ৰাজনীতিক–ব্যৱসায়ী আক্রমণৰ লক্ষ্য ডাউদৰ: নিয়া

নিয়মীয়া বাৰ্তা, ১৮জানুৱাৰী: ভাৰতৰ ম’ষ্ট ৱাণ্টেড গেংষ্টাৰ মুম্বাই আক্রমণৰ মাষ্টাৰ মাইণ্ড পলাতক ডাউদ ইব্রাহিমে দেশৰ বিশিষ্ট ৰাজনীতিক আৰু ব্যৱসায়ীক আক্রমণৰ বাবে বিশেষ দল গঠন কৰিছে৷ পাকিস্তানৰ প্রতিৰক্ষা প্রতিষ্ঠানৰ সমীপত স্বাভাৱিক জীৱন কটাই থকা দ্বিতীয়বাৰ বিবাহ–পাশত আবদ্ধ হোৱা গেংষ্টাৰ ডাউদৰ ভগ্ণী হাছিনা পার্কাৰৰ পুত্র আলি শ্বাহ পার্কাৰে নিয়াৰ সন্মুখত ভাৰতত ৰাজনীতিক–ব্যৱসায়ী আক্রমণৰ ব্লু–প্রিণ্ট ৰচা বুলি নিয়াৰ সন্মুখত স্বীকাৰোক্তি দিছে৷ ডাউদ ইব্রাহিমৰ ভগ্ণীৰ পুুত্রই এই তথ্য অৱগত কৰোৱাৰ পিছতে নিয়াই দেশৰ চোৰাংচোৱা সংস্থাকে ধৰি নিৰাপত্তা বাহিনীক সতর্ক কৰি দিছে৷ উল্লেখ্য যে ডাউদ ইব্রাহিমে প্রথম পত্নী মুজাবিন শ্বেখৰ সৈতে বিবাহ–বিচ্ছেদ কৰা বুলি বাতৰি চর্চিত হ’লেও সেয়া সত্য নহয় বুলি ভগ্ণীৰ পুত্রই নিয়াৰ আগত প্রকাশ কৰিছে৷ পাকিস্তানী পাঠান কন্যাক দ্বিতীয় বিবাহ কৰাই ডাউদ ইব্রাহিমে কৰাচীৰ আব্দুলা গাজী বাবা দৰগাহৰ পাছফালে ৰহিম ফাকীৰ প্রতিৰক্ষা প্রতিষ্ঠানৰ সমীপত বাস কৰি আছে৷