বায়ুৰ জৰিয়তে সম্প্রসাৰণ হয় ক’ৰোনাৰ সংক্রমণ

নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ ঘাতক ক’ভিড–১৯ৰ সংক্রমণৰ ভয়াৱহ সম্প্রসাৰণ বায়ুৰ জৰিয়তে সংঘটিত হয় বুলি মেডিকেল জার্নেল লানছেটত প্রকাশ পাইছে৷ ছাৰছ ক’ভ–২ ভাইৰাছ বায়ুৰ জৰিয়তে মানৱ দেহত সংক্রমিত হোৱাৰ শক্তিশালী প্রমাণ লাভ কৰা বুলি লানছেটত প্রকাশ কৰা হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্র, গ্রেট ব্রিটেইন, কানাডাৰ ছয় বিশেষজ্ঞ আৰু ক’ল’ৰাডো বিশ্ববিদ্যালয়, কর্পাৰেটিভ ইনষ্টিটিউট ফৰ ৰিছার্চ ইন এনভাইৰনমেণ্টেল ছায়েঞ্চৰ কেমিষ্ট জ’ছ লুইছ জিমেৰেজৰ নেতৃত্বত এটা গৱেষকৰ দলে অধ্যয়ন আৰু গৱেষণা চলাই বায়ুৰ জৰিয়তে ক’ৰোনাৰ সংক্রমণ সম্প্রসাৰণ হয় বুলি নিশ্চিত কৰিছে৷

মন কৰিবলগীয়া যে ইয়াৰ পূর্বে বায়ুৰ জৰিয়তে ক’ভিডৰ সংক্রমণ নিশ্চিত বুলি দাবী কৰা হোৱা নাছিল৷ গৱেষকৰ দলটোৱে অধ্যয়ন চলাই এই কথা স্পষ্ট কৰে যে ক’ভিড–১৯ ভাইৰাছ সহজতে ডাঙৰ ড্রপ প্লেটৰ জৰিয়তে ইজনৰ পৰা সিজনৰ দেহলৈ সম্প্রচাৰিত হয়৷ বায়ুমণ্ডলত মহামাৰী ভাইৰাছটোৰ ড্রপ প্লেট ওপঙি ক্ষণিকতে বায়ুমণ্ডল দূষিত কৰে আৰু এই দূষিত বায়ু মানৱদেহৰ সংস্পর্শলৈ আহে৷ এনে কাৰণতে ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধ কৰাৰ ক্ষেত্রত জটিলতা আহি পৰে৷ বায়ুৰ জৰিয়তে ক’ভিড–১৯ৰ সংক্রমণ সম্প্রচাৰিত হোৱা বুলি বিশেষজ্ঞৰ দলটোৱে মেডিকেল জার্নেল লানছেটত প্রকাশ কৰি এই কথাও নিশ্চিত কৰে যে শীঘ্রেই বিশ্ব স্বাস্থ্য সংস্থাই তেওঁলোকৰ গৱেষণাৰ ফলাফলক মানি লোৱা উচিত৷ পূর্বৰ ধাৰণাৰ বিপৰীত ছবি এখন বিশেষজ্ঞৰ দলটোৱে দাঙি ধৰি বিশ্ব স্বাস্থ্য সংস্থা আৰু আন স্বাস্থ্য সম্পর্কীয় সংস্থাসমূহক বায়ুমণ্ডলৰ পৰা সংক্রমিত হ’ব পৰা বিষয়টোক হ্রাস কৰাৰ ওপৰত গুৰুত্ব দিবলৈ পৰামর্শ আগবঢ়াইছে৷

জার্নেলখনত বিশেষজ্ঞৰ দলটোৱে প্রকাশ কৰা গৱেষণাৰ প্রতিবেদনত বায়ুৰ জৰিয়তে যে ক’ভিডৰ সংক্রমণ সম্প্রসাৰণ হয়, সেই সন্দর্ভত ১০টা প্রমাণ দাঙি ধৰিছে৷ তেওঁলোকে প্রমাণ হিচাপে এজন ব্যক্তিৰ দ্বাৰা ৫৩জন লোক আক্রান্ত হোৱাৰ উদাহৰণ দাঙি ধৰে৷ স্কেগিট কয়ৰ ঘটনাত এজন ব্যক্তিৰ পৰা ৫৩জন লোক ক’ভিডত আক্রান্ত হৈছিল৷ এই আক্রান্ত ব্যক্তিজন আন আক্রান্ত ৫৩জনৰ সংস্পর্শলৈ অহা নাছিল অথবা উল্লিখিত ব্যক্তিকেইজনে আক্রান্ত ব্যক্তিজনৰ বিশেষ ওচৰলৈ অহা নাছিল৷ কিন্তু প্রদূষিত বায়ুৰ দ্বাৰাই মহামাৰী ভাইৰাছটোত আক্রান্ত হৈছে৷