‘ছিকাৰা’ উপভোগ কৰি আৱেগিক এল কে আদৱানি, চাওক ভিডিঅ’

নিয়মীয়া বাৰ্তা,১০ ফেব্ৰুৱাৰীঃ কাশ্মীৰী পণ্ডিতৰ দুর্দশা আৰু গণপ্রব্রজনক লৈ বিধু বিনোদ চোপ্রাৰ নৱতম ছবি ‘ছিকাৰা’ উপভোগ কৰি আৱেগিক হৈ পৰা দেখা গ’ল জ্যেষ্ঠ বিজেপি নেতা এল কে আদৱানিক ৷ ছবিখনৰ বিশেষ প্রদর্শনী উপভোগৰ সময়ত আদৱানিৰ দুচকুৰে অশ্রু নিগৰি অহাৰ এটি ভিডিঅ’ ছ’চিয়েল মিডিয়াত আপলোড কৰিছে ছিকাৰা ছবিৰ পৰিচালক বিধু বিনোদ চোপ্রাই ৷ ‘ছিকাৰাৰ বিশেষ প্রদর্শনীত উপস্থিত থাকি এল কে আদৱানিয়ে আমাক ধন্য কৰিলে ৷ আপোনাৰ আশীর্বাদ আৰু প্রশংসাৰ বাবে আমি নিজকে ধন্য অনুভৱ কৰিছোঁ ৷’ ৪৮ ছেকেণ্ডৰ ভিডিঅ’টোৰ সৈতে পৰিচালকগৰাকীয়ে ছ’চিয়েল মিডিয়াত এই কথা উল্লেখ কৰে ৷ মন কৰিবলগীয়া যে যোৱা ৭ ফেব্রুৱাৰীত ছবিগৃহলৈ অহা ‘ছিকাৰা’ ছবিখনে প্রথম দুদিনতে ৩.০৫ কোটি উপার্জন কৰে ৷ টাইটানিকৰ পৰিচালক জেমছ কেমেৰুন আৰু বলীউডৰ তাৰকা আমিৰ খানেও ছবিখনক প্রশংসাৰে ওপচাই পেলাইছে ৷

Featured
Comments (0)
Add Comment