বিশ্বজুৰি নিষিদ্ধ হ’ব পৰমাণু অস্ত্রৰ ব্যৱহাৰ

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ  কেইবা দশকজোৰা প্রচাৰৰ ফলত পৰমাণু অস্ত্র প্রতিৰোধ চুক্তি এতিয়া আন্তর্জাতিক আইনৰ এক অংশ হৈ পৰিছে৷ আজি প্রথমবাৰলৈ পৰমাণু অস্ত্র নিষিদ্ধৰ চুক্তি আন্তর্জাতিক আইনৰ আওতালৈ আহিছে৷ এই ঘটনাক ঐতিহাসিক পদক্ষেপ বুলি অভিহিত কৰিছে বিশ্বৰ শান্তিকামী বিভিন্ন সংস্থা তথা জনসাধাৰণে৷

লক্ষণীয়ভাৱে পৰমাণু অস্ত্র নিষিদ্ধকৰণৰ চুক্তিক বিশ্বৰ গৰিষ্ঠসংখ্যক দেশে আদৰণি জনাইছে যদিও এই গণবিধ্বংসী অস্ত্রৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ চেষ্টা চলোৱা বিষয়টোক লৈ তীব্র আপত্তি দর্শাইছে পৰমাণু শক্তিধৰ দেশসমূহে৷ দ্বিতীয় বিশ্বযুদ্ধত হিৰোছিমা আৰু নাগাছাকিত আমেৰিকাই চলোৱা পাৰমাণৱিক আক্রমণৰ পিছৰে পৰা এই গণবিধ্বংসী অস্ত্রৰ ব্যৱহাৰ নিষিদ্ধ কৰিব লাগে বুলি সমগ্র পৃথিৱীত প্রচাৰ চলাই আহিছে শান্তিকামী বিভিন্ন সংগঠনে৷ ২০১৭ৰ জুলাইত ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদত এই চুক্তিত প্রথম অনুমোদন জনোৱা হৈছিল৷

১২০খনতকৈ অধিক দেশে এই চুক্তিত অনুমোদন জনাইছিল যদিও আমেৰিকা, ৰাছিয়া, ব্রিটেইন, চীন, ফ্রান্স, ভাৰত, পাকিস্তান, উত্তৰ কোৰিয়া আৰু ইজৰাইলে ইয়াত আপত্তি দর্শাইছিল৷ আনকি ৩০ ৰাষ্ট্রৰ সংগঠন নাটো বাহিনীয়েও ইয়াক নিষিদ্ধ কৰাৰ চুক্তিত আপত্তি দর্শাইছিল৷ লক্ষণীয়ভাৱে আণৱিক হিংস্রতাৰ সন্মুখীন হোৱা জাপানেও এই চুক্তিক সমর্থন কৰা নাই৷ তথাপি ইণ্টাৰনেচনেল কেম্পেইন টু এব’লিছ নিউক্লিয়াৰ ৱেপ’ন শীর্ষক সংস্থাটোৰ প্রচাৰৰ বাবেই আন্তর্জাতিক আইনৰ অংশ হৈ পৰিছে এই চুক্তি৷