নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ অসমৰ স্পৰ্টছ বাইকাৰসকলৰ বাবে সুখবৰ। প্ৰখ্যাত বাইক নিৰ্মাণ কোম্পানী KTMয়ে আজি বজাৰত মুকলি কৰিলে ইয়াৰ শেহতীয়া মডেল MY21 KTM 125 DUKE । ভাৰতৰ নম্বৰ ১ দ্ৰুতবেগী আৰু অতি জনপ্ৰিয় মটৰ চাইকেল ব্ৰেণ্ড KTMয়ে বজাৰত মুকলি কৰিলে ইয়াৰ নতুন সংস্কৰণ MY21 KTM 125 DUKE । বাইক ৰাইডাৰসকলক নতুন অভিজ্ঞতা প্ৰদানৰ প্ৰতিশ্ৰুতিৰে গুৱাহাটীৰ ছয়মাইলস্থিত KTMৰ Show roomত এতিয়াৰে পৰা উপলব্ধ হব এই নতুন দুচকীয়া বাহনখন৷ এই নতুন বাইকখনৰ বজাৰমূল্য হৈছে ১,৫১,২২৬ ।
এই মূল্যতে বাইকখনে আপেক্ষিকভাৱে কম মূল্যতে সকলো অত্যাধুনিক প্ৰযুক্তি সম্পন্ন যথেষ্ট দামী স্পৰ্টছ বাইকক ফেৰ মাৰিব পাৰিব। বৰ্তমান electronic orange আৰু Ceramic White দুটা ৰঙত বজাৰত উপলব্ধ হ’ব এই বাইক খন । KTM1290 SUPER DUKEক শক্তিশালী আৰু অত্যাধুনিক ৰূপত সজাই পৰাই বজাৰত মুকলি কৰা হৈছে এই KTM125 DUKE । আকৰ্ষণীয় ডিজাইন, অত্যাধুনিক প্ৰযুক্তি তথা সা–সুবিধাৰে নিৰ্মিত এই বাইকখন এতিয়াৰে পৰা উপলব্ধ হব গুৱাহাটীৰ শ্ব’ৰুমত।ইয়াৰ ডিজাইন হৈছে অতি আকৰ্ষণীয় । কমৰ্ফটেবুল চিট, ডাঙৰ ষ্ট্ৰীল টাংকেৰে ই বাইকাৰচ সকলক দিব এক নতুন আমেজ। বাইকাৰচসকলৰ লগতে পেচেনজাৰৰ বাবেও বহা ছিট সুবিধাজনকভাৱে গঢ়ি তোলা হৈছে এই নতুন সংস্কৰণত।
ইয়াৰোপৰি টেংকৰ জোখ হৈছে ১৩.৫ লিটাৰ৷ duke 125ত WP Suspension ৰো নতুনকৈ আপগ্ৰেড কৰা হৈছে। সমগ্ৰ ভাৰতৰে বাইক ৰাই়ডাৰচ সকলক এই আপগ্ৰেডেড WP Suspensionয়ে পূৰ্বৰ তুলনাত নতুন অভিজ্ঞতা প্ৰদান কৰিব । বাইকখনৰ উদ্ধোধনী অনুষ্ঠাত উপস্থিত থাকি প্ৰতিষ্ঠানটোৰ সভাপতি Summet Narangয়ে সকলোকে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে । উল্লেখ্য যে,Ready to race এই দৰ্শনেৰে ১৯৫৩ চনৰ পৰা এতিয়ালৈকে ৬৬ টা বছৰত ৩০০ খনতকৈও অধিক বিশ্ব চেম্পিয়নশ্বিপত KTM ব্যৱহাৰ কৰা হৈছে । বৰ্তমান ২০১২ চনত ভাৰতত প্ৰৱেশ কৰাৰ পাছৰে পৰা এতিয়ালকৈ ভাৰতৰ ৩৬৫ খন চহৰ আৰু ৪৬০ টা শ্বৰূমত KTM উপলব্ধ । এই কম সময়ৰ ভিতৰতে KTMয়ে প্ৰায় ২.৭ লাখ গ্ৰাহকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।