২০২৪ৰ ভিতৰত চন্দ্রলৈ মহিলা নভোচৰ

নিয়মীয়া বাৰ্তা ১৩ এপ্ৰিলঃ আমেৰিকান মহাকাশ গৱেষণা সংস্থা নাছাই প্রথমবাৰৰ বাবে চন্দ্রলৈ প্রেৰণ কৰিব এগৰাকী মহিলা নভোচৰ আৰু এজন পুৰুষক৷ প্রথমবাৰৰ বাবে এয়া এক বর্ণিল অভিযান হ’ব জোনবাইৰ বুকুলৈ৷ ৰাষ্ট্রপতি বাইডেন আৰু উপ–ৰাষ্ট্রপতি হেৰিছ প্রশাসনৰ অধীনত নাছাই ‘আর্টিমিছ’ মহাকাশ গৱেষণাৰ কার্যসূচী হিচাপে চন্দ্রপৃষ্ঠলৈ ২০২৪ৰ ভিতৰত এগৰাকী পুৰুষ আৰু এগৰাকী মহিলা মহাকাশচাৰীক একেলগে প্রেৰণ কৰাৰ সিদ্ধান্ত লৈছে৷ প্রথমবাৰলৈ চন্দ্রপৃষ্ঠত ভৰি দিয়া মহিলা মহাকাশচাৰীগৰাকী কোন হ’ব সেয়া অৱশ্যে নাছাই এতিয়াও সদৰী কৰা নাই৷ কিন্তু এয়া হ’ব নাছাৰ ভাষাত ‘ফার্ষ্ট পাৰছন অৱ কালাৰ টু দ্য লুনাৰ ছার্ফেচ’৷

ইতিমধ্যে এই অভিযানৰ বাবে সন্মতি প্রকাশ কৰিছে বাইডেন–হেৰিছ প্রশাসনে৷ চন্দ্রৰ দক্ষিণ মেৰুত মহাকাশচাৰীয়ে প্রথমবাৰৰ বাবে খোজ পেলাব বুলিও নাছাই উল্লেখ কৰিছে৷ অকল সেয়াই নহয়, বাইডেন–হেৰিছ প্রশাসনৰ অধীনত ২০২৮ৰ ভিতৰত চন্দ্রপৃষ্ঠত বিভিন্ন নতুন গৱেষণা আঁচনি সফল কৰি তোলাৰ সিদ্ধান্ত লৈছে মহাকাশ গৱেষণা সংস্থাটোৱে৷ উল্লেখনীয় যে নাছাৰ এই কার্যসূচীক ‘আর্টিমিছ’ আখ্যা দিয়াৰ অন্তৰালতে আছে জোনবাইক লৈ গ্রীক দেৱীৰ নাম আৰু এপ’লোৰ যমজ ভগ্ণীৰ কাহিনী৷ উল্লেখনীয় যে নাছাৰ প্রথম চন্দ্র অভিযানৰ অন্তৰালত আছিল এপ’লোৰ কাহিনী৷