উপগ্রহ ছবি মুকলিঃ ডোকলাম সীমান্তত চীনে গঢ়ি তুলিছে গোলা–বাৰুদৰ বাংকাৰ

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ ২০১৭ চনত ডোকলামত সৃষ্টি হোৱা উত্তেজনাৰ পিছত পুনৰ এই অঞ্চলৰ সমীপতে চীনে গঢ়ি তুলিছে নতুন গোলা–বাৰুদৰ বাংকাৰ৷ সংবাদ সংস্থা এন ডি টিভিৰ উপগ্রহ চিত্রৰ বিশ্লেষণ কৰি এই কথা ঘোষণা কৰিছে৷

ডোকলাম মালভূমিৰ পূব প্রান্তৰ চিনচে–লা গিৰিপথৰ পৰা মাত্র ২.৫ কিলোমিটাৰ নিলগত চীনে এই অস্ত্র তথা গোলা–বাৰুদৰ বাংকাৰ গঢ়ি তুলিছে বুলি দাবী কৰিছে এন ডি টিভিয়ে৷

লগতে পঢ়কঃ “অসমৰ প্ৰথম মানুহ, যি মোক দম দিলেও মোৰ ভাল লাগে”- আৱেগিক হৈ এইদৰে ক’লে জুবিনে

লক্ষণীয়ভাৱে ভূটান আৰু চীন সীমান্তৰ সমীপৱর্তী ডোকলাম মালভূমিত ২০১৭ চনত পি এল এ তথা ভাৰতীয় বাহিনীৰ মাজত সৃষ্টি হোৱা উত্তেজনাই যুদ্ধৰ আশংকা কঢ়িয়াই আনিছিল৷ সামৰিক পর্যবেক্ষকসকলৰ মতে উপগ্রহৰ শেহতীয়া ছবিৰ দ্বাৰা এই কথা স্পষ্ট যে ডোকলাম মালভূমিত পুনৰ চীনা বাহিনীয়ে গোলা–বাৰুদ মজুত কৰা বাংকাৰ স্থাপন কৰিছে৷

অকল সেয়াই নহয়, ২০১৭ চনত দুই দেশৰ বাহিনীৰ মাজত সৃষ্টি হোৱা উত্তেজনাস্থলী ডোকলামৰ পৰা মাত্র সাত কিলোমিটাৰ দূৰত্বত অৱস্থান কৰিছে চীনা সেনাই৷ উপগ্রহ ছবিৰ ওপৰত নির্ভৰ কৰিয়েই দেশৰ সামৰিক বিশেষজ্ঞসকলে ঘোষণা কৰিছে যে পুনৰ ডোকালাম সীমান্তত সেনাক যুদ্ধৰ বাবে সাজু কৰিছে চীনে৷ নতুন এই গোলা–বাৰুদ মজুতকৰণৰ বাংকাৰ স্থাপনৰ জৰিয়তে চীনা বাহিনীয়ে ডোকলামত অৱস্থান সুদৃঢ় কৰিব বিচাৰিছে বুলিও একাংশ সামৰিক পর্যালোচকে আশংকা কৰিছে৷

উপগ্রহ ছবিৰ বিশ্লেষক তথা সামৰিক বিশেষজ্ঞ ছিম টেকে ঘোষণা কৰা অনুসৰি ডোকলামত যদি সামৰিক বিবাদ সৃষ্টি হয়, তেন্তে নতুন এই গোলা–বাৰুদ ৰখা বাংকাৰৰ পৰাই চীনে প্রতিপক্ষক আক্রমণ কৰাৰ সুযোগ গ্রহণ কৰিব৷ লক্ষণীয়ভাৱে ইয়াৰ সমীপৱর্তী ভূটান সীমান্তত ইতিমধ্যে চীনে কেইবাখনো গাঁও স্থাপন কৰা বুলি সংবাদ মাধ্যমে সদৰী কৰিছে৷ সংবাদ মাধ্যমৰ এই তথ্যৰ পিছতে শেহতীয়া উপগ্রহ ছবিয়ে পুনৰ খলকনি তুলিছে৷