আনুষ্ঠানিকভাৱে জাপানৰ প্রধানমন্ত্রীৰ দায়িত্বত য়’শ্বিহিডে

নিয়মীয়া বাৰ্তা ১৭ ছেপ্টেম্বৰঃ জাপানৰ শাসকীয় দল লিবাৰেল ডেম’ক্রেটিক পার্টী (এলডিপি)ৰ নেতা নির্বাচিত হোৱাৰ পিছত  আনুষ্ঠানিকভাৱে দেশখনৰ সংসদে য়’শ্বিহিডে ছুগাক প্রধানমন্ত্রী নির্বাচিত কৰিছে৷ পূর্বৰ প্রধানমন্ত্রী শ্বিনজো আবেৰ পদত্যাগৰ পাছতে দেশখনত ৰাজনৈতিক অস্থিৰতা সৃষ্টি হৈছিল৷

স্মর্তব্য যে প্রধানমন্ত্রী হোৱাৰ পূর্বে দেশখনৰ মুখ্য কেবিনেট সচিবৰ দায়িত্ব পালন কৰিছিল ছুগাই৷ লক্ষণীয়ভাৱে এক সংকটকালত প্রধানমন্ত্রীৰ দায়িত্ব লাভ কৰিছে নেতাগৰাকীয়ে৷