ফেচবুকযোগে বিক্রী আমাজান বর্ষা অৰণ্যৰ অঞ্চল

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ ব্রাজিলৰ আমাজান বর্ষা অৰণ্যৰ গুৰুত্বপূর্ণ অঞ্চল অবৈধভাৱে ফেচবুকযোগে বিক্রী কৰা ঘটনাক কেন্দ্র কৰি তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ সংবাদ সংস্থা বিবিচিৰ নজৰলৈ আহিছে এই তথ্য৷ বিক্রী হোৱা বর্ষা অৰণ্যৰ ভিতৰত আছে আদিবাসী লোকসকলৰ বাবে সংৰক্ষিত ভূমি তথা অৰণ্য অঞ্চল৷ এই অৰণ্য অঞ্চলৰ কেইবাটাও প্লট ফেচবুকযোগে শ্রেণীবদ্ধ বিজ্ঞাপন হিচাপে বিক্রীৰ বাবে মুকলি কৰা হৈছে৷

ইয়াৰে একোটা প্লট ১০০০ ফুটবল খেলপথাৰৰ সম আয়তনৰ৷ ফেচবুকে উল্লেখ কৰা অনুসৰি স্থানীয় কর্তৃপক্ষৰ সৈতে এই বিষয়টো সন্দর্ভত কাম কৰিবলৈ ছ’চিয়েল মিডিয়া প্লেটফর্মটো সাজু হৈছে৷ কিন্তু নিজাববীয়াকৈ ফেচবুকে এইক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ নকৰে বুলি ইংগিত দিছে৷