নিজৰ অজ্ঞাতেই ব্রাজিলত ‘ছুপাৰমেন’ লিঅ’নার্ডো

🔹 অতিমানৱীয় শক্তি অবিহনেই দেশজুৰি মানুহক কৰিছে সহায়

বিশেষ বাৰ্তা, ১৯ এপ্রিল : মানুহৰ মাজতেই থাকে অতিমানৱ বা ‘ছুপাৰমেন’৷ অকল শাৰীৰিক সক্ষমতাই নহয়, মন–মানসিকতাতো অন্যতকৈ শক্তিশালী হ’বলগীয়া হয় এই ‘ছুপাৰমেন’৷ নহ’লে অসহায়সকলক সহায় কৰিব কেনেদৰে, এই ভাবনাৰ জীৱন্ত উদাহৰণ লিঅ’নার্ডো মূলার্ট৷ ৩৬ বছৰীয়া মূলার্টৰ ‘ছুপাৰমেন’ হৈ উঠাৰ কাহিনী চমৎকাৰ৷ ২০২২ চনত হঠাতে সাধাৰণ মানুহৰ পৰা ‘ছুপাৰমেন’ বা অতিমানৱ হৈ উঠে মূলার্ট৷ মূলার্টে সেই বছৰ ছাও পাওলোত প্রেমিকাৰ সৈতে অৱসৰ বিনোদন কৰি কটাইছিল৷ অৱসৰ বিনোদন কৰি কটোৱা সময়ত ‘ছুপাৰমেন’ৰ পোছাক পৰিধান কৰা মূলার্টৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে৷ কিন্তু মূলার্টে এই কথা জানিব পৰা নাছিল৷ কাৰণ সেই সময়ত মূলার্টৰ কোনো ছ’চিয়েল মিডিয়া একাউণ্টো নাছিল৷ কিন্তু চলচ্চিত্র ‘ছুপাৰমেন’ তথা হলীউডৰ তাৰকা খ্রীষ্টোফাৰ ৰিভৰ সৈতে মূলার্টৰ শাৰীৰিক সাদৃশ্য দেখি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকল চমকি উঠে৷ ভাইৰেল হৈ পৰে এটা টিকটক ভিডিঅ’৷ ইয়াৰ পিছতে নতুন জীৱন আৰম্ভ হয় অখ্যাত মূলার্টৰ৷ ব্রাজিলৰ এই ‘ছুপাৰমেন’ নিজৰ অজ্ঞাতেই অনলাইনত হিৰো হৈ উঠে৷ যেতিয়াই মূলার্টে এই কথা জানিব পাৰিলে, তেতিয়াই নিজৰ চেহেৰাক কামত লগাবলৈ আৰম্ভ কৰিলে৷ ‘ছুপাৰমেন’ৰ পোছাক পৰিধান কৰি সমগ্র ব্রাজিল ভ্রমণ কৰে মূলার্টে৷ অন্য অতিমানৱীয় কোনো দক্ষতা নাথাকিলেও ‘ছুপাৰমেন’ৰ বেশ ধৰি মানুহক আনন্দ দি ফুৰিছে ৬ ফুট ৭ ইঞ্চি ওখ যুৱক মূলার্টে৷ বর্তমান ব্রাজিলৰ বিভিন্ন চহৰ তথা গাঁৱৰ বহু হাস্পতাল, বিদ্যালয় আৰু সেৱামূলক অনুষ্ঠানত অংশগ্রহণ কৰে লিঅ’নার্ডো মূলার্টে৷ ব্রাজিলজুৰি মূলার্টে মানুহক ‘ছুপাৰমেন’ৰ বেশত সহায় কৰি ফুৰিছে৷

Featured