মাজ আকাশত দুই হেলিকপ্টাৰৰ সংঘৰ্ষ, ১০জনৰ প্ৰাণহানি

বিশেষ বাৰ্তা, ২৩ এপ্ৰিল : মালয়েছিয়াত নৌসেনাৰ বৰ্ষপূৰ্তি উপলক্ষে চলি আছিল সেনাৰ হেলিকপ্টাৰৰ অনুশীলন। এই সময়তে এক ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয়। অনুশীলনৰ সময়ত দুখন হেলিকপ্টাৰ ওচৰ চাপি আহে আৰু ইয়াৰ পিছতে দুয়োখন হেলিকপ্টাৰৰ মাজত সংঘৰ্ষ হয়। ঘটনাত নৌসেনাৰ পেৰেড খেলপথাৰত সৰি পৰে দুয়োখন হেলিকপ্টাৰ। ৰয়েল মালয়েছিয়ান নৌসেনাই এক বিবৃতি প্ৰকাশ কৰি কয় যে এই ঘটনাত কমেও ১০জন লোকৰ মৃত্যু হৈছে। মঙলবাৰে স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৯:৩০ বজাৰ পৰা আৰম্ভ হয় হেলিকপ্টাৰৰ অনুশীলন। আনহাতে, হেলিকপ্টাৰ দুখনত পাইলটকে ধৰি ১০জন লোক থকাৰ খবৰ পোৱা গৈছে। সকলোৰে মৃত্যু হৈছে। এই ঘটনাৰ ভিডিঅ’ পোহৰলৈ আহিছে। ভিডিঅ’টোত দেখা মতে, ৬-৭খন হেলিকপ্টাৰে একেলগে অনুশীলন চলাই আছিল। হঠাৎ এখন হেলিকপ্টাৰ আন এখন হেলিকপ্টাৰৰ ওচৰ চাপি আহে। তাৰ পিছতে এখন হেলিকপ্টাৰে আনখন হেলিকপ্টাৰত খুন্দা মাৰে। মৃতদেহকেইটা উদ্ধাৰ কৰি লুমুট আৰ্মী হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

Featured