নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্পৰ্টছ বাইকাৰসকলৰ বাবে সুখবৰঃ নতুন সংযোজনেৰে বজাৰলৈ আহিল MY21 KTM 125 DUKE

নিয়মীয়া বাৰ্তা, ‍১৭ ডিচেম্বৰঃ অসমৰ স্পৰ্টছ বাইকাৰসকলৰ বাবে সুখবৰ। প্ৰখ্যাত বাইক নিৰ্মাণ কোম্পানী KTMয়ে আজি বজাৰত মুকলি কৰিলে ইয়াৰ শেহতীয়া মডেল MY21 KTM 125 DUKE । ভাৰতৰ নম্বৰ ১ দ্ৰুতবেগী আৰু অতি জনপ্ৰিয় মটৰ চাইকেল ব্ৰেণ্ড KTMয়ে বজাৰত মুকলি কৰিলে ইয়াৰ নতুন সংস্কৰণ MY21 KTM 125 DUKE । বাইক ৰাইডাৰসকলক নতুন অভিজ্ঞতা প্ৰদানৰ প্ৰতিশ্ৰুতিৰে গুৱাহাটীৰ ছয়মাইলস্থিত KTMৰ Show roomত এতিয়াৰে পৰা উপলব্ধ হব এই নতুন দুচকীয়া বাহনখন৷ এই নতুন বাইকখনৰ বজাৰমূল্য হৈছে ১,৫১,২২৬ ।

এই মূল্যতে বাইকখনে আপেক্ষিকভাৱে কম মূল্যতে সকলো অত্যাধুনিক প্ৰযুক্তি সম্পন্ন যথেষ্ট দামী স্পৰ্টছ বাইকক ফেৰ মাৰিব পাৰিব। বৰ্তমান electronic orange আৰু Ceramic White দুটা ৰঙত বজাৰত উপলব্ধ হ’ব এই বাইক খন । KTM1290 SUPER DUKEক শক্তিশালী আৰু অত্যাধুনিক ৰূপত সজাই পৰাই বজাৰত মুকলি কৰা হৈছে এই KTM125 DUKE । আকৰ্ষণীয় ডিজাইন, অত্যাধুনিক প্ৰযুক্তি তথা সা–সুবিধাৰে নিৰ্মিত এই বাইকখন এতিয়াৰে পৰা উপলব্ধ হব গুৱাহাটীৰ শ্ব’ৰুমত।ইয়াৰ ডিজাইন হৈছে অতি আকৰ্ষণীয় । কমৰ্ফটেবুল চিট, ডাঙৰ ষ্ট্ৰীল টাংকেৰে ই বাইকাৰচ সকলক দিব এক নতুন আমেজ। বাইকাৰচসকলৰ লগতে পেচেনজাৰৰ বাবেও বহা ছিট সুবিধাজনকভাৱে গঢ়ি তোলা হৈছে এই নতুন সংস্কৰণত।

ইয়াৰোপৰি টেংকৰ জোখ হৈছে ১৩.৫ লিটাৰ৷ duke 125ত WP Suspension ৰো নতুনকৈ আপগ্ৰেড কৰা হৈছে। সমগ্ৰ ভাৰতৰে বাইক ৰাই়ডাৰচ সকলক এই আপগ্ৰেডেড WP Suspensionয়ে পূৰ্বৰ তুলনাত নতুন অভিজ্ঞতা প্ৰদান কৰিব । বাইকখনৰ উদ্ধোধনী অনুষ্ঠাত উপস্থিত থাকি প্ৰতিষ্ঠানটোৰ সভাপতি Summet Narangয়ে সকলোকে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে । উল্লেখ্য যে,Ready to race এই দৰ্শনেৰে ১৯৫৩ চনৰ পৰা এতিয়ালৈকে ৬৬ টা বছৰত ৩০০ খনতকৈও অধিক বিশ্ব চেম্পিয়নশ্বিপত KTM ব্যৱহাৰ কৰা হৈছে । বৰ্তমান ২০১২ চনত ভাৰতত প্ৰৱেশ কৰাৰ পাছৰে পৰা এতিয়ালকৈ ভাৰতৰ ৩৬৫ খন চহৰ আৰু ৪৬০ টা শ্বৰূমত KTM উপলব্ধ । এই কম সময়ৰ ভিতৰতে KTMয়ে প্ৰায় ২.৭ লাখ গ্ৰাহকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

You might also like