ভয়ংকৰ নহয় কৰোণাৰ নতুন ভেৰিয়েণ্ট ইহু

ফ্ৰান্সত ধৰা পৰা কৰোণাৰ নতুন ভেৰিয়েণ্ট ইহু বৰ বেছি গুৰুতৰ নহয়। এই কথাৰে ত্ৰস্তমান বিশ্ববাসীক কিছু সকাহ দিছে বিশ্ব স্বাস্থ্য় সংস্থাই। জেনেভাত প্ৰেছক সম্বোধন কৰি এই কথা জনালে বিশ্ব স্বাস্থ্য় সংস্থাৰ কভিড দপ্তৰৰ ইনচিডেণ্ট মেনেজাৰ আবডি মাহমুদে। নৱেম্বৰত ফ্ৰান্সত প্ৰথম ধৰা পৰা ইহু ভাইৰাছৰ বিস্তাৰিত হোৱাৰ বহু সুযোগ আছিল যদিও সেয়া হৈ নুঠিল। বিগত বৰ্ষত যি সময়ত দক্ষিণ আফ্ৰিকাত অমিক্ৰন ধৰা পৰিছিল, সেই সময়তে দক্ষিণ আল্পছত ১২ জন লোকৰ দেহত ধৰা পৰিছিল ইহু ভাইৰাছ।