প্রতিৱেশী দেশৰে যুদ্ধ কৰা উচিত নহয় পাকিস্তানে

🔹 কৰটাৰপুৰত পাক পঞ্জাবৰ মুখ্যমন্ত্রী মৰিয়মৰ মন্তব্য

বিশেষ বাৰ্তা, ২১ এপ্রিল : প্রতিৱেশীৰ সৈতে যুদ্ধ কৰা উচিত নহয় পাকিস্তানে৷ পাকিস্তানৰ পঞ্জাব প্রদেশৰ মহিলা মুখ্যমন্ত্রী মৰিয়ম শ্বৰীফে শেহতীয়াকৈ এই মন্তব্য কৰিছে৷ প্রাক্তন পাক প্রধানমন্ত্রী নৱাজ শ্বৰীফৰ দুহিতা মৰিয়মে শিখসকলৰ এক অনুষ্ঠানত অংশগ্রহণ কৰি প্রতিৱেশী দেশসমূহৰ সৈতে সৌহার্দ্যমূলক সম্পর্ক ৰখাৰ বার্তা দিলে৷ মৰিয়মৰ বার্তাত ভাৰতৰ নাম নাথাকিলেও কূটনৈতিক বিশেষজ্ঞসকলৰ একাংশৰ মতে পৰোক্ষভাৱে ভাৰতৰ সৈতে শান্তি ৰক্ষাৰ বার্তা দিছে মুখ্যমন্ত্রীগৰাকীয়ে৷ মৰিয়মৰ এই বার্তাৰ অন্তৰালত তেওঁৰ পিতৃ তথা পিএমএল–এনৰ মুৰব্বী তিনিবাৰৰ পাক প্রধানমন্ত্রী নৱাজ শ্বৰীফৰ ভূমিকা আছে বুলি কূটনৈতিক মহলে ধাৰণা কৰিছে৷ বৈশাখী উপলক্ষে পাকিস্তানৰ কৰটাৰপুৰৰ দৰবাৰ ছাহিব গুৰুদ্বাৰ দর্শনলৈ গৈছিল ২,৪০০ শিখ ভক্ত৷ ইয়াৰ বৃহৎ অংশ এটা আছিল ভাৰতীয় পর্যটক৷ পৰহি এই গুৰুদ্বাৰ দর্শন কৰে মৰিয়মে৷ এই গুৰুদ্বাৰতেই মৰিয়মে উল্লেখ কৰে যে পাক পঞ্জাব প্রদেশৰ সৈতে শিখসকলৰ সম্পর্ক অতি গভীৰ৷ আনকি ৫০ বছৰীয়া মৰিয়মে নিজৰ মন্ত্রীসভাত প্রথমবাৰলৈ এগৰাকী শিখ সম্প্রদায়ৰ সদস্যক স্থান দিয়া বুলিও মন্তব্য কৰে৷ মৰিয়মে মুখ্যমন্ত্রীৰ দায়িত্ব গ্রহণ কৰাৰ পাছতে ভাৰতৰ শিখ সম্প্রদায়ৰ লোকসকলে তেওঁক অভিনন্দন জনোৱা বুলিও উল্লেখ কৰে৷ এই অনুষ্ঠানতেই মৰিয়মে উল্লেখ কৰে যে ২০১৩ চনত কৰটাৰপুৰ কৰিড’ৰৰ আধাৰশিলা স্থাপন কৰিছিল তেওঁৰ পিতৃয়ে৷

Featured