ক’ভিড ভেকচিন ল’লে অষ্ট্রেলিয়াৰ প্রধানমন্ত্রী মৰিছনে

নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ অষ্ট্রেলিয়াত ক’ভিড–১৯ৰ গণ টিকাকৰণ আৰম্ভ হোৱাৰ পূর্বেই প্রধানমন্ত্রী স্কট মৰিছনে আজি এই ভেকচিন গ্রহণ কৰিছে৷ দেশখনত ভেকচিনৰ বিশ্বাসযোগ্যতা বৃদ্ধিৰ বাবে আজি মৰিছনে নিজৰ শৰীৰত এই ভেকচিন গ্রহণ কৰাৰ দৃশ্য চৰকাৰী টেলিভিছনযোগে সম্প্রচাৰ কৰা হৈছে৷

আনুষ্ঠানিকভাৱে কাইলৈৰ পৰা অষ্ট্রেলিয়াত আৰম্ভ কৰা হ’ব ক’ৰোনা প্রতিৰোধী গণ টিকাকৰণ৷ আগন্তুক এটা সপ্তাহত কমপক্ষেও ৬০ হাজাৰ ড’জ ভেকচিন জনসাধাৰণক প্রদান কৰাৰ সিদ্ধান্ত লৈছে অষ্ট্রেলিয়া চৰকাৰে৷ লক্ষণীয়ভাৱে কালি দেশখনত এই ভেকচিন প্রদান ব্যৱস্থাৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছে একাংশ লোকে৷ আজি ভেকচিন গ্রহণ কৰাৰ পিছতে অষ্ট্রেলিয়া চৰকাৰে এই ভেকচিনবিধ নিৰাপদ বুলি ঘোষণা কৰিছে৷