাই সংবাদ মাধ্যমত প্রতিবেদন প্রকাশ কৰাৰ বাবেই মহিলা সাংবাদিকসকল এই নির্যাতনৰ সন্মুখীন হৈছে৷ কেইবাগৰাকীও ছ’চিয়েল মিডিয়া কর্মীয়ে ইতিমধ্যে ইমৰান খান চৰকাৰৰ এনে আতিশয্যৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্রতিবাদ৷

অনলাইনযোগে বহু মহিলা সাংবাদিকক ইমৰান চৰকাৰৰ উচ্চপদস্থ বিষয়াই ভাবুকি দিয়া বুলি ৪০গৰাকী মহিলা সাংবাদিকে এক বিবৃতিত স্বাক্ষৰ কৰিছে৷ এই বিবৃতিত উল্লেখ কৰা হৈছে যে মহিলা সাংবাদিকসকলৰ ব্যক্তিগত সবিশেষ তথ্য ৰাজহুৱাকৈ মুকলি কৰি দিছে চৰকাৰে৷ ইয়াৰ ফলত সাংবাদিকসকলৰ জীৱনলৈ আহি পৰিছে ভাবুকি৷ ইফালে, এই আতিশয্যৰ ঘটনাৰ পাছতে সাংবাদিকসকলৰ অভিযোগৰ বিষয়টোক গুৰুত্বসহকাৰে লোৱাৰ প্রতিশ্রুতি দিছে মানৱ অধিকাৰ মন্ত্রী ছিৰিন মাজাৰিয়ে৷