মেহবুবা মুফটিৰ সংগ এৰিলে তিনি নেতাই

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ: জম্মু–কাশ্মীৰৰ পিপুলছ ডেমক্রেটিক পার্টী (পিডিপি)ৰ মুৰব্বী মেহবুবা মুফটিয়ে কৰা মন্তব্যৰ বিৰোধিতা কৰি তিনিগৰাকী নেতাই দল ত্যাগ কৰিলে৷ টি এছ বাজৱা, বেদ মহাজান আৰু হুছেইন এ ৱাফাই  তেওঁলোকৰ পদত্যাগ পত্র পিডিপিৰ মুৰব্বী মেহবুবা মুফটিলৈ প্রেৰণ কৰিছে৷

নাগৰিক সুৰক্ষা আইন (পিএছএ) আইনৰ অধীনত ১৪ মাহ বন্দী হৈ থকাৰ পিছত মুকলি হোৱা পি ডি পিৰ মুৰব্বী মুফটিয়ে কেন্দ্রীয় চৰকাৰে সংবিধানৰ অনুচ্ছেদ ৩৭০ৰ বিলুপ্তি ঘটাই জম্মু–কাশ্মীৰৰ বিশেষ মর্যাদা কর্তন কৰি জম্মু–কাশ্মীৰ আৰু লাডাখ কেন্দ্রীয়শাসিত অঞ্চল হিচাপে গঠন কৰা সিদ্ধান্তৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰে৷ এই মন্তব্যই পদত্যাগী তিনি নেতাৰ দেশপ্রেমৰ মানসিকতাত আঘাত সনা বুলি দাবী কৰি মেহবুবা মুফটিৰ সংগ এৰিলে৷ জম্মু–কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্রী তথা পি ডি পিৰ মুৰব্বী মুফটিয়ে যোৱা ৫ আগষ্টত কেন্দ্রীয় চৰকাৰে সংবিধানৰ অনুচ্ছেদ ৩৭০ৰ বিলুপ্তি ঘটোৱা সিদ্ধান্তত অসন্তুষ্টি ব্যক্ত কৰি কেন্দ্রীয় চৰকাৰক ডকাইত বুলি আখ্যা দিছিল৷

তদুপৰি মুফটিয়ে জম্মু–কাশ্মীৰক পূর্বৰ মর্যাদা ওভতাই দিবলৈ দাবী জনাই আহিছে৷ উল্লেখ্য যে মুফটিৰ এই মন্তব্যক লৈ বিজেপিয়ে প্রতিবাদ সাব্যস্ত কৰি আছে কেন্দ্রীয়শাসিত অঞ্চলটোত৷ উল্লেখ্য যে কেন্দ্রীয় চৰকাৰৰ সিদ্ধান্ত প্রত্যাহাৰৰ দাবী জনাই জম্মু–কাশ্মীৰৰ ৰাজনৈতিক দলসমূহ একত্রিত হৈছে৷