মাতৃৰ অন্ত্যেষ্টিক্রিয়া সামৰিয়েই নিৰ্ধাৰিত কাৰ্যসূচীত ভাৰ্চুৱেলী অংশগ্ৰহণ মোদীৰ

বিশেষ বাৰ্তা, ৩০ ডিচেম্বৰঃ মাতৃৰ বিয়োগৰ পিছতো নির্ধাৰিত চৰকাৰী কার্যসূচীত নিজকে ব্যস্ত ৰাখিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ গুজৰাটৰ গান্ধীনগৰস্থিত ৩০ ছেক্টৰৰ শ্মশানত মাতৃ হীৰাবেন মোদীৰ অন্ত্যেষ্টিক্রিয়া সম্পন্নৰ পিছতেই প্রধানমন্ত্রী মোদীয়ে পশ্চিমবংগত নির্ধাৰিত উন্নয়ন প্রকল্পৰ কার্যসূচীত অংশগ্রহণ কৰে৷ পশ্চিমবংগৰ হাওৰা–নিউজলপাইগুৰি বন্দে ভাৰত এক্সপ্রেছ ভার্চুৱেলী পতাকা জোকাৰি শুভ উদ্বোধন কৰে৷ প্রধানমন্ত্রী মোদীয়ে মাতৃৰ বিয়োগৰ শোকৰ মাজতে নির্ধাৰিত কৰি ৰখা হাওৰা–নিউ জলপাইগুৰি বন্দে ভাৰত এক্সপ্রেছ মুকলি কৰাৰ উপৰি কেইবাটাও চৰকাৰী কার্যসূচীত অংশগ্রহণ কৰে৷ প্রধানমন্ত্রীৰ কার্যালয়ে টুইটযোগে প্রকাশ কৰা মতে হাওৰা–নিউ জলপাইগুৰি বন্দে ভাৰত এক্সপ্রেছ মুকলি কৰাৰ পিছত প্রধানমন্ত্রী মোদীয়ে পশ্চিমবংগত কেইবাটাও উন্নয়নমূলক প্রকল্পৰ কার্যসূচীত অংশ লয়৷ তদুপৰি ৰাষ্ট্রীয় গংগা আয়োগৰ বৈঠকতো অংশগ্রহণ কৰে প্রধানমন্ত্রীগৰাকীয়ে৷ এই কৰ্মনিষ্ঠাক বিজেপিৰ নেতা–কর্মীয়ে কর্মযোগী বুলি প্ৰশংসা কৰে৷ মাতৃৰ বিয়োগৰ দিনাই অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰাৰ অন্তত চৰকাৰী কার্যসূচীত অংশ লোৱা প্রধানমন্ত্রীৰ সিদ্ধান্তক তেওঁৰ সতীর্থ মন্ত্রীৰ লগতে বিজেপি নেতাসকলে দেশৰ প্রতি থকা প্রধানমন্ত্রীৰ উৎসর্গিত মনক ভূয়সী প্রশংসা কৰে৷ মাতৃৰ অন্ত্যেষ্টিক্রিয়া সমাপন কৰিয়েই চৰকাৰী কার্যসূচীত অংশ লৈ প্রধানমন্ত্রী মোদীয়ে নিজৰ দেশৰ প্রতি থকা কর্তব্য নিষ্ঠাক পুনৰবাৰ প্রদর্শন কৰিলে বুলি ছ’চিয়েল মিডিয়াত চর্চা চলিছে৷

Featured