কর্ণাটকত জিলেটিন ষ্টিক বিস্ফোৰণত ৬জনৰ প্রাণহানি

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ  কর্ণাটকৰ চিক্কাবল্লাপুৰ জিলাৰ হিৰেণাগাভালি গাঁৱৰ এক শিলৰ কোৱেৰীৰ সমীপত সংঘটিত জিলেটিন ষ্টিক বিস্ফোৰণত কমপক্ষেও ৬গৰাকী লোক নিহত হৈছে৷ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি এই বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে ইয়াৰ ফলত বাহন এখন সর্ম্পূণৰূপে ধ্বংস হয়৷

আনফালে, নিহত লোকসকলক চিনাক্ত কৰাও কঠিন হৈ পৰিছে৷ কালি পুৱাৰ ভাগতে সংঘটিত হৈছে এই শোকাৱহ দুর্ঘটনা৷ এই বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত দুজন লোকক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷

স্থানীয় সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি বাহনখনেৰে জিলেটিন ষ্টিকবোৰ কঢ়িয়াই নিয়াৰ সময়তে সংঘটিত হয় এই বিস্ফোৰণ৷ বিস্ফোৰণৰ কেইঘণ্টামানৰ পিছতে ঘটনাস্থলী পৰিদর্শন কৰে কর্ণাটকৰ স্বাস্থ্যমন্ত্রী কে সুধাকৰে৷ মন্ত্রীগৰাকীয়ে উল্লেখ কৰে যে অবৈধভাৱে বিস্ফোৰক সামগ্রী কঢ়িয়াই আনিছিল বাহনখনে৷ এই ঘটনাৰ সৈতে জড়িত লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলিও উল্লেখ কৰে সুধাকৰে৷