ক’ভিড ভেকচিন লৈছিল নেকি! হব পাৰে এইধৰণৰ পাৰ্শ্বক্ৰিয়া… জানি লওক

বিশেষ বাৰ্তা, ১৬ জানুৱাৰীঃ বেয়া খবৰ। ক’ভিড–১৯ ভেকচিনৰ অনেক পার্শ্বক্রিয়া থকা বুলি স্বীকাৰ কৰিলে কেন্দ্রীয় চৰকাৰে৷ প্রফুল্ল চাৰদা নামৰ পুনেৰ ব্যৱসায়ীজনে কৰা আৰটিআইৰ উত্তৰত চিৰাম ইনষ্টিটিউট অব ইণ্ডিয়াৰ ক’ভিশ্বিল্ড আৰু ক’ব’ভেক্স, ভাৰত বায়’টেক লিমিটেডৰ ক’ভাক্সিন, ড০ ৰেড্ডিজ লেবৰেটেৰীজৰ আমদানিকৃত স্পুটনিক ভি, বায়’ল’জিকেল ই লিমিটেডৰ ক’ৰবেভেক্স আদি ক’ভিড ভেকচিনৰ পার্শ্বক্রিয়া অনেক হৈছে বুলি আইচিএমআৰ আৰু চিডিএছচি’ই প্রকাশ কৰিছে৷ পুনেৰ ব্যৱসায়ী এগৰাকীৰ তথ্য জনাৰ অধিকাৰ আইনৰ উত্তৰ দি ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচার্ছ (আইচিএমআৰ) আৰু চেন্ট্রেল ড্রাগছ ষ্টেণ্ডার্ড কন্ট্রোল অর্গেনাইজেছন (চিডিএছচি’)ই ক’ভিড ভেকচিনৰ পার্শ্বক্রিয়া অনেক বুলি স্বীকাৰ কৰিছে৷ কেন্দ্রীয় চৰকাৰৰ দুটাকৈ শীর্ষ নিৰীক্ষণ প্রহৰী সংস্থা আইচিএমআৰ আৰু চিডিএছচি’ই ক’ভিড ভেকচিনৰ পার্শ্বক্রিয়া থকা বুলি দুবছৰৰ পাছত স্বীকাৰ কৰাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আৰ টি আইৰ তথ্য মতে ক’ভিশ্বিল্ডৰ পার্শ্বক্রিয়া শৰীৰত অনেক ঘটিছে৷ ক’ভিশ্বিল্ড দিয়া দেহৰ অংগত বিষ, কেইবাটাও ৰঙা দাগ, কোনো কাৰণ নোহোৱাকৈ বমি হোৱা, গুৰুতৰ পেটৰ বিষ অথবা মূৰৰ বিষ, বমি নোহোৱাকৈ পেটৰ বিষ তথা মূৰৰ বিষ, বুকুৰ বিষ, উশাহ চুটি হোৱা, ভৰিৰ কলাফুলত বিষ, শৰীৰৰ বিভিন্ন অংগত অস্বাভাৱিক আচৰণ, চকুৰ বিষ, মানসিক স্থিতিৰ পৰিৱর্তন আনকি মানসিক হতাশাৰ সৃষ্টি কৰিছে৷ তেনেদৰে ক’ব’ভেক্সৰ ফলত হোৱা পার্শ্বক্রিয়াৰ ভিতৰত বেজী দিয়া স্থানত বিষৰ লগতে খজুৱতি, শৰীৰৰ বিভিন্ন অংগত বিষ অনুভৱ, জ্বৰ, বমি হোৱা, মূৰৰ বিষ, গাঁঠিৰ বিষ, পিঠিৰ বিষ, টোপনিৰ ভাব অহা আদি আছে৷ আনপিনে, ক’ভাক্সিন, স্পুটনিক ভি, ক’ৰবেভেক্স আদি ক’ভিড ভেকচিনৰো অনেক পার্শ্বক্রিয়া আছে বুলি আইচিএমআৰ আৰু চিডিএছচি’ই স্বীকাৰ কৰিছে৷ তথ্য মতে ক’ভাক্সিন লোৱা হাতৰ অংশত সামান্য বিষ, ফুলি অহাৰ দৰে পার্শ্বক্রিয়া আছে৷ তদুপৰি মূৰৰ বিষ, অলস ভাব, জ্বৰ, শৰীৰৰ বিষ, পেটৰ বিষ, বমি ভাব অহা, এলাহ লগা, ঠাণ্ডা লগা আৰু কফো পার্শ্বক্রিয়া হিচাপে শৰীৰত ধৰা দিছে৷ স্পুটনিক ভি লোৱা লোকসকলৰ দেহত গৰম ভাব অহা, জ্বৰ, মূৰৰ বিষ, অস্বাভাৱিক ধৰণে গা বেয়া লগা, বেজীটো দিয়া স্থানত বিষ, ফুলি উঠা আদি পার্শ্বক্রিয়া হৈছে৷ ক’ৰবেভেক্স ভেকচিনৰ পার্শ্বক্রিয়াৰ ভিতৰত জ্বৰ, মূৰৰ বিষ, অলস ভাব অহা, শৰীৰত বিষ অনুভৱ, বমি ভাব হোৱা, এলাহ লগা, গৰম লগা, গা জ্বলা–পোৰা কৰা আদিৰ উপৰিও ভেকচিন লোৱা ঠাইত বিষ, খজুৱতিৰ লগতে ফুলি উঠা পার্শ্বক্রিয়া চলিছে৷ মন কৰিবলগীয়া যে ক’ভিড–১৯ মহামাৰীৰ সময়ত ক’ভিড ভেকচিন বাধ্যতামূলক কৰা কেন্দ্রীয় চৰকাৰে অৱশেষত ওলোটা খৰ মাৰি উচ্চতম ন্যায়ালয়ত নাগৰিকসকলে স্বেচ্ছাই ক’ভিড ভেকচিন লোৱা বুলি শপতনামা দাখিলৰ কিছুদিন পিছত ক’ভিড ভেকচিনৰ অনেক পার্শ্বক্রিয়া হোৱা বুলি চৰকাৰৰেই দুটা প্রধান সংস্থা আইচিএমআৰ আৰু চিডিএছচি’ই স্বীকাৰ কৰিলে৷ ইয়ে ক’ভিড ভেকচিনক লৈ চলি থকা সন্দেহক প্রমাণিত কৰাই নহয়, আইচিএমআৰৰ পিআই’ ড০ লেয়ানা চুজান জর্জ আৰু চিডিএছচি’ৰ পিআই’ সুশান্ত সৰকাৰে বিভিন্ন তথ্যৰ আধাৰত প্রকাশিত ক’ভিড ভেকচিনৰ পার্শ্বক্রিয়াৰ ঘোষণাই দেশৰ নাগৰিকক শংকিত কৰি তুলিছে৷

Featured