নিয়মীয়া বাৰ্তা, ১৩ নবেম্বৰঃ আমেৰিকাৰ নৱনির্বাচিত ৰাষ্ট্রপতি জ’ বাইডেনে বিশিষ্ট ৰাজনীতিক নেতা ৰন ক্লাইনক হোৱাইট হাউছৰ পৰৱর্তী চীফ অফ ষ্টাফ হিচাপে বাছনি কৰিছে৷ ১৯৮০ চনৰে পৰা ছিনেটত ক্লাইনে জ’ বাইডেনৰ ঘনিষ্ঠ সহযোগী হিচাপে বিভিন্ন দায়িত্ব পালন কৰি আহিছে৷
আনকি উপ–ৰাষ্ট্রপতিৰ দায়িত্বত থকা অৱস্থাতো জ’ বাইডেনৰ সহযোগী হিচাপে কাম কৰিছিল ক্লাইনে৷ স্মর্তব্য যে ৰাষ্ট্রপতি বাৰাক অ’বামাৰো হোৱাইট হাউছত এগৰাকী বিশ্বস্ত বিষয়া আছিল ৰন ক্লাইন৷
লক্ষণীয়ভাৱে ডেম’ক্রেটিক উপ–ৰাষ্ট্রপতি আল গোৰৰ চীফ অৱ ষ্টাফৰ দায়িত্বও পালন কৰিছিল ক্লাইনে৷ দীর্ঘদিন ধৰি ডেম’ক্রেটিক শিবিৰৰ সহযোগী হিচাপে থকা ক্লাইনক জ’ বাইডেনে হোৱাইট হাউছৰ চীফ অফ ষ্টাফ হিচাপে বাছনি কৰাৰ লগে লগে বিষয়টোৱে দেশখনৰ সংবাদ মাধ্যমত চর্চা লাভ কৰিছে৷